ছত্তিশগড়ত মাওবাদীৰ আক্ৰমণঃ সাংবাদিকসহ নিহত ২ জোৱান ছত্তিশগড়ৰ দন্তেৱাড়াত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত নিহত এজন সাংবাদিকৰ লগতে দুগৰাকীকৈ জোৱান। মঙলবাৰে অৰনপুৰ জিলাত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা । আক্ৰমণত নিহত হৈছে দুৰদৰ্শনৰ এগৰাকী সাংবাদিকো।
Posts
Showing posts from October, 2018
- Get link
- X
- Other Apps

বৰদুমছাত উদ্ধাৰ ব্ৰাউন চুগাৰ অৰুণাচল প্ৰদেশৰ বৰদুমছাত ১৮ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা হৈছে । ড্ৰাগছ সৰবৰাহকাৰী গুমচাও শিখেটৰ ঘৰৰ পৰা জব্দ কৰা হয় নিষিদ্ধ ব্ৰাউন চুগাৰখিনি । ৩২ বছৰীয়া গুমচাও শিখেটে নিজৰ ঘৰত লুকুৱাই ৰাখিছিল ব্ৰাউন চুগাৰখিনি । আৰক্ষীৰ লগতে চি আৰ পি এফ বিষয়া ভূপেন্দ্ৰ সিঙৰ নেতৃত্বত চলা এক অভিযানত উদ্ধাৰ কৰা হৈছে ব্ৰাউন চুগাৰ । গিডিং চাহ বাগিছা তিনি আলিৰ কাষত সৰবৰাহকাৰী গুমচাও শিখেটৰ ঘৰ । সম্প্ৰতি বৰদুমছা আৰক্ষীৰ জিম্মাত আছে ধৃত শিখেট । বিগত কেইবামাহো ধৰি এই নিষিদ্ধ ব্যৱসায়ৰ লগত জড়িত আছিল সৰবৰাহকাৰীজন ।
- Get link
- X
- Other Apps
যোৱা নিশা শিৱসাগৰত বোমা উদ্ধাৰক লৈ ৰহস্য ৷ চৰকাৰে বন্ধ বিফল কৰিবলৈ উঠিপৰি লগাৰ সময়তে নাটকীয় ভাৱে শিৱসাগৰৰ মাজমজিয়াত বোমা উদ্ধাৰৰ লগতে ১৫-২০ মিনিটৰ ভিতৰতে বোমা সংস্থাপনৰ সন্দেহত আটক ৰাজু আলী নামৰ এজনক ৷ পথৰ কাষত পৰি থকা টোপোলাটোত উদ্ধাৰ হৈছে বোমা সদৃশ সামগ্ৰী।ইতিমধ্যে বোমা উদ্ধাৰ হোৱা স্থানৰ পৰা জয়সাগৰ স্থিত ১৭ পাৰা ৰেজিমেণ্টৰ সামৰিক বাহিনীয়ে আটক কৰা ৰাজু আলি ওৰফে মেকুৰী পূৰ্বতেও বহু কূটাঘাতমূলক কাৰ্যত জড়িত হৈ জেলৰ ভাত খাই আহিছিল। প্ৰতিবাৰেই বোমা সংস্থাপন কৰাৰ পাছতে সেনাৰ হাতত আটক হৈ আহিছে মেকুৰী ৷
- Get link
- X
- Other Apps
Breaking MARGHWRITA- *নাগৰিকত্ব সংশোধনী বিধেয়ক-2016 বাতিলৰ দাবীত আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকন্ঠ অন্ঞ্চলটো সৰ্বাত্মক ৰূপত পৰা দেখা গৈছে। বন্ধৰ সময়ছোৱাত সকলো দোকান-পোহাৰ বন্ধ ৰখাৰ লগতে সকলোধৰনৰ যান বাহনৰ চলাচল সম্পূৰ্ণভাৱে বন্ধ আছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।
- Get link
- X
- Other Apps
মাৰ্ঘেৰিটাৰ পৰা ১৭বছৰীয়া যুৱক সন্ধানহীন তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ এলেকাধীন মাকুম পথাৰ চিৰোগাৱৰ পৰা এজন যুৱক ১১ দিনে নিৰুদ্দেশ হৈ আছে । যোৱা ২৯ চেপ্তেম্বৰৰ বিয়লী ৩.১০ মান বজাত মাৰ্ঘেৰিটা থানাৰ অধীনৰ চিৰো গাৱৰ বাসিন্দা কমল মেছৰ পুত্ৰ দেৱজিৎ মেছ (১৭)নাহৰকটীয়ালৈ বুলি ইণ্টাৰচিটি যোগে গৈ থকা অৱস্থাত নিৰুদ্দেশ হৈ আছে। অতি দুখীয়া পৰিয়ালৰ যুৱকজন এনেদৰে হঠাতে নিৰুদ্দেশ হোৱাত হতাশাত ভাগি পৰিছে পৰিয়ালটো। কোনো সদাশয় লোকে যুৱক জনৰ কিবা সন্ধান পালে ৮০১১৭৬১৫৭১ নম্বৰত জনাবৰ বাবে কাতৰ আহ্বান জনাইছে।
- Get link
- X
- Other Apps
ডিগবৈ পেঙেৰী বনাঞ্চলৰ গড়কাপ্তানী পথত এখন যাত্ৰীবাহী বাচ দূৰ্ঘটনাগ্ৰস্ত : বহু যাত্ৰী আহত । আজি কিছুসময়ৰ পূৰ্বে ডিগবৈ পেঙেৰী বনাঞ্চলৰ গড়কাপ্তানী পথত বৰডুমচা পৰা তিনিচুকীয়া অভিমুখে আহি থকা যাত্ৰীবাহী AS 23 AC 5400 নম্বৰৰ খ্ৰীষ্টীনা বাছখনে এখন মটৰ চাইকেলৰ আৰোহীক বচাবলৈ গৈ গতিবেগ নিয়ন্ত্ৰণ হেৰাই পথৰ দাঁতিত বাগৰি পৰি দূৰ্ঘটনাগ্ৰস্ত হয় । দূৰ্ঘটনাত আহত সকলক ডিগবৈ আৰু পেঙেৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
- Get link
- X
- Other Apps
তৈল নগৰী দুলীয়াজানৰ দুলীয়া গাঁৱত থকা S7 অইলৰ টেলখাদত ৰাইজে কৰিলে প্ৰতিবাদ । অইল ইণ্ডিয়া লিমিটেডৰ এই S7 নামৰ তেল খনন খাদটোত হোৱা শব্দ প্ৰদূষণৰ বিনিময়ত ক্ষতিপূৰণ আদায় দি আহিছিল যদিও বিগত কেইবা মাহ ধৰি ৰাইজক ক্ষতিপূৰণ আদায় নিদিয়াৰ প্ৰতিবাদতেই এই দৰে ওলাই আহিল দুলীয়াগাঁও বাসী ৰাইজ । যাৰ ফলস্বৰূপে অইলে বহু লোকচানৰ সন্মুখীন হব লগা হৈছে ।
- Get link
- X
- Other Apps
মাৰ্ঘেৰিটাৰ ইনথেম গাওঁ পন্ঞ্চায়তৰ অন্তৰ্গত মাইচাং পানীত অঘটন । বুঢ়ীদিহিং নদীত গা ধুবলৈ গৈ দুই শিশুৰ সলিল সমাধি । এজনৰ কোনো মতে প্ৰাণ ৰক্ষা । মৃতদেহ উদ্ধাৰ কৰিলে স্থানীয় ৰাইজে । আজি দুপৰীয়া সাতুৰিবলৈ গৈছিল পাছ জন । হঠাতে ডুব যায় তিনি জন । ইয়াৰে সুৰভি সোণোৱাল নামৰ ৯ বছৰীয়া শিশুক জীৱন্ত অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিওঁ দুজনৰ নদীতে মৃত্যু হয় । মৃত হোৱা শিশু দুটাৰ নাম ক্ৰমে চুনচুনি সোণোৱাল ( ৭ বছৰ ) আৰু বিৰাজ সোণোৱাল ( ৪ বছৰ )। কৰুণ ঘটনাটোৱে সমগ্ৰ অন্ঞ্চলটোত দুখৰ ছাঁ পেলাইছে ।
- Get link
- X
- Other Apps
শদিয়াৰ শান্তিপুৰ গেটত আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ ৰণ ডংগা। প্ৰতিকী চেক গেটেৰে প্ৰতিবাদ। আন্ত:ৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,তিনিচুকীয়া জিলা সমিতিয়ে শদিয়া অাঞ্চলিক সমিতিৰ সহযোগত অাজি দিনৰ ১১ বজাৰ পৰা তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ শদিয়াৰ শান্তিপুৰ গেটত তিনিঘণ্টীয়া এক প্ৰতিকী চেকগেটেৰে প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে। প্ৰতিকী চেকগেটৰ প্ৰতিবাদী কাৰ্যসুচীত পৰিষদৰ কৰ্মকৰ্তাই অসম- অৰুণাচল সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথচোৱাৰে অহা যোৱা কৰা যান বাহন সমূহৰ নম্বৰসহ স্বাক্ষৰ লৈ একোখনকৈ গোহাৰি প্ৰদান কৰে।প্ৰতিকী প্ৰতিবাদী কাৰ্যসুচী ৰূপায়নত অংশগ্ৰহন কৰা যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণৰ লগতে ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰা সহ জিলাখনৰ কেইবাখনো অাঞ্চলিক সমিতিৰ অৰ্ধ শতাধিক কৰ্মকৰ্তাই চৰকাৰ বিৰোধী শ্লগানেৰে শদিয়াৰ সীমান্ত অঞ্চলৰ পৰিবেশ উত্তাল কৰি তোলে।যুৱ ছাত্ৰৰ কৰ্মীসকলে" অসমত অান্ত:ৰাজ্যিক পাৰ পত্ৰ প্ৰবৰ্তন কৰক","অসম চৰকাৰ হায় হায়","নৰেন্দ্ৰ মোডী গ'বেক","সৰ্বানন্দ ...
- Get link
- X
- Other Apps
নগাঁৱত চিলনী চোৰৰ সন্ত্ৰাস । ঠিকাদাৰৰ পৰা থপিয়াই নিলে ডেৰ লাখ টকা । নগাঁও চহৰত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস । বৃহস্পতিবাৰেও নগাঁৱৰ আবু বক্কৰ ছিদ্দিক নামৰ এগৰাকী ঠিকাদাৰৰ পৰা বাইকত অহা দুই দুৰ্বৃত্তই ডেৰ লাখ টকা থপিয়াই নিয়ে । নগাঁৱৰ হয়বৰগাঁৱস্থিত এক্সিচ বেংকৰ পৰা ঠিকাদাৰ গৰাকীয়ে ধনখিনি উলিয়াই আনিছিল । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত হয়বৰগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
- Get link
- X
- Other Apps
Margherita AJYP Hunger Strick মাৰ্ঘেৰিটা মহকুমাবাসীৰ ৰাজহুৱা স্বাৰ্থ জৰিত সমস্যা সমাধানৰ দাবীত একক ভাৱে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি অৱনী চলিহাই মহাত্মা গান্ধীৰ জন্মদিনটোতে মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত ১২ ঘণ্টীয়া অনশন কাৰ্যসূচীৰে মাৰ্ঘেৰিটা মহকুমাধীপতিৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। মাৰ্ঘেৰিটা মহকুমাবাসীৰ ৰাজহুৱা স্বাৰ্থ জৰিত সমস্যা সমাধানৰ দাবীত একক ভাৱে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি অৱনী চলিহাই মহাত্মা গান্ধীৰ জন্মদিনটোতে মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত ১২ ঘণ্টীয়া অনশন কাৰ্যসূচীৰে মাৰ্ঘেৰিটা মহকুমাধীপতিৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। মাৰ্ঘেৰিটাৰ লেখাপানীত প্ৰস্তাৱিত তাপ বিদ্যুৎ প্ৰকল্পটোৰ কাম আৰম্ভ কৰা, মাৰ্ঘেৰিটা মহকুমাত থকা অসামৰিক চৰকাৰী চিকিৎসালয়খনক মহকুমা চিকিৎসালয়লৈ উন্নতি কৰা, মাৰ্ঘেৰিটা মহকুমাত জনসাধাৰণৰ বাবে চিকিৎসা সহজলভ্য কৰা, অবৈধ মদ, গুটখা , কানি, ড্ৰাগছ, ভাং আদি সম্পূৰ্ণ বন্ধ কৰা, ৮০ দশকত ক'ল ইণ্ডিয়াই আমদানী কৰা অপেন কাষ্ট মাইনিং অৰ্থাত মুক্তখনন পদ্ধতি বন্ধ কৰি বিজ্ঞান সন্মতভাৱে আভ্যন...
- Get link
- X
- Other Apps
তৈল নগৰী দুলীয়াজানৰ পিপল তলত মূল্যবৃদ্ধিৰ ৰোধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদত তিনি ঘন্টিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে । দুলীয়াজানৰ মাজ-মজিয়াত পিপল তলত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু বৃহত্তৰ অসমীয়া মহিলা মঞ্চ দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত মূল্যবৃদ্ধি ৰোধ কৰাৰ প্ৰতিবাদত B.J.P. চৰকাৰৰ বিৰুদ্ধে তিনি ঘন্টিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ।