Posts

Showing posts from June, 2025

মাৰ্ঘেৰিটাত জঘন্য ধৰ্ষণৰ ঘটনাৰ। খ্ৰীষ্টান ধৰ্মীয় গুৰু দ্বাৰা নাবালিকা কিশোৰীক উপযুপৰি ধৰ্ষণ*মাৰ্ঘেৰিটাত পোহৰলৈ আহিছে এক জঘন্য ধৰ্ষণৰ ঘটনা।উলুপপথাৰ পানীগাও নিৱাসী আইজাক হাপাত নামৰ খ্ৰীষ্টান ধৰ্মগুৰু (পাষ্টাৰ) জনৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্ষণৰ অভিযোগ। জানিব পৰা অনুসৰি যোৱা ১০ জুন তাৰিখে আইজাক হাপাত নামৰ লম্পট ধৰ্মগুৰুজনে পত্নী অখুখ হোৱা বাবে এগৰাকী ১৬ বছৰীয়া কিশোৰী নিজৰ গৃহলৈ লৈ আনিছিল। জঘন্য মানসিকতা ব্যক্তি খ্ৰীষ্টান পাষ্টাৰজনে ভয় ভাবুকি লগতে হাত ভৰি বান্ধি কেইবাবাৰো ধৰ্ষণ কৰা অভিযোগ উত্থাপিত হৈছে। কিন্তু ২২ তাৰিখে কিশোৰী গৰাকীয়ে কৌশলৰে নিজ গৃহত উপস্থিত হ'বলৈ সক্ষম হয়। কিশোৰীৰ গৰাকীৰ শাৰীৰিক অৱনতি দেখি পৰীয়ালৰ লোকৰ সন্দেহ হোৱাত সোধাপোচা কৰাত এই জঘন্য ঘটনাৰ কথা পোহৰলৈ আহে। ইতিমধ্যে পৰীয়ালৰ লোকে লোকজনৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ আৰক্ষীৰ থানাত এজেহাৰ দাখিল কৰিছে।

Image

ভাৰতীয় সেনা বাহিনীৰ বিষয়া পদত নিযুক্তি পোৱা সহদেৱ ছেত্ৰীলৈ সম্বৰ্ধনা জ্ঞাপন। *অসম চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদসহ একাধিক সংগঠনৰ সম্বৰ্ধনা জ্ঞাপন*ভাৰতীয় সেনা বাহিনীত বিষয়া হিচাপে নিযুক্তি লাভ কৰাৰ মাৰ্ঘেৰিটাৰ সহদেৱ ছেত্ৰীলৈ বিভিন্ন দল সংগঠনৰ জ্ঞাপন। উল্লেখ্যে যে অলপতে হৈ যোৱা ভাৰতীয় সেনা বাহিনীৰ বিষয়া পৰ্যায়ৰ নিযুক্তি পৰীক্ষাত সহদেৱ ছেত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ ভাৰতীয় সেনা বাহিনীত লেফটেনেণ্ট হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয়।যুৱকজনৰ এই সফলতাৰ বাবে আজি গোৰ্খা জাতীয় বিভিন্ন দল সংগঠনৰ লগতে মাৰ্ঘেৰিটাৰ একাধিক দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ, অসম চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদ, অসম সাহিত্য সভাৰ,সদৌ অসম গোৰ্খা সাহিত্য সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ, মাৰ্ঘেৰিটা সাংবাদিক সংস্থা, লগতে মাৰ্ঘেৰিটা বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষে সম্বৰ্ধনা জ্ঞাপন কৰে। আজি অনুষ্ঠিত সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নোমল ছেত্ৰী, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অশোক লামা, সাধাৰণ সম্পাদক শেখৰ গুৰুং, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং , অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সুনিল গুৰুং,সদৌ অসম গোৰ্খা সাহিত্য সন্মিলনৰ সভাপতি এম বাহাদুৰ ছেত্ৰী, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ বিষয় ববীয়া লগতে মাৰ্ঘেৰিটা বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষ উপস্থিত থাকে।

Image

বহিঃৰাষ্ট্ৰ হাঙ্গীৰিত অধ্যয়নৰে উজ্বলি উঠিছে মাৰ্ঘেৰিটাৰ যুৱক। *বহি:ৰাষ্ট্ৰত উচ্চ শিক্ষাৰে মাৰ্ঘেৰিটা তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে আব্দুল ৰছিদে* V/O নিজ প্ৰতিভাৰে বিশ্বদৰবাৰত পৰ্দাপন মাৰ্ঘেৰিটাৰ মেধাৱী শিক্ষাৰ্থী মহম্মদ আব্দুল ৰছিদৰ। বহিঃৰাষ্ট্ৰ হাঙ্গীৰিত নিজ প্ৰতিভাৰে উজ্বলি উঠিছে মাৰ্ঘেৰিটাৰ লিডু বজাৰ নিৱাসী আব্দুল ৰৌফ আৰু এলিনা বেগমৰ সূযোগ্য সন্তান আব্দুল ৰছিদ। মাৰ্ঘেৰিটাৰ বৰগোলাই বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বি টেক পাঠ্যক্ৰম সফলতাৰে সম্পন্ন কৰি বহিঃৰাষ্ট্ৰ হাঙ্গীৰিত সুখ্যাতিৰে এম টেক কৰিবলৈ জলপানী লাভ কৰে। বহিঃৰাষ্ট্ৰ হাঙ্গীৰিতো নিজৰ প্ৰতিভাৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাৰ্ঘেৰিটা লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।ভৱিষ্যতে বহিঃৰাষ্ট্ৰ হাঙ্গীৰিতে কৰ্মজীৱন আৰম্ভ কৰাৰ পৰিকল্পনা মেধাৱী শিক্ষাৰ্থী আব্দুল ৰছিদৰ।উল্লেখ্যে যে ইতিমধ্যে মাৰ্ঘেৰিটাৰ লিডুৰ নিছিনা এখন ঠাইৰ পৰা গৈয়ো হাঙ্গীৰি ওপৰিও ২০ খনতকৈ অধিক ৰাষ্ট্ৰত বিভিন্ন প্ৰকল্প কামত ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিছে আব্দুল ৰছিদে। যুৱকজনৰ এই সফলতাত পিতৃ মাতৃসহ সমূহ পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ লিডু মাৰ্ঘেৰিটাৰ অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে।

Image

মাৰ্ঘেৰিটাত আন্তৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন। সমগ্ৰ বিশ্বতে নিচাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলন তথা ড্ৰাগছৰ লগতে বিভিন্ন অবৈধ সৰবৰাহে এক ভয়াৱহ ৰূপ লৈছে। বিভিন্ন সা-সামগ্ৰী আন্তৰাষ্ট্ৰীয় বজাৰত অবৈধভাৱে সৰবৰাহৰ পয়োভৰ বৃদ্ধি পাবলৈ লৈছে।জনসাধাৰণক ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীসমূহৰ লগতে সৰবৰাহৰ বিৰুদ্ধে সজাগ কৰিবলৈ নিখিল ভাৰত যুৱ ফেডাৰেচন(AIYF) আৰু নিখিল ভাৰত কৃষক সভা(AIKS)ৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু লিডু মহাবিদ্যালয়ৰ সহযোগত আজি মাৰ্ঘেৰিটাৰ লিডুত মহাবিদ্যালয়ৰ সভাগৃহত “আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস” পালন কৰা হয়।উক্ত অনুষ্ঠানত উপস্থিত থাকে নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিক পৰিষদৰ সহকাৰী সম্পাদক সঞ্জীৱ গাংগুলী, লিডুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ কৃপাপ্ৰসাদ উপাধ্যায়, মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসহ AIYF আৰু AIKS ৰ বহু সংখ্যক কৰ্মকতা আৰু লিডুৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ। সভাত স্থানীয় জীতেন কোঁৱৰ নামৰ অন্ধ শিল্পী গৰাকীয়ে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা দেৱৰ মানুহে মানুহৰ বাবে গীতটো পৰিবেশন কৰি উপস্থিতিত সকলোকে আমোদ দিয়ে। সভাৰ আৰম্ভণিতে উপস্থিতিত সকলোৱে ড্ৰাগছ বিৰোধী শপত গ্ৰহণ কৰে।

Image

৮-৯ নবেম্বৰত লিডুত ৰাষ্ট্ৰীয় সাহিত্য সন্মিলন তিনিচুকীয়া জিলাৰ বিভিন্ন জাতি -জনগোষ্ঠীৰ মিলনভূমি লিডুত ৮-৯ নবেম্বৰত আয়োজিত হ'ব লিডু ৰাষ্ট্ৰীয় সাহিত্য সন্মিলন । ইতিমধ্যে ড° ৰঞ্জিত দত্তক সভাপতি জগত চাংমাইক কাৰ্যকৰী সভাপতি ৰাণাজ্যোতি নেওগক মুখ্য সম্পাদক অৰুণজ্যোতি নিবনুৱা সুখদেব শৰ্মাক যুটীয়া সম্পাদক কৈলাশ গুপ্তাক কোষাধ্যক্ষ হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে । বুধবাৰে লিডু শাখা সাহিত্য সভা ভৱনত উদযাপন সমিতিৰ এখন সৱভা অনুষ্ঠিত হয় ।সভাপতি ড° ৰঞ্জিত দত্তৰ পৌৰহিত্যত কাৰ্যকৰী সভাপতি জগত চাংমাইকে ধৰি আটাইকেজন বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত সভাৰ উদ্দেশ্যে বাখ্যা কৰে মুখ্য সম্পাদক ৰাণাজ্যোতি নেওগে । সভাত ৰাষ্ট্ৰীয় সাহিত্য সন্মিলন খনৰ আয়োজনৰ সকলো দিশ সামৰি আলোচনা কৰা হয় ।লগতে ৮-৯ নবেম্বৰ চূড়ান্ত কৰা হয় । সভাত সভাপতি ড° ৰঞ্জিত দত্তই ৰাষ্ট্ৰীয় সাহিত্য সন্মিলন উপলক্ষে গল্পকাৰ সন্মিলন, উপন্যাসিক সন্মিলন, কবি সন্মিলন,আবৃত্তিৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ একুৰিৰো অধিক প্ৰসিদ্ধ সাহিত্যিক -কবিয়ে অংশগ্ৰহণ কৰাৰ নিশ্চয়তা প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে । ইয়াৰোপৰি ৰাজ্যৰ জনপ্ৰিয় তথা বিশিষ্ট সাহিত্যিকে অংশ ল'ব ৰাষ্ট্ৰীয় সাহিত্য সন্মিলন খনত । সভাত মাধৱ দয়াল দত্ত কৈলাশ গুপ্তা দীপক চেতিয়া সুখদেব শৰ্মা বিকাশ বৰুৱা তপন দে উৎপল কোঁৱৰ তপন গগৈ আদি সকলো বিষয়ববীয়া উপস্থিত থাকে ।

Image

মাৰ্ঘেৰিটাৰ KIDZEE চানছাইন চিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ শিক্ষাৰ্থী আদৰণিয় পদক্ষেপ।ছাত্ৰ ছাত্ৰী মাজত ডিজিটেল পদচিহ্ন উপৰত এক সজাগতা পাঠদান । মাৰ্ঘেৰিটাৰ এখন অন্যতম ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠান KIDZEE চানছাইন হাইয়াৰ চিনিয়ৰ ছেকেণ্ডৰী স্কুলত আজি ছাত্ৰ ছাত্ৰী মাজত ডিজিটেল পদচিহ্ন উপৰত এক সজাগতা পাঠদান অনুষ্ঠিত হয়।।।ডিজিটেল পদচিহ্ন হৈছে ডিজিটেল প্লেটফৰ্ম আৰু ইণ্টাৰনেটৰ বাৰ্তালাপ ৷বাৰ্তালাপ কৰাৰ সময়ত এৰি যোৱা চিহ্ন আৰু তথ্য উপৰত আজি ছাত্ৰ ছাত্ৰীক এক গুৰত্বপূৰ্ণ শিক্ষা দিবলৈ চেষ্টা কৰে।।।বিদ্যালয়খনৰ শিক্ষকগৰাকী মাৰ্ঘেৰিটা সম জিলাৰ অন্তৰ্গত সকলো বিদ্যালয়ত এনে গুৰত্বপূৰ্ণ পাঠদান হোৱাটো উচিত বুলি জানিবলৈ দিয়ে।।।এই পদক্ষেপ গ্ৰহণ কৰি শিক্ষাৰ্থীসকল উৎফুল্লিত হৈ পৰা দেখা যায়। শিক্ষাগুৰু বান্তি চন্দ্ৰ দেৱনাথৰ এনে পদক্ষেপত অঞ্চলবাসী আৰু বিদ্যালয় কতৃপক্ষ উৎফুল্লীত হৈছে।

Image

উচ্ছেদিত ৰাইজৰ মুখবন্ধ প্ৰতিবাদ ৷প্ৰায় অৰ্ধশতাধিক পুৰুষ-মহিলাই সাব্যস্ত কৰে এই প্ৰতিবাদ৷ প্ৰতিবাদী দলটোৱে জাগুন আৰক্ষী চকীৰ সন্মুখৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৱস্থান কৰি পথ অৱৰোধ কাৰ্যসুচীৰে এই মুখবন্ধ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিকুল বতৰৰ সকলো বাধা নেওচি একপ্ৰকাৰে আকোৰগোঁজ মনোবৃত্তিৰে ৰাষ্ট্ৰীয় ঘাই পথচোৱা অৱৰোধ কৰি ৰাখে৷ আজি প্ৰায় দুবছৰ পুৰ্বে এইসকল ৰাইজে নামফাই টাপুত মাটি অধিগ্ৰহণ কৰি বিভিন্ন ধৰণৰ শস্য উৎপাদনেৰে জীবিকা উপাৰ্জন কৰি জীৱন- যাপন কৰি আছিল যদিও চৰকাৰৰ অনুমতি সাপেক্ষে এইসকল কৃষিজীৱী লোকক উক্ত স্থানৰ পৰা প্ৰশাসনে উচ্ছেদ কৰি লাইকা নামে ঠাইৰ পৰা এটা বিশেষ জনজাতি লোকক আনি নামফাই টাপুত সংস্থাপনৰ ব্যৱস্থা কৰে ৷ উল্লেখ্য যে সেই সময়ত উচ্ছেদিত ৰাইজক চৰকাৰৰ জনপ্ৰতিনিধি তথা প্ৰশাসনিক বিষয়া সকলে তেখেতসকলৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া হ’ব বুলি মৌখিক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও বাস্তৱত কিন্ত ইয়াক ৰূপায়ণ নকৰাত ক্ষুব্ধ হৈ পৰে এইসকল নীপিড়িত ৰাইজ৷ যাৰ ফলশ্ৰুতিত আজি এনেধৰণে ৰাইজে আবদ্ধ কৰি ৰাখে ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ৷

Image

মাৰ্ঘেৰিটাত অসম সাহিত্য সভা কেন্দ্ৰীয় বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন। কলাগুক বিষ্ণুপ্রসাদ ৰাভাই অসমীয়া ভাষা, সাহিত্য, কলা-সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অবদানৰ স্বীকৃতিৰ চিন স্বৰূপে ২০ জুন তেখেতৰ মৃত্যু দিনটোক সমগ্ৰ ৰাজ্যবাসীয়ে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰি আহিছে। প্রতি বছৰে অসম সাহিত্য সভাই বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰি আহিছে। এই বছৰ অসম সাহিত্য সভাৰ কেন্দ্রীয় বিষ্ণুপ্রসাদ ৰাভা দিৱসটি তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা (স্বৰ্ণ) শাখা সাহিত্য সভাৰ সহযোগত মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰা হয়।কাৰ্যসূচী অনুসৰি অসম সাহিত্য সভাৰ গীতেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়।মুকলি সভাত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে। সভাপতি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে তেখেতৰ কাৰ্যকালতে অসমৰ সামাজিক আৰু উঠি অহা নৱ প্ৰজন্মৰ বাবে এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব যাতে নৱ প্ৰজন্মক এক সম্পদ হিচাপে গঢ়ি তুলিব পাৰে।মুকলি সভাত তিনিচুকীয়া জিলাৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক বিশিষ্ট সাহিত্যিক তথা গণ্য মান্য ব্যক্তিসহ অসম সাহিত্য সভাৰ বহু সংখ্যক বিষয়ববীয়াৰ তথা কৰ্মকৰ্তা আৰু স্থানীয় দল সংগঠনৰ প্ৰতিনিধিৰ লগতে স্থানীয় বহু সংখ্যক ৰাইজ উপস্থিত থাকে।বাইটঃ ড০ বসন্ত কুমাৰ গোস্বামী, সভাপতি অসম সাহিত্য সভা।

Image

Breking newsবিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত ডিব্ৰুগড়ৰ বিশিষ্ট লেখিকা আৰু সমাজ সেৱিকা বিজয়িনী ডাঃ মালাৰাণী দেৱী দত্তক "নাৰী শক্তি গৌৱব " বঁটা প্ৰদান কৰে "অসম বিকাশ সংঙ্ঘই " কেৱল মাৰ্ঘেৰিটা নহয় অসমৰ বিভিন্ন প্ৰান্তৰত তেও সকলোৰে বাবে পৰিচিত।

Image

মাৰ্ঘেৰিটালৈ সুনাম কঢ়িয়াই আনিল বালুখাদৰ এগৰাকী বিদ্যাৰ্থীয়ে**খুচবু আগৰৱালাক ৰাইজৰ অভিনন্দন*-মাৰ্ঘেৰিটা বালুখাদৰ যুৱতী খুচবু আগৰৱালাই বৰগোলাই বিবেকানন্দ বিদ্যালয়ৰ পঢ়া জীৱনৰ পাতনি মেলি ’ব্লু বাৰ্ড চেকেণ্ডাৰী* বিদ্যালয়ত উচ্চ মাধ্যমিক চুড়ান্ত পৰিক্ষাত উত্তীৰ্ন হৈ ডিগবৈ কলেজত mats ত অনাৰ্চ লৈ যোৱাকালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঘোষিত ফলাফলত সুনাম কঢ়িয়াই আনে । খুচবু আগৰৱালাই ষষ্ঠ সান্মাশিকৰ পৰিক্ষাত ডিব্ৰুগড় মহাবিদ্যালয়ৰ ভিতৰত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়। মাৰ্ঘেৰিটাৰ বালুখাদৰ ব্যৱসায়ী ৰমেশ আগৰৱালাৰ কন্যা খুচবু আগৰৱালাৰ এই বাতৰি বিয়পাৰ পিচত চোতালত ভীৰ কৰিছে গুনমুগ্ধৰ । পিতৃমাতৃৰ অশেষ কষ্টৰ ফলত খুচবু আগৰৱালাই সুনাম কঢ়িয়াই আনিল ৷মাতৃ সীমা দেৱী আগৰৱালাৰ চকুত এতিয়া আনন্দৰ চকুপানী । পঢ়নৰ পৰা দুৰৈৰ মানিক হাততে পোৱা যায় -এই কথাক সাৰোগত কৰি নিষ্ঠা আৰু একাগ্ৰতাৰে অধ্যয়ন কৰি আজি খুচবুৰ সুখ্যাতিত মাৰ্ঘেৰিটাবাসীয়ে বাহ বাহ কৰিছে ---

Image

কাংকণ গাঁৱৰ সন্তানে পোন প্ৰথমবাৰ ভাৰতীয় সেনাৰ অগ্নিবীৰত নিযুক্তি পোৱাৰ বাৱে উৎফুল্লিত গাঁওবাসী ৷ প্ৰশিক্ষণ শেষ কৰি ঘৰলৈ উভতি অহাৰ সময়ত গাঁৱবাসীৰ বিপুল আদৰণি ৷জাগুনৰ লাকলা কাংকণ গাঁৱৰ নিবাসী চিনা টায় আাৰু মেপানী টায়ৰ পুত্ৰ দিব্য টায়ে ভাৰতীয় সেনাবাহিনীৰ অগ্নিবীৰত নিযুক্তি পাবলৈ সক্ষম হয় ৷ গাঁৱখনৰ সন্তানে পোনপ্ৰথমবাৰৰ বাৱে ভাৰতীয় সেনাৰ অগ্নিবীৰত নিযুক্তি লাভ কৰাৰ বাৱে উৎফুল্লিত গাঁৱবাসী ৷ প্ৰশিক্ষণ সামৰি ঘৰলৈ উভতি অহাৰ সময়ত গাঁৱবাসীৰ বিপুল আদৰণি ৷

Image

হৰি নামৰ ধ্বনিৰে মুখৰিত লিডু চহৰ লিডু কেন্দ্ৰীয় নামঘৰৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে লিডু চহৰ।আজিৰ পৰা আৰম্ভ হৈছে লিডু কেন্দ্ৰীয় নামঘৰৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৪ ৰ্থ বাৰ্ষিক ভাগৱত পাঠ-ব্যাখ্যা অনুষ্ঠান ।তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱস আৰু ৪ ৰ্থ বাৰ্ষিক ভাগৱত পাঠ-ব্যাখ্যা অনুষ্ঠান । কাৰ্যসূচী পুৱা প্ৰাতঃ প্ৰসংগৰ পাছতে ধৰ্মধ্বজা উত্তোলনেৰে পাতনি মেলা হয়।ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচী পাতনি মেলে লিডু কেন্দ্ৰীয় নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি তৰুণ গগৈয়ে।স্মৃতি তৰ্পণ শুভাৰম্ভ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি দীপক চেতিয়া আৰু কাৰ্যকৰী সভাপতি উৎপল কোঁৱৰে ।নাম প্ৰসংগৰ পাছতে বিশ্ব শান্তিৰ বাবে আয়োজন কৰা ভাগৱত পাঠ আৰু ব্যাখ্যা আৰম্ভ কৰে। উদ্বোধন কৰে মাৰ্ঘেৰিটা সম জিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ সভাপতি পূৰ্ণানন্দ দিহিঙ্গীয়াই ।অনীল চুতীয়া আৰু অশোক বৰদলৈ মুখ্য পাঠেকী ৰূপে অংশ ল'ব লগা ভাগৱত পাঠ বাখ্যা অনুষ্ঠানত শিৱসাগৰৰ পৰা আমন্ত্ৰিত ক্ষীৰোদ গগৈ, খগেন গোঁহাই আৰু নন্দ লাচিতে বাখ্যা কৰোতা ৰূপে ভাগ লৈছে ।প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অন্যান্য ধৰ্মীয় কাৰ্যসূচী লগতে ১১জুনত স্থানীয় শিল্পীৰ দ্বাৰা কুৰু সন্ধ্যা নামৰ নাট ভাওনাৰ পৰিবেশন কৰা হ'ব বুলি আয়োজক সকলে জানিবলৈ দিয়ে।

Image

ডিগবৈত টাই আহোম যুৱ পৰিষদৰ বিশেষ অভিনন্দন অনুষ্ঠানটাই আহোম যুৱ পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিয়ে ডিগবৈ সাহিত্য সেৱা সমিতিৰ প্ৰাঙ্গণত মেধাৱী কৃৰ্তী ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে।পৰিষদৰ আঞ্চলিক সমিতিৰ কাৰ্যকৰী সভাপতি দীপজ্যোতি গগৈয়ে আঁত ধৰা আৰু বিকাশ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰাৰ অনুষ্ঠানত সভাপতিত্ব কৰে পৰিষদৰ আঞ্চলিক সমিতিৰ সভাপতি বিতোপন লাহনে। সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত, ডিগবৈ সাহিত্য সেৱা সমিতিৰ সভানেত্ৰী নিৰুপমা গোস্বামী, ডিগবৈ পৌৰসভাৰ কাৰ্যবাহী বিষয়া অনিৰুদ্ধ বৰা, ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত, বিশিষ্ট ক্ৰীড়াবিদ তথা সমাজকৰ্মী যোগেন পাটোৱাৰী, আছুৰ ডিগবৈ আঞ্চলিক সমিতিৰ উপদেষ্টা নিখিল কোঁচ, টাইপা কেন্দ্ৰীয় সহকাৰী সম্পাদক প্ৰাঞ্জল গগৈ, সাংগঠনিক সম্পাদক প্ৰভাত চাংমাই আদি উপস্থিত থাকে। উপস্থিত অতিথি সকলে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণ প্ৰসঙ্গত ভবিষ্যত শিক্ষা জীৱনক প্ৰণালীবদ্ধ ভাৱে অধ্যয়নত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। লগতে টাইপা এনে প্ৰশংসনীয় পদক্ষেপ ভূয়সী প্ৰশংসা কৰে। ডিগবৈ পৰীক্ষা কেন্দ্ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২৬ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক এখনি টাই জনগোষ্ঠীয় গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

Image