সমাজসেৱক কুল কোঁৱৰ আৰু নাইঃ মাৰ্ঘেৰিটা মহকুমাত শোকৰ ছাঁ
মাৰ্ঘেৰিটা ১৩ছেপ্টেম্বৰঃ- সমাজসেৱক, জেষ্ঠ নাগৰিক সন্থাৰ প্ৰাক্তন সম্পাদক, উত্তৰ মাৰ্ঘেৰিটা নামঘৰ উপসভাপতি, সামাজিক- ৰাজনৈতিক ভাৱে সচেতন, মাৰ্ঘেৰিটা প্ৰায় সমূহ সামাজিক অনুষ্ঠানৰ লগত জড়িত থকা কুল কোঁৱৰ (৭৫) আৰু নাই৷ কালি বিয়লি প্ৰায় ৫ঃ৩০ বজাত মাৰ্ঘেৰিটাৰ এখন ব্যক্তিগত চিকিৎসালয় হৃদস্পন্দনৰ ক্ৰিয়া বন্ধহৈ ইহলীলা ত্যাগ কৰে৷ কিছু দিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল৷ মৃত্যুৰ সময়ত তেওঁৰ পত্নী, দুজন পুত্ৰ, এগৰাকী জীয়াৰী, ইহসংসাৰত এৰি থৈ যায়৷প্ৰয়াত কুল কোঁৱৰ মৃত্যুত মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা, মাৰ্ঘেৰিটা সাংবাদিক সন্থা, সাহিত্যক ড° ৰীতা চৌধুৰী, তিনিচুকীয়া জিলাৰ সহকাৰী উপায়ুক্ত বিক্ৰম কৈৰী, স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা, অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ সমিতিৰ সদস্য সচিব, বিজেপি নেতা লক্ষ্য কোঁৱৰ, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ, বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাৰ, প্ৰাক্তন বিধায়ক প্ৰদ্যুৎ বৰদলৈ, মাৰ্ঘেৰিটা জেষ্ঠ নাগৰিক সন্থা, উত্তৰ মাৰ্ঘেৰিটা নামঘৰ, মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটি, জিৰনি চৰা, উত্তৰ মাৰ্ঘেৰিটা ব’হাগী উৎসৱ সমিতি, সুৰভি মহিলা সমিতি, বিশিষ্ট জনগোষ্ঠীয় লেখক ৰাজীৱ নিংখী, আছু মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, আছা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, আটাছু মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, টাই আহোম যুৱ পৰিষদ মাৰ্ঘেৰিটা মহকুমা সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ উলুপ তথা বহুকেইটা স্থানীয় দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ কুল কোঁৱৰ মৃত্যুত মাৰ্ঘেৰিটাবাসীয়ে এজন অভিভাৱক হেৰুৱালে বুলি মন্তব্য প্ৰকাশ কৰিছে মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগে৷ কুল কোঁৱৰ মৃত্যুত সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাতে শোকৰ ছাঁ পৰিছে ৷
Comments
Post a Comment