বৰদুমছাত উদ্ধাৰ ব্ৰাউন চুগাৰ
অৰুণাচল প্ৰদেশৰ বৰদুমছাত ১৮ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা হৈছে । ড্ৰাগছ সৰবৰাহকাৰী গুমচাও শিখেটৰ ঘৰৰ পৰা জব্দ কৰা হয় নিষিদ্ধ ব্ৰাউন চুগাৰখিনি ।
৩২ বছৰীয়া গুমচাও শিখেটে নিজৰ ঘৰত লুকুৱাই ৰাখিছিল ব্ৰাউন চুগাৰখিনি । আৰক্ষীৰ লগতে চি আৰ পি এফ বিষয়া ভূপেন্দ্ৰ সিঙৰ নেতৃত্বত চলা এক অভিযানত উদ্ধাৰ কৰা হৈছে ব্ৰাউন চুগাৰ । গিডিং চাহ বাগিছা তিনি আলিৰ কাষত সৰবৰাহকাৰী গুমচাও শিখেটৰ ঘৰ । সম্প্ৰতি বৰদুমছা আৰক্ষীৰ জিম্মাত আছে ধৃত শিখেট । বিগত কেইবামাহো ধৰি এই নিষিদ্ধ ব্যৱসায়ৰ লগত জড়িত আছিল সৰবৰাহকাৰীজন ।

Comments
Post a Comment