চীনৰ পৰা চাংপোৰে নামিছে বৃহৎ ধল
অসম- অৰুণাচল প্ৰদেশলৈ ভাবুকি, ধেমাজিত প্ৰশাসনৰ বৈঠক
কেৰেলাৰ পাছতে অসমতো হ'ব পাৰে মহাপলয়।
চীনৰ পৰা চাংপোৰে নামিছে বৃহৎ ধল
অসম- অৰুণাচল প্ৰদেশলৈ ভাবুকি, ধেমাজিত প্ৰশাসনৰ বৈঠক
৩০আগষ্টঃ- কেৰেলাৰ পাছতে অসমতো হ'ব পাৰে মহাপলয়। প্ৰচণ্ড ভাবুকি কঢ়িয়াই চাংপোৰ পানীয়ে অসম তথা অৰুণাচলৰ বৃহৎ অঞ্চলত বানপানীৰ সৃষ্টি হোৱাৰ সম্ভৱনাই দেখা দিছে। বেইজিঙৰ এক বাৰ্তাক লৈ এতিয়া হাহাকাৰ লাগিছে অসম আৰু অৰুণাচল প্ৰদেশত । কাৰণ ৫০ বছৰৰ পিচত চাংপোত ভয়াৱহ ধল নামিছে । প্ৰতি ছেকেণ্ডত চাংপোৰে বৈছে ৯,০২০ ঘন মিটাৰ পানীৰ ধল । কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰালয়ে চীন চৰকাৰৰ পৰা এই সন্দৰ্ভত আনুষ্ঠানিক তথ্য পোৱাৰ পাচতে অৰুণাচল আৰু অসম চৰকাৰলৈ জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে । অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ উপায়ুক্তই চিয়াং নদীৰ পাৰৰ ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱাৰ সময়তে বৃহস্পতিবাৰে ধেমাজিত জিলা উপায়ুক্তৰ সভাকক্ষতো এখন জৰুৰী বৈঠকৰ আহ্বান কৰা হয় । কাৰণ যিকোনো মুহূৰ্তত পানীৰ ধল ব'ব পাৰে চিয়াং তথা মহাবাহু ব্ৰহ্মপুত্ৰইদি । পুৱা ১১ বজালৈ পোৱা তথ্য অনুসৰি অৰুণাচলৰ মিয়াও ,পাচিঘাটৰ লগতে অসমৰ ডিব্ৰুগড় , মাৰ্ঘেৰিটা , খোৱাং ইত্যাদি অঞ্চলত বিপদসীমাৰ প্ৰায় সমান্তৰালকৈ বৈছে চিয়াং তথা ব্ৰহ্মপুত্ৰৰ পানী । উদ্বেগজনক কথাটো হ'ল যে এই জলস্তৰ ক্ৰমাত উৰ্দ্ধগামী হৈ আছে । চীন প্ৰশাসনে নতুন দিল্লীক জনোৱা অনুসৰি প্ৰৱল বৃষ্টিপাতৰ ফলত চাংপোৰ জলস্তৰ ভয়াৱহ হাৰত বৃদ্ধি পাইছে । যদি সেয়াই হয় অসম আৰু অৰুণাচল প্ৰদেশৰ বাবে ই এক প্ৰচণ্ড ভাবুকি । বিষয়টো সন্দৰ্ভত ৰাজ্যৰ জল সম্পদ বিভাগেও ৰাখিছে তীক্ষ্ন দৃষ্টি । উল্লেখ্য যে , কিছুদিন পূৰ্বে চিয়াংত উঠা সাগৰ সদৃশ অস্বাভাৱিক ঢৌৰ কাৰণো যে চীনত হোৱা প্ৰৱল বৃষ্টিপাত সেয়াও এতিয়া স্পষ্ট হৈছে ।
Comments
Post a Comment