Skip to main content
মাঘেৰিটাৰ নিচামুক্তি কেন্দ্ৰত অঘটন -এজন যুৱক মৃত্যু পুনৰ সংঘটিত হৈছে নিচামুক্তি কেন্দ্ৰত অঘটন। ঘটনাৰ স্থান মাৰ্ঘেৰিটা। বৰগোলাইস্থিত নিউ লাইভ ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰত ৰহস্যজনক ভাৱে মৃত্যু হয় এজন যুৱকৰ। যুৱকজন ডিব্ৰুগড় লাহোৱালৰ ডেভিড ফুকন{ ৩৫}। এবছৰৰ পূৰ্বে যুৱকজনক ভৰ্তি কৰোৱা হৈছিল নিচামুক্তি কেন্দ্ৰটোত । যোৱা নিশা হঠাৎ ৰহস্যজনক ভাৱে মৃত্যুহয় যুৱকজনৰ। এতিয়ালৈ স্পষ্ট হোৱা নাই যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ। কিন্তূ পিতৃ তথা পৰিয়ালৰ অভিযোগ অনুহৰি মাৰ্ঘেৰিটাৰ ৰূপম গগৈৰ স্বতাধিকাৰী বৰগোলাইস্থিত নিউ লাইভ ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰতেই মৃত্যু হয় যুৱকজনৰ। কোনো প্ৰাৰ্থমিক চিকিৎসা নকৰাকৈয়ে কেন্দ্ৰটোৰ কতৃপক্ষই মৃত যুৱকজনক নিজ গৃহলৈ প্ৰেৰনৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে। নিচাসক্ত যুৱকক নিচাৰপৰা পৰিত্ৰান পাবৰ বাবে নিচামুক্তি কেন্দ্ৰত অভিভাৱক সকলে পঠোৱাৰ পাছত একাংশ নিচামুক্তি কেন্দ্ৰত যুৱক সকলে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা কথা অভিযোগ কৰিছে পৰিয়ালৰ সদস্য সকলে। বৰ্তমান মাৰ্ঘেৰিটা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মৃতদেহ মাৰ্ঘেৰিটা আৰক্ষী থানাত ৰখা হৈছে। সমান্তৰালকৈ পলাতক অৱস্থাত আছে কেন্দ্ৰটোৰ স্বতাধিকাৰী ৰূপম গগৈ।
Popular posts from this blog
Comments
Post a Comment