নগাঁৱত "ভিলেজ ৰকষ্টাৰ্ছ"ত দৰ্শকৰ আশাপ্ৰদ সঁহাৰি ।
অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো শুকুৰবাৰে মুক্তিলাভ কৰে ৰীমা দাসৰ বহুচৰ্চিত ছবি *ভিলেজ ৰকষ্টাৰ্ছ*-এ । ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুলভাৱে চৰ্চিত ছবিখন চাবলৈ নগাঁৱৰ "অদিতি" চিত্ৰগৃহত ভিৰ কৰে অসংখ্য চিত্ৰ অনুৰাগীয়ে । মুক্তিৰ প্ৰথমটো দৰ্শনীতে হাউচফুল হৈ পৰে "অদিতি" চিত্ৰগৃহ । দেশৰ বহু কেইখন ব্যয়বহুল ছবি তথা মূধাফুটা চিত্ৰ নিৰ্মাতাক চেৰ পেলাই অস্কাৰৰ দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ আগবঢ়া ৰীমা দাসৰ *ভিলেজ ৰকষ্টাৰ্ছ*-এ অসমীয়া চলচিত্ৰৰ ক্ষেত্ৰখনক এক নতুন গতি দিবলৈ সক্ষম হৈছে বুলি দৰ্শক সকলে মন্তব্য কৰাৰ লগতে ৰীমা দাসৰ সপোন বাস্তৱায়িত হ'ব বুলি আশা প্ৰকাশ কৰিছে ।
Comments
Post a Comment