আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত ডিৰাক গেটত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিকী চেক গেট।
কাকপথাৰ ২২ ছেপ্তেম্বৰ:-অসমত আন্ত:ৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,তিনিচুকীয়া জিলা সমিতিয়ে কাকপথাৰ অাঞ্চলিক সমিতিৰ সহযোগত অাজি দিনৰ ১১ বজাৰ পৰা তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ ডিৰাক গেটত এক প্ৰতিকী প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে ৷প্ৰতিকী প্ৰতিবাদী কাৰ্যসুচী ৰূপায়নৰ কৰা যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মকৰ্তাই চৰকাৰ বিৰোধী শ্লগানেৰে ডিৰাক সীমান্ত অঞ্চলৰ পৰিবেশ উত্তাল কৰি তোলে। অসমত অান্ত:ৰাজ্যিক পাৰ পত্ৰ প্ৰবৰ্তন কৰক,অসম চৰকাৰ হায় হায়,নৰেন্দ্ৰ মোডী গ'বেক,সৰ্বানন্দ সোণোৱাল গ'বেক অাদি প্ৰতিবাদী শ্লগানেৰে অঞ্চলটোৰ অাকাশ বতাহ কপাই তোলে।ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ লগতে অসমত আন্ত:ৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত যুৱ ছাত্ৰ পৰিষদে চলিত বৰ্ষত কেইবাটাও প্ৰতিবাদী কাৰ্যসূচীৰ লগতে প্ৰতিখন জিলাত নাগৰিক সভা অনুষ্ঠিত কৰি আহিছে৷ উল্লেখযোগ্য যে বৃটিছ শাসনৰ কালচোৱাত ভাৰত চৰকাৰৰ ""ইষ্টাৰ্ণ বেংগল ফ্ৰন্টিয়াৰ ৰেগুলেছন এক্ট ১৮৭৩" প্ৰৱৰ্তন কৰি কামৰূপ,দৰং,শিৱসাগৰ,নগাঁও,লখিমপুৰ,গাৰোপাহাৰ,খাছী আৰু জয়ন্তীয়া পাহাৰ,নগা পাহাৰ আদি সামৰি আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তন কৰিছিল ৷ কিন্তু ভাৰত স্বাধীন হোৱাৰ পাছত ১৯৫০ চনত এই আইন সংশোধন কৰি অসমৰ পৰা এই আইন প্ৰত্যাহাৰ কৰি বিদেশীৰ চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিছিল ৷জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদে দীৰ্ঘদিনৰ পৰা এই আইন অসমত পুনৰ প্ৰৰ্ৱতন কৰি অসমৰ জনগাঁঠনিলৈ অহা ভয়ংকৰ পৰিস্থিতি ৰোধ কৰিবলৈ সংশ্লিষ্ট পক্ষক দাবী জনাই অহা স্বত্তেও আজিৰ তাৰিখলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে অাজি ডিৰাক সীমান্তৰ পৰা পুণৰ এলানি প্ৰতিবাদী কাৰ্যসুচী গ্ৰহন কৰিছে।
Comments
Post a Comment