৬ছেপ্টেম্বৰঃ- তিনিচুকীয়াৰ জিলাৰ লেখাপানীত আজি আৰক্ষীয়ে অভিযান চলাই এটা ড্ৰাগছ ব্যৱসায়ী আটক কৰে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী জনৰ নাম প্ৰেম সোনাৰ (৩৩) বুলি জানিব পৰা গৈছে । ড্ৰাগছ ব্যৱসায়ী প্ৰেম সোনাৰৰ পৰা ৩৪ গ্ৰাম হেৰ’ইনৰ সহ লেখাপানীৰ থানাৰ অন্তৰ্গত তিনি মাইলৰ পৰা আটক কৰে লেখাপানী আৰক্ষীয়ে৷ ধৃত ব্যৱসায়ী জনৰ বিৰুদ্ধে নিচাযুক্ত আইনৰ অধিনৰ ধাৰাত এক গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ যে মাৰ্ঘেৰিটা মহকুমাত ড্ৰাগছ-কানীৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে । জিলাখনৰ মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী থানাৰ অন্তৰ্গত উলুপ,ইনথেম,নগাপথাৰ, লালমাটি, ব্ৰহ্মাজান, কেতেতং আদি অঞ্চলত মাৰাত্মক ড্ৰাগছৰ কৱলত পৰিছে একাংশ যুৱক। এই অঞ্চল সমূহৰ একাংশ লোকেই স্থানীয় প্ৰশাসনক "মেনেজ" কৰি অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। ইয়াৰো পৰি মাৰ্ঘেৰিটা, লিডু, জাগুন, লেখাপানী আদি অঞ্চল সমূহতো মাৰাত্মক ড্ৰাগছৰ সমান্তৰালকৈ এচাম অসাধু কুখ্যাত বেপাৰীয়ে অব্যাহত ৰাখিছে কানি-গাঞ্জাৰ ৰমৰমীয়া বেহা। মাৰ্ঘেৰিটা মহকুমাকে ধৰি তিনিচুকীয়া জিলাৰ বিভাগীয় কৰ্তৃপক্ষৰ সোপাঢিলা নীতিৰ সুযোগ গ্ৰহণ কৰি এই সকল সমাজ বিৰোধী ধুৰন্ধৰ প্ৰকৃতিৰ লোকে মাৰাত্মক ড্ৰাগছ, কানি-গাঞ্জাকে ধৰি নিচা জাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা উলুপ, কেটেটং, বৰফাকিয়াল, বাঁহবাৰী, বিচা, মৌংলাং খামটি, কথা, জাগুন, বৰগোলাই, মাৰ্ঘেৰিটা এ পি অ কলনিকে ধৰি আদি অঞ্চল সমূহত এতিয়া মুক্ত ৰূপত নিচা জাতীয় দ্ৰব্যৰ এখন মুকলি বজাৰ গঢ়ি তুলিছে। অন্যহাতে আবকাৰী বিভাগৰ লোকে নিয়ম মাফিক তালাচীৰে দুই এজন লোকক ধৰি বাহঃ বাঃ লোৱাৰ বিপৰীতে প্ৰকৃত বেপাৰী সকল গোপন বুজাবুজিৰ বাবেই অভিযানত ধৰা নপৰে বুলি মুকলিকৈ অভিযোগ কৰিছে স্থানীয় ৰাইজে। বিশেষকৈ মহকুমাটোৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত নিংগাম, টাইফাকে আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত কেটেটং, ইনথেম, নংলাই, ডিবঙকে আদি কৰি জনগোষ্ঠীয় প্ৰধান অঞ্চল সমূহত এতিয়া গাঞ্জা কানিৰ মুক্ত প্ৰচলনে মহকুমাটোৰ একাংশ তথাকথিত সম্ভ্ৰান্ত পৰিয়ালৰ যুৱকক বাৰুকৈয়ে গ্ৰাস কৰি পেলোৱাৰ লগতে বৰডুমচা থানাৰ অন্তৰ্গত অসম-অৰুণাচল প্ৰদেশৰ কাষৰীয়া অঞ্চল সমূহতো ইয়াৰ ব্যাপক পয়োভৰে বাৰুকৈয়ে জলাকলা খুৱাইছে একাংশ লোকক।ইপিনে একাংশ স্কুল-কলেজৰ ছাত্ৰয়ো এনে নিচাযুক্ত মাৰাত্মক দ্ৰব্যৰ কৱলত পৰা বুলি উল্লেখ কৰাৰ লগতে উলুপ-ইনথেম গাৱৰ একাংশ মহিলা লগ হৈ নগা পথাৰৰ নিবাসী গুডু গোহাঁই,মাইচাংপানী গাঁৱৰ নিবাসী সঞ্জীৱ সোনোৱাল আৰু তিনিচুকীয়াৰ মাকুমৰ নিবাসী ওম বৰুৱাক ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত হাতে লোতে ধৰি পেঙেৰী আৰক্ষীক গতাই দিছিল। মহকুমাটোত দীৰ্ঘ দিনৰ পৰা অব্যাহত থকা এনে নিচা জাতীয় দ্ৰব্যৰ বেহাৰ সন্দৰ্ভত বিভিন্ন সময়ত স্থানীয় ৰাইজৰ লগতে দল সংগঠন সমূহেও বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও এই বেহাৰ বিৰুদ্ধে কোনো এটা পক্ষকে অদ্যাপি উপযুক্ত ব্যৱস্থা লোৱা পৰিলক্ষিত নহ’ল। যাৰ পৰিণতিত মহকুমাটোত এতিয়া পূৰ্বতকৈ ওঁ অধিক ক্ষিপ্ৰতাৰে ভিন্ন প্ৰান্তলৈ শিপাব ধৰিছে গাঞ্জা কানিৰ লগতে ড্ৰাগছৰ এই ভয়াৱহ বেহাটো। সকলোতকৈ ডাঙৰ কথাটো হল মহকুমাটোত অব্যাহত থকা সামাজিক পৰিৱেশ বিনষ্টকাৰী এই সমূহ নীচজাতীয় দ্ৰব্যৰ বেহাৰ সন্দৰ্ভত সকলোৰে অৱগত যদিও বিভাগীয় কৰ্তৃপক্ষই কিহৰ স্বাৰ্থত এই সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে সেয়াহে এতিয়া অঞ্চলবাসীৰ বাবে এক ৰহস্যৰ বিষয় হৈ পৰিছে বুলি প্ৰশ্ন উত্থাপন কৰি মাৰ্ঘেৰিটাৰ মহকুমাধিপতি সুমিত সত্তাৱনক তাৎক্ষণিক হস্তক্ষেপৰ দাবী তুলিছে স্থানীয় ৰাইজে। অন্যথা স্থানীয় ৰাইজে দল সংগঠনৰ সহযোগত তীব্ৰ প্ৰতিবাদী আন্দোলন কাৰ্যসূচী হাতত ল’ব বুলি জনাইছে।

Comments
Post a Comment