Skip to main content
জাগুনত উত্তাল প্ৰতিবাদ ৷ প্ৰায় পাঁচ শতাধিক লোকে প্ৰতিবাদী কণ্ঠৰে উত্তাল কৰি তোলে জাগুনৰ আকাশ বতাহ। আজি জাগুন বজাৰৰ মাজ মজিয়াত যৌথভাৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মাৰ্ঘেৰিটা সম জিলাৰ অন্তৰ্গত বিভিন্ন জনজাতীয় দল সংগঠনৰ লগতে স্থানীয় জনজাতীয় ৰাইজে ৷ উল্লেখ্য যে আজি দুদিন মানৰ পুৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁইয়ে এটা ব্যক্তিগত টিভি চেনেলৰ টক শ্ব’ত অংশগ্ৰহণ কৰি এটা বিতৰ্কিত মন্তব্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ উত্থাপিত অভিযোগ অনুসৰি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে এক চাঞ্চল্যকৰ যুক্তি দাঙি ধৰি জনজাতীয় বসতি প্ৰধান অঞ্চল সমূহত, বিশেষকৈ নামফাই আৰু টিংকুপানী সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে অৰুণাচলৰ পৰা উভতাই পঠিওৱা সন্দেহজনক নাগৰিক সকলে বনাঞ্চলৰ ভূমি দখলকৰি বসতি স্থাপন কৰি আছে বুলি মন্তব্য প্ৰদান কৰে৷ মুখপাত্ৰ গৰাকীৰ এই মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছে মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত বিভিন্ন জনজাতীয় দল সংগঠনৰ লগতে স্থানীয় জনজাতীয় ৰাইজ৷ প্ৰতিবাদী ৰাইজৰ তৰফৰ পৰা কংগ্ৰেছ নেতা মনোৰঞ্জন বৰগোহাঁইক ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈ দাবী জনাই অন্যথা ইয়াতকৈ গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলি মন্তব্য প্ৰদান কৰে মাৰ্ঘেৰিটা জিলা ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক ভূপেন সোনোৱালে ৷
Popular posts from this blog
Comments
Post a Comment