মাৰ্ঘেৰিটাত পৰিত্যক্ত অৱস্থাৰ পৰি থকা মৃণ্ময় মূৰ্তি বিসৰ্জন
মাৰ্ঘেৰিটা 22ছেপ্টেম্বৰঃ- মাৰ্ঘেৰিটাৰ অঞ্চলৰ কেইগৰাকীমান সমাজ সচেতন ব্যক্তিৰ উদ্যোগত মাৰ্ঘেৰিটা মহকুমাৰ পাৱৈৰ পৰা বৰগোলাই অঞ্চলৰ এলেকাৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে পৰিত্যক্ত অৱস্থাত থকা শতাধিক দেৱ-দেৱীৰ মূৰ্তি (পূজাৰ পাছত বিধিসন্মত ভাৱে বিসৰ্জন নিদি পথৰ কাষত পেলাই থোৱা ) সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে ট্ৰাকত সংগ্ৰহ কৰি মাৰ্ঘেৰিটা বুঢ়ীদিহিং নৈত বিসৰ্জন দিয়া হয়৷ মলয় চক্ৰবৰ্তী, উত্তম ভট্ৰাচাৰ্জী, বিৰেণ ৰায়, কানু দত্ত, হৰেন শইকীয়া, দিগন্ত গোহাঁই, দিলীপ দত্ত সহ কেইবাজনো স্বেচ্ছাসেৱী সমাজ সচেতন ব্যক্তিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে মূৰ্তিসমূহ সংগ্ৰহ কৰাৰ লগতে স্থানীয় ৰাইজক এই ক্ষেত্ৰত সহযোগিতা আহ্বান কৰি পথৰ ওপৰত পথ সভা অনুষ্ঠিত কৰি বিশেষতঃ হিন্দু ধৰ্মাৱলম্বী ৰাইজক দেৱ দেৱীৰ পূজাৰ অন্তত প্ৰতিমাসমূহ উপযুক্ত স্থানত বিসৰ্জন নিদি পথৰ দাঁতিত, দলঙৰ কাষত আনকি জাবৰ-জোঁথৰ, মল-মূত্ৰৰে ভৰা ঠাইত পেলাই থোৱাৰ কু-প্ৰথা বা পৰম্পৰাৰে আধ্যাত্মিক ভাৱা সম্পন্ন লোকৰ অনুভূতিক আঘাত নাসানিবলৈ তথা এনে দৃশ্যকুট কামেৰে পৰিবেশ কলুষিত নকৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়৷
Comments
Post a Comment