Skip to main content
হৰি নামৰ ধ্বনিৰে মুখৰিত লিডু চহৰ লিডু কেন্দ্ৰীয় নামঘৰৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে লিডু চহৰ।আজিৰ পৰা আৰম্ভ হৈছে লিডু কেন্দ্ৰীয় নামঘৰৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৪ ৰ্থ বাৰ্ষিক ভাগৱত পাঠ-ব্যাখ্যা অনুষ্ঠান ।তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱস আৰু ৪ ৰ্থ বাৰ্ষিক ভাগৱত পাঠ-ব্যাখ্যা অনুষ্ঠান । কাৰ্যসূচী পুৱা প্ৰাতঃ প্ৰসংগৰ পাছতে ধৰ্মধ্বজা উত্তোলনেৰে পাতনি মেলা হয়।ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচী পাতনি মেলে লিডু কেন্দ্ৰীয় নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি তৰুণ গগৈয়ে।স্মৃতি তৰ্পণ শুভাৰম্ভ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি দীপক চেতিয়া আৰু কাৰ্যকৰী সভাপতি উৎপল কোঁৱৰে ।নাম প্ৰসংগৰ পাছতে বিশ্ব শান্তিৰ বাবে আয়োজন কৰা ভাগৱত পাঠ আৰু ব্যাখ্যা আৰম্ভ কৰে। উদ্বোধন কৰে মাৰ্ঘেৰিটা সম জিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ সভাপতি পূৰ্ণানন্দ দিহিঙ্গীয়াই ।অনীল চুতীয়া আৰু অশোক বৰদলৈ মুখ্য পাঠেকী ৰূপে অংশ ল'ব লগা ভাগৱত পাঠ বাখ্যা অনুষ্ঠানত শিৱসাগৰৰ পৰা আমন্ত্ৰিত ক্ষীৰোদ গগৈ, খগেন গোঁহাই আৰু নন্দ লাচিতে বাখ্যা কৰোতা ৰূপে ভাগ লৈছে ।প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অন্যান্য ধৰ্মীয় কাৰ্যসূচী লগতে ১১জুনত স্থানীয় শিল্পীৰ দ্বাৰা কুৰু সন্ধ্যা নামৰ নাট ভাওনাৰ পৰিবেশন কৰা হ'ব বুলি আয়োজক সকলে জানিবলৈ দিয়ে।
Popular posts from this blog
Comments
Post a Comment