Skip to main content
Breaking news লিডু আৰক্ষীৰ বৃহৎ সাফল্য।বহু দিনৰ পৰা সাধাৰণ ৰাইজ মাজত হাহাকাৰ সৃষ্টি কৰি আৰক্ষী মূৰ কামুৰণি হৈ পৰা গভাইদ চোৰ আটক কৰিবলৈ সক্ষম লিডু আৰক্ষী। যোৱা কেইদিনৰ আগত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ চৌহদৰ পৰা চোৰে দিন দুপৰতে এখন চাইকেল চোৰ কৰাৰ পাছৰে পৰা অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। অৱশেষত আজি পুৱতি নিশা লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ ফুকনৰ নেতৃত্বত এটি আৰক্ষী দলে গোপন সুত্ৰৰ পম খেদি টিৰাপ কলিয়ৰীৰ পৰা গভাইত চোৰটোক আটক কৰিবলৈ সক্ষম হয়। চোৰটোৰ নাম শিৱ গোৱালা বুলি জানিব পৰা গৈছে। শিৱ গোৱালাৰ ঘৰ অৰুণাচল প্ৰদেশৰ নামচাইৰ বুলি জানিব পৰা গৈছে ।লিডু আৰক্ষীয়ে চোৰটোক লৈ অভিযান আৰম্ভ কৰে।অভিযানত চাইকেল খন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Popular posts from this blog
Comments
Post a Comment