মাৰ্ঘেৰিটাৰ নাৰী সৰহবৰাহকাৰী চক্ৰ উৎখাত
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডু ৰেল স্টেচনৰ পৰা আদিবাসী ছাত্ৰ সন্থাই আৰক্ষী আৰ পি এফৰ সহযোগত তিনি গৰাকী যুৱতী সহ এজন নাৰী সৰবৰাহকাৰীক আটক কৰে ।
মাৰ্ঘেৰিটাৰ লিডু ৰেল স্টেচনৰ পৰা আদিবাসী ছাত্ৰ সন্থাই আৰক্ষী আৰ পি এফৰ সহযোগত তিনি গৰাকী যুৱতী সহ লিডু বিচা গাৱঁৰ হেমন্ত শৰ্মা নামৰ এজন নাৰী সৰবৰাহকাৰীক আটক কৰে । যুৱতী তিনি গৰাকী মাৰ্ঘেৰিটাৰ কেতেটঙৰ হাৱৈ পথাৰৰ । দিল্লীত চাকৰি দিয়াৰ উদ্দেশ্যত লৈ যোৱাৰ কথা স্বীকাৰ কৰিছে অভিযুক্ত হেমন্ত শৰ্মাই ।
ইয়াৰ বিপৰীতে আদিবা সী ছাত্ৰ সন্থাই নাৰী ব্যৱসায়ত জড়িত কৰাৰ উদ্দেশ্যতে যুৱতী তিনি গৰাকীক লৈ যোৱা বুলি সন্দেহ ব্যক্ত কৰিছে । এই দৰে পূৰ্বতে ও চাকৰি আৰু বেছি দৰমহাৰ প্ৰলোভনৰে দৰিদ্ৰ পৰিয়ালৰ যুৱতীক লৈ গৈ দেহ ব্যৱসায়ত জড়িত কৰাৰ অভিযোগ কৰিছে সংগঠনটোৱে ।
Comments
Post a Comment