কাকপথাৰ ২২ ছেপ্তেম্বৰ:ভাৰতীয় জনতা যুৱ মৰ্চা অাৰু মহিলা মৰ্চাৰ উদ্যোগত তথা কৃষাণ মৰ্চা,অ,বি,চি মৰ্চা,মাইনৰিটি মৰ্চা ,অনুসুচিত জাতি মৰ্চা অাৰু অনুসুচিত জনজাতি মৰ্চাৰ সহযোগত অাজি পুৱাৰে পৰা "কাৰ্য অঞ্জলি উপলক্ষে গৰ্ভৱতী মহিলা অাৰু কণ কণ ল'ৰা ছোৱালীৰ বাবে হাঁহখাটী গাওঁত বিনামূলীয়া স্বাস্থ্য পৰিক্ষা শিবিৰৰ অায়োজন কৰে।হাঁহখাটী গাওঁৰ পঞ্চায়ত কমিউনিটি হলত অায়োজন কৰা স্বাস্থ্য শিবিৰত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় পাচ শতাধিক ৰোগীক চিকিৎসা সেৱা অাগবঢ়াই।তিনিচুকীয়া জিলাখনৰ স্বাস্থ্য বিভাগৰ পৰা প্ৰেৰিত স্ত্ৰীৰোগ বিশেষজ্ঞ,শিশু বিশেষজ্ঞ অাৰু মেডিচিন বিভাগৰ পাচজন চিকিৎসকে এই শিবিৰত চিকিৎসা প্ৰদান কৰে।চিকিৎসক অভিজিৎ চেতিয়া,সুমন ৰায়,গৌতমী ধৰ,প্ৰকাশ গুপ্তা অাৰু হেম্ লয়া দহোতীয়াই ৰোগীসকলক চিকিৎসা প্ৰদান কৰাৰ উপৰিওঁ ভাৰতীয় জনতা যুৱ মৰ্চাৰ শদিয়া জিলাৰ সভাপতি -সম্পাদক তীৰ্থৰাজ নেওঁগ অাৰু মিন্টু সোণোৱালে শিবিৰ পৰিচালনাত সহযোগিতা অাগবঢ়ায়।উল্লেখ্য যে শদিয়া সমষ্টিৰ অন্তৰ্গত ২৫খন পঞ্চায়তে এনেধৰণৰ চিকিৎসা শিবিৰৰ অায়োজন কৰিব বুলি উদ্যোক্তা মণ্ডলীয়ে সাংবাদিকক জানিবলৈ দিয়ে।

Comments
Post a Comment