Skip to main content
মাৰ্ঘেৰিটাত ২১ সংখ্যক আদিবাসী মহাসভা'ৰ প্ৰস্তুতি : আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা) কেন্দ্রীয় সমিতি উদ্যোগত আৰু তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।আছা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি আলবাট অড়েয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজান হৰৰ, সাধাৰণ সম্পাদক দেৱেন ঊৰাং, সাংগঠনিক সম্পাদক অজিত হেমৰম,তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, ৰাষ্ট্ৰীয় ফুটবলাৰ নেলচন তাচা, সাংবাদিক সোনাৰাম কলিতা, সদৌ অসম ছাত্ৰ সন্থা(আছু) ৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি অভিশেষ বৰুৱা, আছু তিনিচুকীয়া জিলা সাহিত্য সম্পাদক ৰূপম বৰুৱাসহ আদিবাসী জনগোষ্ঠীয় বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি।উক্ত সভাতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা) কেন্দ্রীয় সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত আৰু তিনিচুকীয়াবাসী সহযোগত অহা ২০২৬ চনৰ জানুৱাৰীত লিডু- বৰগোলাই বাঁহবাৰী খেল পথাৰত ৪ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগীয়া "২১ সংখ্যক আদিবাসী মহাসভা'ৰ অভ্যৰ্থনা সমিতি গঠন কৰা হয়। বিশিষ্ট সাংবাদিক তথা সমাজ সংগঠক ৰাণাজ্যোতি নেওগক সভাপতি, আলবাট অড়েয়াক কাৰ্যকৰী সভাপতি, জাৰ্ণেল মিঞ্জক মূখ্য সম্পাদক, বিশিষ্ট ব্যৱসায়ী কল্যাণ চেতিয়া আৰু জ্যোচমিনা তিৰ্কী যুটীয়া সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদ্যাপন সমিতি গঠন কৰা হয়।মাৰ্ঘেৰিটাৰ চেগুনবাৰী স্থিত মাৰোৱাৰী বিবাহ ভৱনত অনুষ্ঠিত উদযাপন সমিতি গঠন অনুষ্ঠানত বহু সংখ্যক স্থানীয় আদিবাসী ৰাইজৰ উপস্থিতি থাকে। এই মহাসভাত ৰাজ্যৰ লক্ষাধিক আদিবাসীলোক উপস্থিত থাকিব ।
Popular posts from this blog
Comments
Post a Comment