এগৰাকী কিশোৰীক প্ৰেমৰ সম্পকে মাজত আবদ্ধ কৰি শাৰীৰিক সম্পৰ্ক স্থাপনেৰে মাতৃত্বৰ বুজা
মাৰ্ঘেৰিটা ৩১ আগষ্টঃ- এগৰাকী কিশোৰীক প্ৰেমৰ সম্পকে মাজত আবদ্ধ কৰি শাৰীৰিক সম্পৰ্ক স্থাপনেৰে মাতৃত্বৰ বুজা জাপি দিয়াত ১৫বছৰীয়া কিশোৰীগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। সেই পুত্ৰ সন্তানটি বিবাহীত প্ৰেমীকে নিজৰ নহয় বুলি কোৱাত কিশোৰী গৰাকীৰ দেউতাকে আন এজন লোকক তিনিদিনীয়া শিশুটোক তুলি লবলৈ দিয়াৰ খবৰ বিয়পি পৰাৰ পাছতে স্থানীয় মহিলা সমিতিৰ অভিযোগৰ ভিত্তিত মাৰ্ঘেৰিটা আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি অভিযুক্তক নিজৰ জিমাত লোৱা এক ঘটনা সংঘটিত হৈছে আজি মাৰ্ঘেৰিটাত৷ প্ৰাপ্ত খবত অনুসৰি মাৰ্ঘেৰিটা নামদাং অঞ্চলৰ অজয় তাঁতী নামৰ এজন ভণ্ড প্ৰেমীকে প্ৰথমে প্ৰেম মায়াজালত আবদ্ধ কৰি এগৰাকী ১৫ বছৰীয়া কিশোৰীক মাতৃত্বৰ বুজা জাপি দিয়াৰ পাছত জন্ম হোৱ পুত্ৰ সন্তানটো আৰু মাতৃৰ দায়িত্ব লোৱাৰ পৰা আঁতৰি থাকিব বিছৰাত স্থানীয় মহিলা সমিতিয়ে মাৰ্ঘেৰিটা আৰক্ষী থানাত দিয়া গোচৰ ভিত্তিত ভণ্ড প্ৰেমীক বিবাহিত এজনী ছোৱালীৰ দেউতাক অজয় তাঁতীক গোচৰ ৰুজু কৰি নিজৰ জিমাত লৈছে৷ ১৫ বছৰ বয়সতে কিশোৰী মাতৃত্বৰ বুজা লবলগা হোৱা মাতৃ গৰাকীক চিকিৎসাৰ ব্যৱস্থা ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে কৰিছে৷ এই ঘটনাই মাৰ্ঘেৰিটাৰ নামদাং অঞ্চলত চেপা উত্তাজনাৰ সৃষ্টি হৈছে৷
Comments
Post a Comment