মাৰ্ঘেৰিটাৰ টিৰাপ মৌজাত জালিয়াতিৰে খাজনা সংগ্ৰহ। আদিবাসী চাহ জনগোষ্ঠীয় লোকক প্ৰৱঞ্চনা । টিৰাপ মৌজাৰ ৰাইজ সাৱধান হওক। মাৰ্ঘেৰিটাৰ সমষ্টিৰ টিৰাপ মৌজাত সংগঠিত হৈছে এক প্ৰৱঞ্চনাৰ ঘটনা। টিৰাপ মৌজাত বিশেষকৈ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকক হুজা দেখি দুজন ব্যক্তিয়ে কাৰো অনুমতি নোলোৱাকৈ গাওঁলীয়া মানুহক ঠগ আৰু প্ৰৱঞ্চনাৰে মাটিৰ খাজনা ৰচিদ দি ধন সংগ্ৰহৰ এক ঘটনা পোহৰলৈ আহিছে। ৷লিডু বিছা গাওঁৰ গংগা ছেত্ৰী আৰু হেমন্ত ভট্টৰায় নামৰ দুজন ধুৰন্ধৰ ব্যক্তিয়ে নিজেই খাজনা ৰচিদ আৰু ছিল মোহৰ বনাই বিঘাই প্ৰতি ২৫০০ টকাকৈ সংগ্ৰহ কৰি আহিছিল। ২০২০ চনৰ পৰা অসম চৰকাৰে অফ লাইনত খাজনা সংগ্ৰহ বন্ধ কৰিছে যদিও গংগা ছেত্ৰী আৰু হেমন্ত ভট্টৰায়ে বিছাগাওঁত অত্যধিক মাত্ৰাত ধন সংগ্ৰহ কৰি আহিছিল। এই জালিয়াতিৰ কথা ইকান সিকান বিয়পাৰ পিচত আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয় ববীয়াই এক তদন্ত আৰম্ভ কৰে ৷আটছা আৰু আছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে দুখীয়া নিচলা লোকৰ পৰা প্ৰৱঞ্চনা কৰাৰ তথ্য প্ৰমাণ লৈ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত তথা চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজি এখনিকৈ স্মাৰকপত্ৰ দাখিল কৰে। আছা আৰু আটছাই আক্ষেপেৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে--- চৰকাৰ আৰু প্ৰশাসনে ডিজিটেল আৰু স্মাৰ্টৰ কথা কৈ থকাৰ সময়ত টিৰাপ মৌজাত কি দৰে ভূৱা খাজনা ৰছিদ আাৰু ছিল মোহৰ বনাই ধন সংগ্ৰহ কৰিব পাৰিছে ?ইতিমধ্যে পাহাৰসদৃশ জালিয়াতি কৰি হেমন্ত ভট্টৰায় আৰু গংগা ছেত্ৰী নামৰ দুজন মৌজাদাৰৰ ভূৱা মহৰি লাখ লাখ টকা ডিঙিলৈকে গিলি পলাতক অৱস্থাত আছে বুলি গম পুৱা গৈছে। আছা আৰু আটছাৰ মন্তব্য --চৰকাৰক বুঢ়া আঙুলি দেখোৱাই মাটিৰ খাজনা সংগ্ৰহ কৰা এই দুজন ব্যক্তিক শীঘ্ৰেই প্ৰশাসনে গ্ৰেপ্তাৰ কৰক ৷অন্যথাই জংগীতকৈ জংগী কাৰ্যসুচী আছা আৰু আটছাই গ্ৰহন কৰিব বুলি সকিয়নি প্ৰদান কৰে।

Comments

Popular posts from this blog

সকলোৱে দৃষ্টি নিবদ্ধ থকা মাকুমপথাৰ গাওঁ পঞ্চায়তৰ সভাপতি বাছনিৰ প্ৰক্ৰিয়া সম্পন্ন।*মম্পী সিং দত্তৰ মাকুমপথাৰ গাওঁ পঞ্চায়তৰ সভাপতি নিৰ্বাচিত* মাকুমপথাৰ গাওঁ পঞ্চায়তৰ সভাপতি বাছনিৰ প্ৰক্ৰিয়া সম্পন্ন। পুনৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে মাকুমপথাৰ গাওঁ পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হয় মম্পী সিং দত্তৰ। মম্পী সিং দত্তৰ এইবাৰ সভাপতি পদৰ বাবে তীব্ৰ বাধা সন্মূখীন হ'ব বুলি ধাৰণা কৰা হৈছিল যদিও সকলো প্ৰত্যাহ্বান নেওচি সভাপতি হিচাপে নিৰ্বাচিত হয় মম্পী সিং দত্ত। মাৰ্ঘেৰিটা খণ্ড উন্নয়ন বিষয়া কাৰ্যলয়ত অনুষ্ঠিত হোৱা মাকুমপথাৰ গাওঁ পঞ্চায়তৰ সভাপতি বাছনিৰ প্ৰক্ৰিয়াত প্ৰথম পৰ্যায়ত বিৰোধীতা থাকিলেও আজি কিন্তু পঞ্চায়তৰ সকলো সদস্যই মম্পী সিং দত্তকে সমৰ্থন আগবঢ়াই। নৱ নিৰ্বাচিত পঞ্চায়ত সভাপতি মম্পী সিং দত্তই সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ বাবে প্ৰতি গৰাকীৰ ৱাৰ্ড সদস্যক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত পঞ্চায়তখনৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যোৱা কথা দোহাৰে।বাইটঃ মম্পী সিং দত্ত, নৱ নিৰ্বাচিত সভাপতি,মাকুমপথাৰ গাওঁ পঞ্চায়ত।

৮-৯ নবেম্বৰত লিডুত ৰাষ্ট্ৰীয় সাহিত্য সন্মিলন তিনিচুকীয়া জিলাৰ বিভিন্ন জাতি -জনগোষ্ঠীৰ মিলনভূমি লিডুত ৮-৯ নবেম্বৰত আয়োজিত হ'ব লিডু ৰাষ্ট্ৰীয় সাহিত্য সন্মিলন । ইতিমধ্যে ড° ৰঞ্জিত দত্তক সভাপতি জগত চাংমাইক কাৰ্যকৰী সভাপতি ৰাণাজ্যোতি নেওগক মুখ্য সম্পাদক অৰুণজ্যোতি নিবনুৱা সুখদেব শৰ্মাক যুটীয়া সম্পাদক কৈলাশ গুপ্তাক কোষাধ্যক্ষ হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে । বুধবাৰে লিডু শাখা সাহিত্য সভা ভৱনত উদযাপন সমিতিৰ এখন সৱভা অনুষ্ঠিত হয় ।সভাপতি ড° ৰঞ্জিত দত্তৰ পৌৰহিত্যত কাৰ্যকৰী সভাপতি জগত চাংমাইকে ধৰি আটাইকেজন বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত সভাৰ উদ্দেশ্যে বাখ্যা কৰে মুখ্য সম্পাদক ৰাণাজ্যোতি নেওগে । সভাত ৰাষ্ট্ৰীয় সাহিত্য সন্মিলন খনৰ আয়োজনৰ সকলো দিশ সামৰি আলোচনা কৰা হয় ।লগতে ৮-৯ নবেম্বৰ চূড়ান্ত কৰা হয় । সভাত সভাপতি ড° ৰঞ্জিত দত্তই ৰাষ্ট্ৰীয় সাহিত্য সন্মিলন উপলক্ষে গল্পকাৰ সন্মিলন, উপন্যাসিক সন্মিলন, কবি সন্মিলন,আবৃত্তিৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ একুৰিৰো অধিক প্ৰসিদ্ধ সাহিত্যিক -কবিয়ে অংশগ্ৰহণ কৰাৰ নিশ্চয়তা প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে । ইয়াৰোপৰি ৰাজ্যৰ জনপ্ৰিয় তথা বিশিষ্ট সাহিত্যিকে অংশ ল'ব ৰাষ্ট্ৰীয় সাহিত্য সন্মিলন খনত । সভাত মাধৱ দয়াল দত্ত কৈলাশ গুপ্তা দীপক চেতিয়া সুখদেব শৰ্মা বিকাশ বৰুৱা তপন দে উৎপল কোঁৱৰ তপন গগৈ আদি সকলো বিষয়ববীয়া উপস্থিত থাকে ।

পুনৰ জালিয়াতিত নাম সাঙোৰ খালে নৈচা ডিলাৰৰ নৈচা স্কুটী ডিলাৰৰ বিৰুদ্ধে গৰজি উঠিল দল সংগঠন ৷ নৈচা স্কুটী ডিলাৰৰ বাতৰি ভাইৰেল হোৱাৰ পিচত দুজন গ্ৰাহক ক্ৰমে নামু পাইক আৰু এডমন মানকি নামৰ মাৰ্ঘেৰিটা চাহ বাগিচাৰ দুই যুৱক সদলবলে আজি নৈচা ডিলাৰত উপস্থিত হয়। ফাইনেন্সৰ দ্বায়ীত্বত থকা পৰাগজ্যোতি ছেত্ৰী নামৰ যুৱক জনে নৈচা ডিলাৰৰ মেনেজাৰৰ সতে পাহাৰসদৃশ জালিয়াতিৰে সম্পত্তিৰ পাহাৰ গঢ়ি এইপৰ্যন্ত অন্তৰ্ধান হৈ আছে। এই নৈচা ডিলাৰে জালিয়াতিৰে ডুপ্লিকেট কাগজ পত্ৰ তৈয়াৰ কৰি লৈ বেংকৰ সম্পুৰ্ণ কাম ডিলিৰখনত দীৰ্ঘদিনৰ পৰা কৰি আহিছিল। দল সংগঠনে সম্পূৰ্ণ নথি পত্ৰ চালিজাৰি চোৱাত সম্পুৰ্ণ বিষয়টো উলায় পৰে । চাহ বাগিচাত খাটিখোৱা লোকক ঠগ আৰু প্ৰৱঞ্চনাৰ জাল পেলাই ধন ঘটা নৈচা ডিলাৰক বন্ধ কৰাৰ দাবী তুলিছে দল সংগঠনে। মাৰ্ঘেৰিটা চাহ বাগিচাৰ এডমিন মানকি নামৰ যুৱক জনে নিজৰ স্কুটীৰ সকলো ধন আদায় দিয়াৰ পিচতো বেংকে ধন পৰিশোধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা বিষয়টোত সচেতন মহলৰ চকু কপালত উঠিছে। এতিয়া দল সংগঠনে নৈচা ডিলাৰৰ মালিক আৰু মেনেজাৰ জনক জগৰীয়া কৰিছে। ৰাইজ ,দল সংগঠন ,আৰু ভুক্তভোগী পৰিয়ালৰ দাবী এই নৈচা ডিলাৰত শীঘ্ৰেই তলা লগাই ভুক্তভোগীক ন্যায় প্ৰদান কৰিবলৈ মাৰ্ঘেৰিটা জিলা প্ৰশাসনক দাবী জনায় ৷