Posts
Showing posts from April, 2025
# *কাকপথাৰত আদিবাসী ছাত্ৰ সন্থা আছা’ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷*# *সদ্য প্ৰয়াত আদিবাসী নেতা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদিপ নাগৰ সোঁৱৰণত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷*# *কুমচাং চাহ বাগিছাৰ ৭ নম্বৰ লাইন খেল পথাৰত আদিবাসী ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিয়ে অনুষ্ঠিত কৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷*# *সদ্য প্ৰয়াত নেতা গৰাকীৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জনায় অনুষ্ঠানত উপস্থিত সকলোৱে ৷*# *ইয়াৰ পিছতেই প্ৰয়াত আদিবাসী নেতা গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰে ৷*# *আদিবাসী ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়াই মন্তব্য কৰে যে প্ৰয়াত নেতা গৰাকীৰ আধৰুৱা সংগ্ৰামখন তেওঁলোকে আদিবাসী ৰাইজৰ সহযোগত আগুৱাই নিব ৷
- Get link
- X
- Other Apps
ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত। অসম-অৰুণাচল সীমান্ত জাগুনৰ কথা চেমা গাঁৱত হাতী মানুহৰ সংঘাতৰ কৰুণ পৰিণতি।। হাতীৰ গছকত প্ৰাণ গল এগৰাকী মহিলাৰ।।মহিলা গৰাকীৰ নাম শোভা তামাং (৭৮)ঘৰ অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰত বুলি জানিব পৰা গৈছে।।জাগুনৰ কথা চেমাত নিজৰ আত্মীয় ঘৰত আলহী হৈ আহিছিল মহিলা গৰাকী।।ঘটনাস্থলীৰ আশে পাশে এইদৰে আজি বন্যহস্তীৰ বিচৰণ কৰা পৰিলক্ষিত হৈছে।
- Get link
- X
- Other Apps
মাৰ্ঘেৰিটাৰ লিডুত খিলঞ্জীয়া জনজাতি ৰাজ্যিক সন্মিলনৰ সংবাদমেল।ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি অজনজাতি লোকে বেদখল কৰাকলৈ সৰৱ খিলঞ্জীয়া জনজাতি সন্মিলন। আজি দিনজোৰা কাৰ্যসূচীৰে টিৰাপ স্বায়ত্ত্বশাসিত জিলা পৰিষদ দাবী সমিতিৰ উদ্যোগত আৰু মুংলাং খামতি বাসীৰ সহযোগত মাৰ্ঘেৰিটাৰ লিডুৰ মুংলাং খামতি গাঁৱত ৰাজ্যিক পৰ্য্যায়ৰ এখন খিলঞ্জীয়া জনজাতি অভিবৰ্তন অনুষ্ঠিত কৰা হয়।উক্ত অনুষ্ঠানত উত্তৰ পূৱাঞ্চলৰ বহু সংখ্যক খিলঞ্জীয়া জনজাতীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। সন্ধিয়া লিডুৰ মুংলাং খামতি গাঁৱত খিলঞ্জীয়া জনজাতি সন্মিলনৰ নেতৃত্বই এখন সংবাদমেল অনুষ্ঠিত কৰি অভিবৰ্তনৰ সন্দৰ্ভত সাংবাদিকৰ আগত সৱিশেষ অৱৰ্গত কৰে। ৰাজ্যিক অভিবৰ্তনত ১০ টাতকৈ অধিক সিদ্ধান্তত ঐক্যমত। জনজাতিলোকৰ অধিকাৰৰ সপক্ষে মাত মাতিব বাবে "জনজাতি সংগঠন সমূহৰ সমন্বয় সুৰক্ষা সমিতি,টিৰাপ" গঠন। টিৰাপ বেল্ট এণ্ড ব্লকৰ ভূমি অবৈধ বেদখল কাৰীৰ মুক্ত কৰাৰ, কথা ৰাজপৰিয়ালৰ ৩২ বিঘা ভূমি অবৈধ বেদখল কাৰীৰ পৰা মুক্ত কৰা, কল ইণ্ডিয়া মুক্ত খনন বন্ধ কৰা, ভূমি পুত্ৰ টাংছাসকলক সুৰক্ষা প্ৰদান কৰাকে ধৰি বহু কেইটা বিষয়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি অজনজাতি লোকে বেদখল কৰাকলৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ খিলঞ্জীয়া জনজাতি ৰাজ্যিক সন্মিলনৰ।ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি সুৰক্ষিত কৰিবলৈঐক্যবদ্ধ ভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আজি অভিবৰ্তনত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
- Get link
- X
- Other Apps