বিহস্পতিবাৰে তৈল নগৰী দুলীয়াজানত অসমৰ অন্যতম দুৰ্নীতি বিৰোধী যুৱ সংগঠনৰ ডিব্ৰুগড় জিলা সমিতিখন গঠন কৰা হয় ।
দুলীয়াজান ১৬ নম্বৰ তিনিআলিত থকা প্ৰণামী লজ সভা কক্ষত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধৰ্মকান্ত গগৈ । এই সভাতেই সৰ্বসন্মতি ক্ৰমে জিতু গগৈক সভাপতি আৰু সঞ্জয় বৰফুকনক সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া শক্তিশালী ডিব্ৰুগড় জিলা সমিতি গঠন কৰা হয় ।
Comments
Post a Comment