মাৰ্ঘেৰিটাত চুৰি কাণ্ড
৩ ছেপ্টেম্বৰ - মাৰ্ঘেৰিটা হিলভিউ জয়া ঘাটত দেওবাৰে নিশা সংঘটিত হল চুৰি কাণ্ড। গৃহস্থৰ ঘৰৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি নিলে লক্ষাধিক টকাৰ আ-অলংকাৰ লগতে মূল্যৱান সামগ্ৰী। একাংশ সন্দেহজনক বিদেশী লোকে কিছুদিনৰ পৰা বাহৰ পাতি থাকি এনে চুৰি কাণ্ড সংঘটিত কৰি আহিছে বুলি সন্দেহ কৰিছে গৃহস্থই
মাৰ্ঘেৰিটা হিলভিউ জয়া ঘাট নিৱাসী ছেকু ৰহিমোদ্দিন আহমেদ নামৰ ব্যক্তিজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ দেওবাৰে নিশা চুৰি কাণ্ড সংঘটিত হয়। ঘৰৰ কেইবাটাও তলা আৰু গুডৰেজৰ তলা ভাঙি ধন আৰু আ-অলংকাৰ চুৰি কৰি লৈ যায়। ঘৰৰ লোক সকলে মাৰ্ঘেৰিটাৰ পৰা শিৱসাগৰৰ পৰিয়লাৰ লোকৰ ঘৰলৈ দিনৰ ভাগতে গৈছিল আৰু নিশা পলম কে ঘৰত উপস্থিত হোৱাত গৃহস্থই ঘৰত চোৰে লক্ষাধিক টকাৰ আ-অলংকাৰ লগতে মূল্যৱান সামগ্ৰী চুৰি কৰি লৈ যোৱাৰ বিষয়ে গ'ম পায়। মাৰ্ঘেৰিটা হিল্লভিও এলেকাত একাংশ সন্দেহজনক বিদেশী লোকে কিছুদিনৰ পৰা বাহৰ পাতি থাকি এনে চোৰি কাণ্ড সংঘটিত কৰি আহিছে বুলি সন্দেহ কৰিছে গৃহস্থয়।
Comments
Post a Comment