যোৱা নিশা শিৱসাগৰত বোমা উদ্ধাৰক লৈ ৰহস্য ৷ চৰকাৰে বন্ধ বিফল কৰিবলৈ উঠিপৰি লগাৰ সময়তে নাটকীয় ভাৱে শিৱসাগৰৰ মাজমজিয়াত বোমা উদ্ধাৰৰ লগতে ১৫-২০ মিনিটৰ ভিতৰতে বোমা সংস্থাপনৰ সন্দেহত আটক ৰাজু আলী নামৰ এজনক ৷ পথৰ কাষত পৰি থকা টোপোলাটোত উদ্ধাৰ হৈছে বোমা সদৃশ সামগ্ৰী।ইতিমধ্যে বোমা উদ্ধাৰ হোৱা স্থানৰ পৰা জয়সাগৰ স্থিত ১৭ পাৰা ৰেজিমেণ্টৰ সামৰিক বাহিনীয়ে আটক কৰা ৰাজু আলি ওৰফে মেকুৰী পূৰ্বতেও বহু কূটাঘাতমূলক কাৰ্যত জড়িত হৈ জেলৰ ভাত খাই আহিছিল। প্ৰতিবাৰেই বোমা সংস্থাপন কৰাৰ পাছতে সেনাৰ হাতত আটক হৈ আহিছে মেকুৰী ৷
Comments
Post a Comment