মাৰ্ঘেৰিটাৰ ইনথেম গাওঁ পন্ঞ্চায়তৰ অন্তৰ্গত মাইচাং পানীত অঘটন । বুঢ়ীদিহিং নদীত গা ধুবলৈ গৈ দুই শিশুৰ সলিল সমাধি । এজনৰ কোনো মতে প্ৰাণ ৰক্ষা । মৃতদেহ উদ্ধাৰ কৰিলে স্থানীয় ৰাইজে । আজি দুপৰীয়া সাতুৰিবলৈ গৈছিল পাছ জন । হঠাতে ডুব যায় তিনি জন । ইয়াৰে সুৰভি সোণোৱাল নামৰ ৯ বছৰীয়া শিশুক জীৱন্ত অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিওঁ দুজনৰ নদীতে মৃত্যু হয় । মৃত হোৱা শিশু দুটাৰ নাম ক্ৰমে চুনচুনি সোণোৱাল ( ৭ বছৰ ) আৰু বিৰাজ সোণোৱাল ( ৪ বছৰ )। কৰুণ ঘটনাটোৱে সমগ্ৰ অন্ঞ্চলটোত দুখৰ ছাঁ পেলাইছে ।
Comments
Post a Comment