Skip to main content
লিডুত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ১৫ দিনীয়া গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্য কৰ্মশালাৰ সফল সামৰণি। সত্ৰীয়া নৃত্য হৈছে ভাৰতৰ সংগীত নাটক একাডেমীৰপৰা শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্যাদা প্ৰাপ্ত ৮টি নৃত্য শৈলীৰ অন্যতম। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত তথা লিডু কেন্দ্ৰীয় নামঘৰ পৰিচালনা সমিতি আৰু লিডু মহাবিদ্যালয় মহিলা কোষৰ সৌজন্যত অনুষ্ঠিত হয় এই কৰ্মশালা।৭ জুলাইৰ পৰা আৰম্ভ হোৱা ১৫ দিনীয়া গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্য কৰ্মশালা আজি সামৰণি পৰে। সম্পাদক ৰাণাজ্যোতি নেওগে আঁত ধৰা সামৰণি অনুষ্ঠানত মাৰ্ঘেৰিটা সমজিলা জনসংযোগ বিষয়া গুৰ প্ৰীত সিঙ চৌৰিয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে।সামৰণি অনুষ্ঠানত লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৃপা প্ৰসাদ উপাধ্যায়, মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰতিনিধি সুখদেৱ শৰ্মা, লিডু কেন্দ্ৰীয় নামঘৰৰ সভাপতি তৰুন গগৈ জেষ্ঠ সাংবাদিক জগত চাংমাই আদি কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে।অনুষ্ঠানৰ শেষত প্ৰশিক্ষাৰ্থী সকলৰ মাজত অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।কৰ্মশালাত তিলেশ্বৰ তামুলী বৰবায়ন মুখ্য প্ৰশিক্ষক আৰু সম্প্ৰীতি বৰঠাকুৰ সহযোগী প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে।কৰ্মশালাত তিনি কুৰিৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।
Popular posts from this blog
Comments
Post a Comment