অসম ৰাইফলছে আৰু নামপং গাওঁবাসীৰ মাজত উত্তপ্ত পৰিস্থিতি
News24Ne Report
চাংলাং ২৩আগষ্টঃ-
১৩নং অসম ৰাইফলছে দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপং গাৱঁৰ ৰাইজক উগ্ৰপন্থী বিচৰাৰ নামত শাৰীৰিক মানসিক শাস্তী দিয়া অভিযোগ উত্থাপন হৈ আহিছে। কালি নামপঙৰ গাওঁবাসীয়ে ভাৰতীয় সেনা বাহিনীৰ ১৩নং অসম ৰাইফলছে এটা দলক গাওঁখনক অবদ্ধ কৰি গাওঁবাসী ওপৰত চলাই অহা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে। সেনাৰ লগত একাংশ গাওঁবাসীয়ে হতাহতিটো লিপ্ত হয়। ইয়াকে লৈ অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । স্থানীয় অৰুণাচলী আৰক্ষী আৰু প্ৰশাসনৰ লোক ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি শান্ত কৰিবলৈ চেষ্টা কৰে যদিও স্থানীয় গাওঁবাসীৰ ওপৰত সেনাই অনাগত দিনত যাতে এনে পৰিস্থিতি সৃষ্টি নকৰে তাৰ আশ্বাস দিয়াত হে এই উত্তেজনা পূৰ্ণ পৰিবেশৰ শাম কাটে ।
Comments
Post a Comment