Skip to main content
উচ্ছেদিত ৰাইজৰ মুখবন্ধ প্ৰতিবাদ ৷প্ৰায় অৰ্ধশতাধিক পুৰুষ-মহিলাই সাব্যস্ত কৰে এই প্ৰতিবাদ৷ প্ৰতিবাদী দলটোৱে জাগুন আৰক্ষী চকীৰ সন্মুখৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৱস্থান কৰি পথ অৱৰোধ কাৰ্যসুচীৰে এই মুখবন্ধ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিকুল বতৰৰ সকলো বাধা নেওচি একপ্ৰকাৰে আকোৰগোঁজ মনোবৃত্তিৰে ৰাষ্ট্ৰীয় ঘাই পথচোৱা অৱৰোধ কৰি ৰাখে৷ আজি প্ৰায় দুবছৰ পুৰ্বে এইসকল ৰাইজে নামফাই টাপুত মাটি অধিগ্ৰহণ কৰি বিভিন্ন ধৰণৰ শস্য উৎপাদনেৰে জীবিকা উপাৰ্জন কৰি জীৱন- যাপন কৰি আছিল যদিও চৰকাৰৰ অনুমতি সাপেক্ষে এইসকল কৃষিজীৱী লোকক উক্ত স্থানৰ পৰা প্ৰশাসনে উচ্ছেদ কৰি লাইকা নামে ঠাইৰ পৰা এটা বিশেষ জনজাতি লোকক আনি নামফাই টাপুত সংস্থাপনৰ ব্যৱস্থা কৰে ৷ উল্লেখ্য যে সেই সময়ত উচ্ছেদিত ৰাইজক চৰকাৰৰ জনপ্ৰতিনিধি তথা প্ৰশাসনিক বিষয়া সকলে তেখেতসকলৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া হ’ব বুলি মৌখিক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও বাস্তৱত কিন্ত ইয়াক ৰূপায়ণ নকৰাত ক্ষুব্ধ হৈ পৰে এইসকল নীপিড়িত ৰাইজ৷ যাৰ ফলশ্ৰুতিত আজি এনেধৰণে ৰাইজে আবদ্ধ কৰি ৰাখে ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ৷
Popular posts from this blog
Comments
Post a Comment