Jagun, Vehicle thief Apprehended
তিনিচুকীয়া জিলাৰ অন্তৰ্গত জাগুন আৰক্ষীয়ে এখন চুৰি মাৰুটি ভান । জাগুনৰ আৰু অৰুণাচল দিহিং নদী ঘাটৰ পাৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় মাৰুটি ভান খন । উল্লেখ্য যে যোৱা দেওবাৰে পিছনিশা নাহৰকটিয়া জয়পুৰ তাতিপথাৰ প্ৰদূন্য দেৱ নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা মাৰুটি ভান খন চোৰে চুৰি কৰি নিয়ে। গাড়ীখনৰ মালিক প্ৰদুন্য দেৱে গাড়ীখন বিচাৰি নোপোৱাত তেওঁলোকে স্থানীয় আৰক্ষী থানাত গাড়ীখন হেৰুৱাৰ সন্দৰ্ভত এজাহাৰ দিয়ে । আজি জাগুন থানাৰ আৰক্ষী চকীৰ এটি দলে মাৰুটি ভান খনৰ সহ ৰঞ্জিত গগৈ (২৬) আৰু গবিন্দ গগৈ (২৮) নামৰ চুৰক আটক কৰিবলৈ সক্ষম হয় । ধৃত দুই চোৰৰ ঘৰ ক্ৰমে ডিব্ৰুগড় জিলাৰ ভাদৈ পাঁচ আলি আৰু নাহৰকটীয়া জয়পুৰৰ বাঘমৰাত বুলি আৰক্ষীৰ লোকে সাংবাদিকক জানিবলৈ দিয়ে। ইফালে উদ্ধাৰ কৰা মাৰুটি ভান খনৰ পঞ্জিয়ন নম্বৰ প্লেটখন খুলি পেলাই দিয়াৰ লগতে গাড়ী খনৰ গ্লাছ সমূহো ভাঙি পেলোৱা অৱস্থাত জাগুন আৰক্ষীয়ে গাড়ীখন উদ্ধাৰ কৰে। বৰ্তমান জাগুন আৰক্ষীয়ে ধৃত চোৰকেইটাক জাগুন চৰকাৰী চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাই ডিব্ৰুগড় জিলাৰ অন্তৰ্গত জয়পুৰ থানাৰ আৰক্ষী এটি দলক গতাই দিয়ে।
Comments
Post a Comment