Posts

Showing posts from August, 2025

মাৰ্ঘেৰিটাত কংগ্ৰেছ দলৰ মোক্ষম আঘাট : ব্লক কংগ্ৰেছ কমিটিৰ সভাপতিসহ ৪ শীৰ্ষ নেতাৰ দলত্যাগ । বিধান সভা নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান বাকী থকা অৱস্থাত ৮৩ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত কংগ্ৰেছ দলৰ মোক্ষম আঘাট। অতি দুৰ্যোগৰ সময়ত মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতিৰ দ্বায়িত্ব লোৱা তৰা প্ৰসাদ দিহিঙ্গীয়াৰ পদবীৰ লগতে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ।সেইদৰে মাৰ্ঘেৰিটা ব্লক মহিলা কংগ্ৰেছ কমিটিৰ সম্পাদিকা সুমিত্ৰা চেতিয়া মেছ , মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ সম্পাদক জ্যোতিৰ্ময় নাথসামাজিক মাধ্যমৰ অধ্যক্ষ প্ৰাঞ্জল চেতিয়াৰো পদবীৰ লগতে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ।সম্পূৰ্ণ ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি আটাইকেইজনে উল্লেখ কৰিছে যদিও একলগে এনে পদত্যাগে পদত্যাগৰ অন্য কাৰণ থকা বুলি সন্দেহ কৰা হৈছে ।নিৰ্বাচনলৈ কেইমাহমান বাকী থকা অৱস্থাত এই পদত্যাগে কংগ্ৰেছ দলৰ উত্থানত ব্যাপক ক্ষতি কৰিব বুলি আশংকা কৰা হৈছে । টাই আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা তৰা প্ৰসাদ দিহিঙ্গীয়াৰ পদত্যাগে জনগোষ্ঠীটোৰ মাজত কেনে প্ৰভাৱ প'ৰে সেইয়াও লক্ষ্যণীয় হ'ব ।ইতিমধ্যে পদত্যাগ গ্ৰহণ কৰি দলে জ্যেষ্ঠ নেতা তৌফিক খানক তৰা প্ৰসাদ দিহিঙ্গীয়াৰ ঠাইত ভাৰপ্ৰাপ্ত সভাপতি ৰূপে দ্বায়িত্ব অৰ্পণ কৰিছে ।মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ সদ্যপদত্যাগী সভাপতি তৰাপ্ৰসাদ দিহিঙ্গীয়াৰ নেতৃত্বৰ দক্ষতাত আকৰ্ষিত হৈ দলটোত যোগদান কৰা আৰু ১৫-১৬ জন যুৱকে কংগ্ৰেছ ত্যাগ কৰাৰ সম্ভাৱনা আছে বুলি জনা গৈছে।

Image

সন্দেহজনক নাগৰিকক বিতাড়নৰ দাবীৰে এজেৱাইচিপিৰ বিক্ষোভ কাৰ্যসূচী।মাৰ্ঘেৰিটা লিডুত উত্তাল প্ৰতিবাদ ৷ সন্দেহজনক বাংলাদেশী নাগৰিকক বিতাড়নৰ দাবীত আজি উত্তাল হৈ পৰিল মাৰ্ঘেৰিটাৰ লিডুৰ ৰাজপথ। মাৰ্ঘেৰিটা সম-জিলা বিভিন্ন প্ৰান্তত বসবাস কৰি থকা সন্দেহজনক বাংলাদেশী নাগৰিকক বিতাড়নৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে লিডুত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।সংগঠনটোৰ অভিযোগ মাৰ্ঘেৰিটাৰ লিডু মোলাং, টিৰাপকে ধৰি বিভিন্ন স্থানত চৰকাৰী ভূমি বেদখল কৰি একাংশ সন্দেহজনক বাংলাদেশী নাগৰিকে বসবাস কৰি আছে। মাৰ্ঘেৰিটাৰ পৰা অতি শীঘ্ৰে সন্দেহজনক বাংলাদেশী নাগৰিকসকলক চিনাক্ত কৰাৰ দাবী AJYCP ৰ ৷অসমৰ পৰা সন্দেহজনক লোকক বিতাড়নৰ দাবীত সংগঠনটোৱে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।বিক্ষোভ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মীয়ে বিক্ষোভ কাৰ্যসুচীত অংশগ্ৰহণ কৰে। লিডুৰ ৰাজপথত টায়াৰ জ্বলাই বাংলাদেশী হুচিয়াৰ,এজেৱাইচিপিৰ লং লিভ, বাংলাদেশী গ'বেক আদি শ্লোগানেৰে উত্তাল কৰি তোলে লিডুৰ আকাশ বতাহ।

Image

মাৰ্ঘেৰিটাত ২১ সংখ্যক আদিবাসী মহাসভা'ৰ প্ৰস্তুতি : আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা) কেন্দ্রীয় সমিতি উদ্যোগত আৰু তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।আছা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি আলবাট অড়েয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজান হৰৰ, সাধাৰণ সম্পাদক দেৱেন ঊৰাং, সাংগঠনিক সম্পাদক অজিত হেমৰম,তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, ৰাষ্ট্ৰীয় ফুটবলাৰ নেলচন তাচা, সাংবাদিক সোনাৰাম কলিতা, সদৌ অসম ছাত্ৰ সন্থা(আছু) ৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি অভিশেষ বৰুৱা, আছু তিনিচুকীয়া জিলা সাহিত্য সম্পাদক ৰূপম বৰুৱাসহ আদিবাসী জনগোষ্ঠীয় বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি।উক্ত সভাতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা) কেন্দ্রীয় সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত আৰু তিনিচুকীয়াবাসী সহযোগত অহা ২০২৬ চনৰ জানুৱাৰীত লিডু- বৰগোলাই বাঁহবাৰী খেল পথাৰত ৪ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগীয়া "২১ সংখ্যক আদিবাসী মহাসভা'ৰ অভ্যৰ্থনা সমিতি গঠন কৰা হয়। বিশিষ্ট সাংবাদিক তথা সমাজ সংগঠক ৰাণাজ্যোতি নেওগক সভাপতি, আলবাট অড়েয়াক কাৰ্যকৰী সভাপতি, জাৰ্ণেল মিঞ্জক মূখ্য সম্পাদক, বিশিষ্ট ব্যৱসায়ী কল্যাণ চেতিয়া আৰু জ্যোচমিনা তিৰ্কী যুটীয়া সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদ্‌যাপন সমিতি গঠন কৰা হয়।মাৰ্ঘেৰিটাৰ চেগুনবাৰী স্থিত মাৰোৱাৰী বিবাহ ভৱনত অনুষ্ঠিত উদযাপন সমিতি গঠন অনুষ্ঠানত বহু সংখ্যক স্থানীয় আদিবাসী ৰাইজৰ উপস্থিতি থাকে। এই মহাসভাত ৰাজ্যৰ লক্ষাধিক আদিবাসীলোক উপস্থিত থাকিব ।

Image