date 26.09.2018
কংগ্ৰেছ দলৰ হাতত টকা নাই । বিজেপিৰ হাতত বহু টকা । স্থানীয় বিধায়ক ভাস্কৰ শৰ্ম্মাৰ হাতত কোটি কোটি টকা । এই মন্তব্য প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈৰ । ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপে নিযুক্ত হোৱাৰ পাছত পোন প্ৰথমবাৰৰ বাবে মাৰ্ঘেৰিটাত উপস্থিত হোৱা বৰদলৈয়ে এখন দলীয় সম্বর্ধনা অনুষ্ঠানত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে ।
কংগ্ৰেছ দলৰ হাতত সভা পাতিবলৈ নিৰ্বাচনত ব্যয় কৰিবলৈ পৰ্যাপ্ত ধন নাই - এই স্বীকাৰোক্তি প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈৰ । আজি মাৰ্ঘেৰিটাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখনি দলীয় সম্বর্ধনা সভাত অংশগ্ৰহণ কৰি দলৰ নৱ নিযুক্ত ৰাষ্ট্ৰীয় সম্পাদক বৰদলৈয়ে বিজেপি দলে ব্যাপক হাৰত ধন আহৰণ কৰা বুলি কয় । তেওঁ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই কোটি কোটি টকা আহৰণ কৰা বুলিওঁ ব্যক্ত কৰে । তেওঁ এই সময় দলৰ বাবে অতি প্ৰত্যাহ্বানৰ সময় বুলি উল্লেখ কৰি ৰাইজেই একমাত্র ভৰাষা বুলি কয় ।
অন্যহাতে দলৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপে নিযুক্ত হোৱাৰ পাছত পোন প্ৰথম বাৰৰ বাবে মাৰ্ঘেৰিটাত উপস্থিত হোৱা বৰদলৈক দলীয় নেতা কৰ্মীয়ে ব্যাপক ভাৱে সম্বর্ধনা জনায় ।
Comments
Post a Comment