Skip to main content
৫০ বছৰ ধৰি অসমৰ অন্যতম আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠী কলা-কৃষ্টি সংৰক্ষণৰ কৰি অহা এগৰাকী ব্যক্তি। তেখেত হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰ বৰমেচাই ২ নং শিমলুগুৰি গাঁৱৰ ৰত্নেশ্বৰ মৰাণ। মৰাণ জনগোষ্ঠীটোৱে দৈনিক ব্যৱহাৰ কৰা সঁজুলি, মাছ ধৰোতে ব্যৱহাৰ কৰা সঁজুলি, ঘৰৰ সঁজুলি, বিহুৰ সময়ত ব্যৱহাৰ কৰা সঁজুলি, মৰাণ জনগোষ্ঠীৰ বৰবিয়াত ব্যৱহাৰ কৰা, হাতীৰ সঁজুলি, তাঁতৰ সঁজুলি লগতে খেতিত ব্যৱহাৰ কৰাকে ধৰি মুঠ ১৩২ বিধ সঁজুলি সংৰক্ষণ কৰি ৰাখিছে। আদিম যুগৰ পৰা মৰাণ জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা সামগ্ৰী সমূহ সংৰক্ষণ কৰি ৰাখিছে ৰত্নেশ্বৰ মৰাণে। তেখেতে সংৰক্ষণ কৰি ৰখা সামগ্ৰী সমূহৰ ভিতৰত আছে ১১০ বছৰীয়া বাঁহ আৰু বেতেৰে নিৰ্মাণ কৰা কাপোৰ ৰখা বাকচ (মৰাণ সকলে জপা বুলি কয়) । মৰাণ জনগোষ্ঠীয়ে হাতী শিকোৱা, হাতী পতি পালন কৰা সামগ্ৰী সমূহো সংৰক্ষণ কৰি ৰাখিছে এই গৰাকী ৰত্নেশ্বৰ মৰাণে। ৰত্নেশ্বৰ মৰাণে এই সামগ্ৰী সমূহ কেৱল ঘৰতে সংৰক্ষণ কৰি ৰাখিছে তেনে নহয়। তেখেতৰ নেতৃত্বত ভূপাল, দিল্লী, কাজিৰঙা অৰ্কিড পাৰ্কটো সংৰক্ষণ হৈ আছে। অসম সাহিত্য সভা বৰডুমচা অধিৱেশনতো মৰাণ জনগোষ্ঠীৰ কলা-কৃষ্টি প্ৰদৰ্শন কৰিবলৈ নিমন্ত্ৰন লাভ কৰিছিল ৰত্নেশ্বৰ মৰাণে। ৭০ উৰ্দ্ধৰ ব্যক্তিগৰাকীয়ে মৰাণ জনগোষ্ঠীৰ প্ৰায় সকলো অনুষ্ঠানত জনগোষ্ঠীৰ কলা-কৃষ্টি প্ৰদৰ্শন কৰি আহিছে।ইফালে অৰ্থৰ অভাৱত বহু সামগ্ৰী সংৰক্ষণ কৰিবলৈ সক্ষম হোৱা নাই বুলি মৰাণ জনগোষ্ঠী কলা-কৃষ্টি সাধক জনে আমাৰ আগত ব্যক্ত কৰিছে। শেহতীয়াকৈ মৰাণ স্বায়ত্ব শাসিত পৰিষদে সামগ্ৰী সমূহ সংৰক্ষণ কৰি ৰাখিব পৰাকৈ নিজা বাসগৃহতে এটা সংগ্ৰহালয় নিৰ্মাণ কৰি দিছে।
Popular posts from this blog
Comments
Post a Comment