লিডু কেন্দ্ৰীয় নামঘৰৰ সোণালী জয়ন্তী ঃ শিশু সকল ব্যস্ত ভাওঁনাৰ আখাৰাত
উত্তৰ পূবৰ সৰ্ব প্ৰথম ক্ষুদ্ৰ উদ্যোগিক চহৰ লিডু অঞ্চলৰ অন্যতম ধৰ্মীয় অনুষ্ঠান লিডু কেন্দ্ৰীয় নামঘৰে গৌৰৱোজ্জ্বল ৫০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে ১৫ চেপ্তেম্বৰৰ পৰা ৫ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে সোণালী জয়ন্তী সমাৰোহ আৰু মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ ৫৭০ তম জন্মোৎসৱটি উদযাপন কৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । এই উপলক্ষে মন্ঞ্চস্থ হব তিনি খনকৈ নাট ভাওঁনা ।
তিনিচুকী জিলাৰ ক্ষুদ্ৰ উদ্যোগিক চহৰ লিডু অঞ্চলৰ অন্যতম ধৰ্মীয় অনুষ্ঠান লিডু কেন্দ্ৰীয় নামঘৰে গৌৰৱোজ্জ্বল ৫০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে ১৫ চেপ্তেম্বৰৰ পৰা ৫ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে সোণালী জয়ন্তী সমাৰোহ আৰু মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ ৫৭০ তম জন্মোৎসৱটি উদযাপন কৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । অনুষ্ঠান উপলক্ষে ৰাজ্যিক ভিত্তিত দিহানাম , বৰগীত প্ৰতিযোগিতাৰ লগতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হব । মন্ঞ্চস্থ হব দুখনকৈ স্থানীয় আৰু এখন আমন্ত্ৰিত নাট ভাওঁনা ।শিশু সকলে দ্বিবিদৰ মুক্তি লাভ বলোৰামৰ হস্তিনাপুৰ উদ্ধাৰ শীৰ্ষক নাট ভাওঁনা খনি মঞ্চস্থ কৰিব । এই ভাওঁনাৰ বাবে শিশু সকলক এইদৰে আখৰাত ব্যস্ত থকা এই দৰে দেখা গ'ল
অনুষ্ঠানত মুখ্য অতিথি ৰূপে আউনী আটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ লগতে বহুকেইজন অতিথি উপস্থিত থাকিব বুলি উদ্যোগতাই জানিবলৈ দিছে।
Comments
Post a Comment