তৈল নগৰী দুলীয়াজানত ভয়ংকৰ পথ দুৰ্ঘটনা
তৈল নগৰী দুলীয়াজানত ভয়ংকৰ পথ দুৰ্ঘটনা । গুৰুতৰভাৱে আহত চাৰিওজনৰে অৱস্থা অধিক সংকটজনক ।
সোমবাৰে নিশা প্ৰায় ৭.৩০ বজাত তেল নগৰী দুলীয়াজানত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দেওবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুজনকৈ লোক নিহত হোৱাৰ পিছত সুমবাৰে বিশ্বকৰ্মা পূজাৰ দিনাই হোৱা এই দুৰ্ঘটনাত চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয় । গুৰুতৰভাৱে আহত চাৰিওজনৰে অৱস্থা অধিক সংকটজনক । ইতিমধ্যে নিশাই আটাইকেইজনকে উন্নত চিকিৎসাৰ বাৱে ডিব্ৰুগড় এ এম চি এইচলৈ প্ৰেৰণ কৰা হৈছে । দুলীয়াজান চহৰৰ মাজমজিয়াত অৱস্থিত লাইফ কেয়াৰ নাৰ্ছিং হোমৰ সন্মুখতে সংঘটিত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত লোককেইজনৰ নাম হ’ল--- শম্ভু ৰাই (৩৫) সুমন ৰাই (২২) ৰোহিত ছেত্ৰী (২২)আৰু নিখিল শ্বাহ (২০)। সুমন ৰাইয়ে জ্যেষ্ঠ ভাতৃ শম্ভু ৰাই (টেংকাৰ চালক)ক কৰ্তব্যৰ বাবে এখন ছুপাৰ স্প্লেণ্ডাৰ AS 06 V 7178 বাইকেৰে টিপলিঙত থ’বলৈ গৈছিল । তেনে সময়তে ১৬ নং তিনিআলিৰ দিশৰপৰা এখন পালচাৰ AS 06 K 8504 মটৰ চাইকেলত অহা ৰোহিত ছেত্ৰী আৰু নিখিল শ্বাহে তীব্ৰ বেগেৰে খুন্দা মৰাৰ ফলত এই ভয়াৱহ ঘটনাটো সংঘটিত হয় ।
Comments
Post a Comment