আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ হত্যাৰে জড়িত দুই আলফাৰ লিংকমেন আটক
তিনিচুকীয়া জিলাৰ পেঙেৰী বৰডুমচাত আলফা(স্বা)ৰ দুধৰ্ষ দুই লিংকমেন আজি আৰক্ষীয়ে আটক কৰে৷ আৰক্ষীৰ চাৰিদিনীয়া অভিযানৰ অন্তত আটক দুধৰ্ষ লিংকমেন দিপাংকৰ বৰা আৰু মামন দিহিঙীয়া৷ সাহসী আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ হত্যাত জড়িত আছিল দুয়ো বুলি আৰক্ষীয়ে সন্দেহ কৰিয়ে এই অভিযান চলাইছিল৷ তিনিচুকীয়াৰ কুজুপথাৰত আলফা(স্বা)ৰে হোৱা সংঘৰ্ষত নিহত হৈছিল বৰডুমছা থানাৰ অ’চি ভাস্কৰ কলিতা৷ ধৃত দিপাংকৰ বৰা আৰু মামন দিহিঙীয়া আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ জান অসম ওৰফে ৰুদে বৰুৱাৰ ঘনিষ্ঠ বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷ অ’চি ভাস্কৰ কলিতাৰ হত্যাৰ পৰিকল্পনাত জড়িত দুয়ো আছিল৷ আটকাধীন লিংকমেন দুজনৰ পৰা দুটা ম’বাইল ফোন জব্দ কৰি সকলো তথ্য ফাদিল কৰে আৰক্ষীয়ে৷ ধৃত আলফাৰ স্বাধীনৰ লিংকমেন দুজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে৷ চাৰিদিনীয়া এই অভিযানৰ নেতৃত্ব দিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, উপ-আৰক্ষী অধীক্ষক ভাৰ্গৱ গোস্বামী, চক্ৰ আৰক্ষী বিষয়া প্ৰতিম গগৈয়ে৷
Comments
Post a Comment