পৰিবৰ্তনৰ শ্ল'গানেৰে শাসনৰ গাদীত আৰোহণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসনকাল দুবছৰো অধিক হল যদিও আজিওঁ পৰিবৰ্তন নহল বাট পথৰ । মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিভিন্ন জৰাৰ্জীৰ্ণ বাট পথৰ দাবীত আজি যুৱ ছাত্ৰ পৰিষদে ভুক্তভোগী ৰাইজৰ সহযোগত ধৰ্ণা কাৰ্যসূচীৰে উত্তাল কৰে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয় ।
অসম চৰকাৰ হায় হায় স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ শ্লগানেৰে মুখৰিত হল আজি মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ কাৰ্যালয় । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত পালিত হয় এই প্ৰতিবাদী কাৰ্যসূচী । মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিভিন্ন পন্ঞ্চায়তৰ লগতে বিশেষকৈ ইনথেম গাওঁ পন্ঞ্চায়তৰ জৰাৰ্জীণ বাট পথ সমূহ নিৰ্মাণৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী ।
Comments
Post a Comment