SLUG: GOALPARA FOOD POISONING.
গোৱালপাৰাত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হ'ল 20 জনকৈ ছাত্ৰ । থলুৱা মাছৰ নামত চালানী খুওৱাৰ ফলতে ব্ৰহ্মপুত্ৰ একাডেমী নামৰ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানটোৰ ছাত্ৰাবাসত থকা কুৰিজনকৈ ছাত্ৰ হৈ পৰিল অসুস্থ। প্ৰচণ্ড পেটৰ বিষ আৰু বমি অনুভৱ কৰিবলৈ ধৰা ছাত্ৰসকলক নিশাই গোৱালপাৰাৰ ছ'লেচ হস্পিতালত ভৰ্ত্তি কৰোৱা হয় । চালানী মাছেৰে নিশাৰ আহাৰ খোৱাৰ পাছতে অসুস্থ হৈ পৰিছিল কুৰিজনকৈ ছাত্ৰ । পাতে গজাৰ দৰে গঢ়ি উঠা গোৱালপাৰাৰ ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠানৰ এনে কাণ্ডত স্বাভাৱিকতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গোৱালপাৰাত। বিতৰ্কিত চাইন্স একাডেমী নামৰ শিক্ষা প্ৰতিষ্ঠানখনৰ চৌহদীত ব্ৰহ্মপুত্ৰ একাডেমী নামেৰে বিধায়ক এ কে ৰছিদ আলমৰ পত্নী মালিকানাধীন এই শৈক্ষিক প্ৰতিষ্ঠানখনত এই বিষক্ৰিয়াৰ ঘটনা সংঘটিত হয় । পুৰণি বটলত নতুন মদ সুমুৱাৰ লেখীয়াকৈ ব্ৰহ্মপুত্ৰ একাডেমী নামৰ শৈক্ষিক প্ৰতিষ্ঠানখন বিতৰ্কিত চাইন্স একাডেমীৰ চৌহদীত স্থাপন কৰা হৈছে ।
Comments
Post a Comment