নগাঁৱত চিলনী চোৰৰ সন্ত্ৰাস । ঠিকাদাৰৰ পৰা থপিয়াই নিলে ডেৰ লাখ টকা ।
নগাঁও চহৰত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস । বৃহস্পতিবাৰেও নগাঁৱৰ আবু বক্কৰ ছিদ্দিক নামৰ এগৰাকী ঠিকাদাৰৰ পৰা বাইকত অহা দুই দুৰ্বৃত্তই ডেৰ লাখ টকা থপিয়াই নিয়ে । নগাঁৱৰ হয়বৰগাঁৱস্থিত এক্সিচ বেংকৰ পৰা ঠিকাদাৰ গৰাকীয়ে ধনখিনি উলিয়াই আনিছিল । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত হয়বৰগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
Comments
Post a Comment