অ চি ভাস্কৰ কলিতাৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন দাখিল
উন্নত মানদণ্ডৰ আছিল বুলেটপ্ৰুফ জেকেট
News24ne Report:-তিনিচুকীয়া ২৩আগষ্টঃ--
নিম্ন মানদণ্ডৰ বুলেটপ্ৰুফ জেকেটৰ বাবে নহয়, বৰঞ্চ সঠিকভাৱে জেকেট পৰিধান নকৰাৰ বাবেহে আলফাৰ গুলীত মৃত্যুক সাৱতিব লগা হ'ল আৰক্ষী বিষয়া ভাস্কৰ কলিতাই । তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ সন্দৰ্ভত এই প্ৰতিবেদন দাখিল এজনীয়া বিচাৰ সমিতিৰ। অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ এজনীয়া তদন্ত সমিতিৰ প্ৰতিবেদনত স্পষ্ট ভাৱে উল্লেখ যে, ২০১২-১৩ চনত অসম আৰক্ষীক যোগান ধৰা বুলেট প্ৰুফ জেকেটৰ মানদণ্ডৰ ক্ষেত্ৰত সন্দেহ কৰিব লগা কোনো কাৰণ নাই। ৰাজ্যৰ বিভি্ন্ন আৰক্ষী থানাৰ পৰা 'টাটা এডভান্স মেটেৰিয়েলছ' নামত প্ৰতিষ্টানটোৱে যোগান ধৰা বুলেট প্ৰুফ জেকেটৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিছিল তদন্ত সমিতিয়ে। বুলেটপ্ৰুফ জেকেটৰ গুণগত মানদণ্ড পৰীক্ষাৰ ক্ষেত্ৰত ফায়াৰিং আৰু বেলেষ্টিক টেষ্ট কৰাৰ কথা উল্লেখ কৰা হৈছে প্ৰতিবেদনত। কেৱল ইমানেই নহয়, জেকেটৰ গুণগত মানদণ্ড পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰা হৈছিল চণ্ডিগড়স্থিত কেন্দ্ৰীয় ফৰেন্সিক বিজ্ঞানাগৰলৈও।
তদন্তকাৰী বিষয়াগৰাকীয়ে প্ৰতিবেদনত এইবুলিও উল্লেখ কৰিছে যে, ১০ মিটাৰ দূৰত্বৰ পৰা অহা বুলেট প্ৰতিহত কৰিব পৰা ক্ষমতা আছে জেকেটটোৰ। কিন্তু ভাস্কৰ কলিতাৰ ক্ষেত্ৰত শূণ্য দূৰত্বৰ পৰা গুলীবৰ্ষণ হোৱাৰ বাবেই মৃত্যু হোৱাৰ আশংকাৰ কথাও উল্লেখ কৰা হৈছে প্ৰতিবেদনত। ভাস্কৰ কলিতাৰ মৃত্যুৰ পাছৰে পৰা বুলেটপ্ৰুফ জেকেট বিহংগতি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। এই প্ৰতিবেদনৰ পাছত ভাস্কৰ কলিতাৰ পত্নী তথা অন্যান্য দল সংগঠনে কেনে ধৰনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইয়া লক্ষনিয় হ'ব।
Comments
Post a Comment