লেখাপানীত লাক্ষাধিক মূল্যৰ মূল্যৱান চোৰাং কাঠ জব্দ
,২৫আগষ্টঃ--তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানীত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত অন্তৰ্গত লেখাপানী টিৰাপ আৰু টিপং সংৰক্ষিত বনাঞ্চলৰ চোৰাং কাঠ মাফিয়াই অবাধ বব ধ্বংস অভিযান অব্যাহত ৰখাৰ সময়তে আজি লেখাপানী আঞ্চলিক বনবিষয়া কাৰ্যালয়ৰ বনবিভাগৰ দলে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। বন বিভাগৰ দলটোৱে টিৰাপ নৈৰ ফুলবাৰী ঘাটিৰ সমীপত চোৰাং কাঠ মাফিয়াই লুকুৱাই ৰখা ২০০ চি এফ টিৰো অধিক হাতে ফলা চাম কাঠ জব্দ কৰে। ইপিনে চোৰাং কাঠখিনি বোজাই কৰিবলৈ নিয়া গাড়ীসহ চোৰাং কাঠ মাফিয়াই বন বিভাগৰে অভিযানৰ বিষয়ে অৱগত হৈ পলাই যাবলৈ সক্ষম হয়। জব্দ কৰা চোৰাং কাঠখিনিৰ মূল্য ডেৰ লক্ষাধিক টকা হব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ

Comments
Post a Comment