দুলীয়াজানত ৰন্ধন গেছৰ তীব্ৰ নাটনিৰ আশংকা
আজি ৫ দিনে যোগান বন্ধ এল,পি,জি চিলিণ্ডাৰ ব্যাহত ৰাজ্যৰ ৬ টাকৈ ৰন্ধন গেছৰ প্ৰকল্পৰ চিলিণ্ডাৰ সৰবৰাহ
সমগ্ৰ দেশৰ লগতে উজনি অসমৰ দুলীয়াজানত থকা ৰন্ধন গেছ বটলিং প্লান্ত টু আজি ৫ দিনে যোগান বন্ধ হৈ পৰাত পৰিবহন চালক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।উল্লেখযোগ্য যে দীৰ্ঘ দিন ধৰি নৰ্থ ইষ্ট পেকেড এল ,পি ,জি, ট্ৰেন্সপতাৰ ইউনিয়নৰ আহ্বানত যোৱা ১০ ছেপ্টেম্বৰ ২০১৮ তাৰিখৰ পৰা আই , অ ,চি ,এল কৰ্তৃপক্ষই কৰি অহা বঞ্চনা আৰু শোষণৰ প্ৰতিবাদতে এই পৰিবহণ বন্ধৰ আহ্বান জনাইছে।
অন্যহাতেদি এই বন্ধৰ ফলত দুলীয়াজান আৰু ইয়াৰ কাষৰীয়া অঞ্চল সমূহত এতিয়া ৰন্ধন গেছৰ নাটনিয়ে দেখা দিয়া পৰিলক্ষিত হৈছে ।
তাৎপৰ্যপূৰ্ণ বিষয় যে এই এল পি জি বাহন সমূহ চলোৱা চালক সকলে কি কাৰণে তেওঁলোকৰ বাহন সমূহ বন্ধ কৰিব লগীয়া হৈছে সেইয়া নজনাটোৱে চালক সকলক বিপাঙত পেলাইছে ।
দুলীয়াজানৰ পৰা দুলাল চন্দ্ৰ গগৈ NEWS24ne
Comments
Post a Comment