দুলীয়াজানত নৱম শ্ৰেণীৰ ছাত্ৰী নিৰুদ্ধেশ
দুলীয়াজানত নৱম শ্ৰেণীৰ ছাত্ৰী নিৰুদ্ধেশ ।
তৈল নগৰী দুলীয়াজানত যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী নিৰুদ্ধেশ হৈ থকা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে । জানিব পৰা মতে দুলীয়াজানৰ গাতে লাগি থকা দুলীয়াগাঁৱৰ মৃত পৰিমল বৰায়কৰ কন্যা চোনচোন বৰায়ক(১৬) দুলীয়াজান আদৰ্শ বিদ্যালয়ৰ ছাত্ৰী গৰাকী যোৱা ১৭ ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজাৰ নিশা প্ৰায় ১২ মান বজাৰ পৰা নিৰুদ্ধেশ হৈ থকা ঘটনাই এক ৰহস্যৰ সৃষ্টি কৰিছে ।পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ছাত্ৰী গৰাকীৰ বন্ধু ,বান্ধৱী,লগতে পৰিয়ালৰ লোকৰ ঘৰত বিচাৰ কোচাৰ কৰি কোনো শুং সূত্ৰ নোপোৱাত দুলীয়াজান আৰক্ষী থানাত আজি এখন এজাহাৰ দাখিল কৰিছে ।
Comments
Post a Comment