Skip to main content
মাৰ্ঘেৰিটা চাহ বাগিচাৰ বস্তিলাইনত জঘণ্য কাণ্ড ৷দৰিদ্ৰ যুৱতীক প্ৰেম কৰি প্ৰতাৰণা প্ৰাক্তন গাওঁৰক্ষী বাহিনীৰ সভাপতিৰ পুত্ৰ ৷ অসম অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটা চাহ বাগিচাৰ বস্তি লাইনৰ এগৰাকী ষোড়শী যুৱতীক একেখন লাইনৰ যুৱক বিকাশ কুমাৰে প্ৰৱঞ্চনাৰে অসৎ চৰিতাৰ্থ পুৰণ কৰাৰ ঘটনা সংগঠিত হৈছে। উল্লেখযোগ্য যে বস্তি লাইনৰ প্ৰাক্তন গাওঁৰক্ষী বাহিনীৰ সভাপতি ধনু কুমাৰৰ পুত্ৰ বিকাশ কুমাৰে এই জঘন্য কাণ্ড সংগঠিত কৰাৰ অভিযোগ । মাৰ্ঘেৰিটা চাহ বাগিচাৰ একে লাইনৰ এগৰাকী যুৱতীক ঠগ আৰু প্ৰৱঞ্চনাৰে প্ৰেমৰ মায়াজালত পেলাই বিকাশ কুমাৰে শাৰীৰিক সম্পৰ্ক গঢ়ি বৰ্তমান পলাতক। মাৰ্ঘেৰিটা চাহ বাগিচাৰ বস্তি লাইনৰ সভাত নিজৰ দোষ স্বীকাৰ কৰি পত্নীৰূপে গ্ৰহন কৰাৰ প্ৰতিশ্ৰুতি দি স্বাক্ষৰ প্ৰদান কৰিছিল বিকাশ কুমাৰে । আজি ছোৱালীজনীক বিকাশ কুমাৰৰ ঘৰত জিমা দিবলৈ যোৱাত বিকাশ কুমাৰৰ পৰিয়ালে ভুক্তভোগী ছোৱালীজনীৰ পৰিয়ালবৰ্গক অপদস্থ কৰি পঠায়। সেয়ে বস্তিলাইনৰ পৰা এটি সজাতি দল আহি মাৰ্ঘেৰিটা থানাত কালপিট বিকাশ কুমাৰৰ বিৰুদ্ধে এখনি এজাহাৰ দাখিল কৰে । এতিয়া কালপিট বিকাশ কুমাৰৰ বিৰুদ্ধে আইনে কি ব্যৱস্থা গ্ৰহন কৰে সেয়াই হব লক্ষ্যণীয়।
Popular posts from this blog
Comments
Post a Comment