জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শক্তিশালী সংগ্ৰামী নেতা সলিল নেওগ আৰু নাই
২২আগষ্টঃ- অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি, উজনি অসমৰ জাতীয়তাবাদী শিবিৰ শক্তিশালী নেতা সলিল নেওগ(৪২) আৰু নাই। কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা নেওগক হায়দ্রাবাদৰ এখন চিকিৎসালয়লৈ নিয়া হৈছিল যদিও আজি দিনৰ ১ঃ৩০ বজাত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে। মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সম্পাদক ৰাণা জ্যোতি নেওগৰ জ্যেষ্ঠ ভাতৃ সলিল নেওগৰ মৃত্যুত তিনিচুকীয়া জিলা খনৰ লগতে সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময় পত্নী পুত্ৰ, কন্যাৰ লগতে বহুকেইজন আত্মীয়-কটুম্বক ইহ সংসাৰত এৰি থৈ যায়। সলিল নেওগৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ, মাৰ্ঘেৰিটা সাংবাদিক সংস্থা, নেৰ্চাচ বেকন, বাৰ্তাজীৱী সংঘ, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ, তিনিচুকীয়া জিলা সাংবাদিক সন্থা, আছা আঞ্চলিক সমিতি লগতে বহু কেইটা দল সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। কাইলে লিডু শেষকৃত্য সম্পন্ন কৰা হ'ব ।

Comments
Post a Comment