২০১৯ লোক সভা নিৰ্বাচনৰ বাবে ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাৰ্ঘেৰিটাৰ পৰা ৰণ ডংকা বজালে অসম প্ৰদেশ কংগ্ৰেছে
আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা কংগ্ৰেছ ভৱনত তিনিচুকীয়া জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্য্যনিৰ্বাহক অনুষ্ঠিত কৰাৰ লগতে আগন্তক লোকসভা নিৰ্বাচনৰ পাৰম্ভিক প্ৰস্তুতি হিচাপে এই সভা অনুষ্ঠিত হয়। এই সভাত হৰিশ ৰাৱট, সাধাৰণ সম্পাদক নিখিল ভাৰত কংগ্ৰেছ কমিটি, তত্বাৱধায়ক অসম প্ৰদেশ কংগ্ৰেছ কমিটি, ৰিপুন বৰা, সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটি, দেৱব্ৰত শইকীয়া বিৰোধী দলপতি অসম বিধানসভা, প্ৰদ্যুৎ বৰদলৈ উপসভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটি অধ্যক্ষ মিডিয়া কোষ, অসম প্ৰদেশ কংগ্ৰেছ কমিটি। পৃথিৱী মাঝী, পৱন সিংহ ঘাটোৱাৰকে ধৰি বহু কংগ্ৰেছীয়ে উপস্থিত থাকে । বিজেপি চৰকাৰে হিচাপ দিয়ক, উত্তৰ দিয়ক , ভুৱা প্ৰতিশ্ৰুতি, ব্যৰ্থতা, দুৰ্নীতি আৰু জনবিৰোধী নীতি সন্দৰ্ভত এখন প্ৰচাৰ প্ৰস্তুকাও প্ৰকাশ কৰে।
Comments
Post a Comment