Skip to main content
মাৰ্ঘেৰিটাত অসম সাহিত্য সভা কেন্দ্ৰীয় বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন। কলাগুক বিষ্ণুপ্রসাদ ৰাভাই অসমীয়া ভাষা, সাহিত্য, কলা-সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অবদানৰ স্বীকৃতিৰ চিন স্বৰূপে ২০ জুন তেখেতৰ মৃত্যু দিনটোক সমগ্ৰ ৰাজ্যবাসীয়ে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰি আহিছে। প্রতি বছৰে অসম সাহিত্য সভাই বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰি আহিছে। এই বছৰ অসম সাহিত্য সভাৰ কেন্দ্রীয় বিষ্ণুপ্রসাদ ৰাভা দিৱসটি তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা (স্বৰ্ণ) শাখা সাহিত্য সভাৰ সহযোগত মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰা হয়।কাৰ্যসূচী অনুসৰি অসম সাহিত্য সভাৰ গীতেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়।মুকলি সভাত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে। সভাপতি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে তেখেতৰ কাৰ্যকালতে অসমৰ সামাজিক আৰু উঠি অহা নৱ প্ৰজন্মৰ বাবে এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব যাতে নৱ প্ৰজন্মক এক সম্পদ হিচাপে গঢ়ি তুলিব পাৰে।মুকলি সভাত তিনিচুকীয়া জিলাৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক বিশিষ্ট সাহিত্যিক তথা গণ্য মান্য ব্যক্তিসহ অসম সাহিত্য সভাৰ বহু সংখ্যক বিষয়ববীয়াৰ তথা কৰ্মকৰ্তা আৰু স্থানীয় দল সংগঠনৰ প্ৰতিনিধিৰ লগতে স্থানীয় বহু সংখ্যক ৰাইজ উপস্থিত থাকে।বাইটঃ ড০ বসন্ত কুমাৰ গোস্বামী, সভাপতি অসম সাহিত্য সভা।
Popular posts from this blog
Comments
Post a Comment