আন্ত:ৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,তিনিচুকীয়া জিলা সমিতিয়ে শদিয়া অাঞ্চলিক সমিতিৰ সহযোগত অাজি দিনৰ ১১ বজাৰ পৰা তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ শদিয়াৰ শান্তিপুৰ গেটত তিনিঘণ্টীয়া এক প্ৰতিকী চেকগেটেৰে প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে। প্ৰতিকী চেকগেটৰ প্ৰতিবাদী কাৰ্যসুচীত পৰিষদৰ কৰ্মকৰ্তাই অসম- অৰুণাচল সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথচোৱাৰে অহা যোৱা কৰা যান বাহন সমূহৰ নম্বৰসহ স্বাক্ষৰ লৈ একোখনকৈ গোহাৰি প্ৰদান কৰে।প্ৰতিকী প্ৰতিবাদী কাৰ্যসুচী ৰূপায়নত অংশগ্ৰহন কৰা যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণৰ লগতে ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰা সহ জিলাখনৰ কেইবাখনো অাঞ্চলিক সমিতিৰ অৰ্ধ শতাধিক কৰ্মকৰ্তাই চৰকাৰ বিৰোধী শ্লগানেৰে শদিয়াৰ সীমান্ত অঞ্চলৰ পৰিবেশ উত্তাল কৰি তোলে।যুৱ ছাত্ৰৰ কৰ্মীসকলে" অসমত অান্ত:ৰাজ্যিক পাৰ পত্ৰ প্ৰবৰ্তন কৰক","অসম চৰকাৰ হায় হায়","নৰেন্দ্ৰ মোডী গ'বেক","সৰ্বানন্দ সোণোৱাল গ'বেক" অাদি প্ৰতিবাদী শ্লগানেৰে অঞ্চলটোৰ অাকাশ বতাহ কপাই তোলে।

Comments
Post a Comment