কাকপথাৰ,, অসম অৰুণাচল সীমান্তৰ ডিৰাক গেটত চাৰিজনকৈ সন্দেহজনক নাগৰিকক আটক কৰা হৈছে ৷ অসম জাতীয়াতাবাদী যুৱ ছাত্ৰ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ কৰ্মকতাই গেটত সন্দেহজনকভাবে ঘুৰি ফোৰা যুৱক কেইজনক ধৰি সোধাপোছা কৰাত তেওলোকৰ নঠি পত্ৰ পৰীক্ষা কৰাত জোলোঙাৰ মেকুৰী উলাই পৰে ৷ কৰিমগঞ্জ জিলাৰ পৰা অহা ব্যক্তিকেইগৰাকী কামৰ বাবে অৰুণাচল প্ৰদেশলৈ আহিছিল বুলি জানিবলৈ দিয়ে ৷ মুঠ ছয় গৰাকী পুৰুষ মহিলা ভিতৰত দুগৰাকী অৰুণাচল প্ৰদেশত প্ৰবেশ কৰিবলৈ সক্ষম হয় যদিও চাৰিগৰাকী আটক হোৱা ঘটনাই অঞ্চল বিলাকত যে অবৈধ নাগৰিকৰ প্ৰবেশ ঘটিছে তাকে প্ৰমাণ কৰিছে ৷ উল্লেখ্য যে অৰুণাচল প্ৰদেশত প্ৰবেশৰ বাবে সাধাৰণ লোকৰ প্ৰবেশ মুল্য পঞ্চাছ টকা হয় যদিও এনে ধৰণৰ অবৈধ নাগৰিকে মাত্ৰ দহ টকা দিয়েই প্ৰবেশ কৰে বুলি জানিব পৰা গৈছে ৷ যুৱ ছাত্ৰ পৰিষদে আটক কৰা সন্দেহজনক ব্যক্তি গৰাকী বৰ্তমান বৰডুমচা আৰক্ষী থানাত সোধাপোছা কৰি আছে বুলি জানিবলৈ দিছে ৷ ইয়াৰ আগতেও উক্ত সীমান্ত তালাচী চকীখনত অবৈধ নাগৰিকক আটক কৰি আৰক্ষী থানাত চমজাই দিয়াৰ নজিৰ আছে ৷ কিন্টু শেষত সেইসকল নাগৰিকক কত লৈ যোৱা হয় সেইয়া হে জনা নাযায় বুলি মন্তব্য কৰে যুৱ ছাত্ৰৰ কৰ্মকতাই ৷

Comments
Post a Comment