পিয়াহত বটলৰ এটুপী পানীয়ে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে মাৰাত্মক ৰুগ। তেনেএক চাঞ্চল্যকৰ ঘটনাই মাৰ্ঘেৰিটা ধৰা পৰিছে। মিনাৰেল ৱাটাৰ নামত অসমত ব্যৱহায়ী কৰি থকা একাংশ পেকেজিং পানী কোম্পানীয়ে জনস্বাস্থ্যৰ প্ৰতি পিঠি দি ভয়াবহ ৰূপত মানুহৰ জীৱনৰ লগতে খেলা কৰাৰ অভিযোগ উঠিছে। বিছলেৰী ইণ্টানেচনেল প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ মিনাৰেল ৱাটাৰ বটলৰ ধৰা পৰিছে এই বিহংগতি। এই কোম্পানীটোড উজনি অসমৰ ডিব্ৰুগড়ৰ ধেকেৰিগাওঁ বানপুৰ লাহুৱাল স্থিত "ভিজন ফুড এণ্ড বেভেৰেজ" পেকেজিং দায়িত্ব থকা এই বহুজাতিক কোম্পানীটোৱে ২০১৮ বৰ্ষৰ জুন মাহতে পেকেজিং কৰা মিনাৰেল ৱাটাৰ পানীৰ বটল সমূহত দুৰ্গন্ধ পোৱা গৈছে। এই সম্পৰ্কে বিভিন্নজনে কোম্পানীটোক অৱগত কৰিছিল যদিও ইয়াৰ পাছতো তিনিচুকীয়া জিলা খনৰ লগতে মাৰ্ঘেৰিটা মহকুমাটোত ব্যাপক ৰূপত বিক্ৰী অব্যাহত ৰাখিছে। পানী বটল এনেধৰনৰ ৰাসায়নিক দুৰ্গন্ধ জিলা খনৰ ডুমডুমাটো ধৰা পৰিছিল । এই ৰাসায়নিক দুৰ্গন্ধ পানী সতেজ কৰি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্যও অধিক পৰিমানৰ থকাৰ বাবে এই দুৰ্গন্ধ বাহিৰ হৈছে বুলি মত ব্যক্ত কৰিছে একাংশ সচেতন লোকে। এই ক্ষেত্ৰত উচ্চ পৰ্য্যায়ৰ এক তদন্ত কৰি এই পানী কোম্পানীটোৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন হৈছে। এই ক্ষেত্ৰত খাদ্য ও স্বাস্থ্য সুৰক্ষা বিভাগ সমূহে কেনেধৰণত ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষনিয় হ'ব। উল্লেখযে বৰ্তমানেও তিনিচুকীয়াৰ লগতে মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন দোকানত উভনদী হৈ আছে এই বিষাক্ত বিছলেৰি মিনাৰেল ৱাটাৰ ।
Comments
Post a Comment