Posts

Showing posts from August, 2018
এগৰাকী কিশোৰীক প্ৰেমৰ সম্পকে মাজত আবদ্ধ কৰি শাৰীৰিক সম্পৰ্ক স্থাপনেৰে মাতৃত্বৰ বুজা  মাৰ্ঘেৰিটা ৩১ আগষ্টঃ- এগৰাকী কিশোৰীক প্ৰেমৰ সম্পকে মাজত আবদ্ধ কৰি শাৰীৰিক সম্পৰ্ক স্থাপনেৰে মাতৃত্বৰ বুজা জাপি দিয়াত ১৫বছৰীয়া কিশোৰীগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। সেই পুত্ৰ সন্তানটি বিবাহীত প্ৰেমীকে নিজৰ নহয় বুলি কোৱাত কিশোৰী গৰাকীৰ দেউতাকে আন এজন লোকক তিনিদিনীয়া শিশুটোক তুলি লবলৈ দিয়াৰ খবৰ বিয়পি পৰাৰ পাছতে স্থানীয় মহিলা সমিতিৰ অভিযোগৰ ভিত্তিত মাৰ্ঘেৰিটা আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি অভিযুক্তক নিজৰ জিমাত লোৱা এক ঘটনা সংঘটিত হৈছে আজি মাৰ্ঘেৰিটাত৷ প্ৰাপ্ত খবত অনুসৰি মাৰ্ঘেৰিটা নামদাং অঞ্চলৰ অজয় তাঁ‌তী নামৰ এজন ভণ্ড প্ৰেমীকে প্ৰথমে প্ৰেম মায়াজালত আবদ্ধ কৰি এগৰাকী ১৫ বছৰীয়া কিশোৰীক মাতৃত্বৰ বুজা জাপি দিয়াৰ পাছত জন্ম হোৱ পুত্ৰ সন্তানটো আৰু মাতৃৰ দায়িত্ব লোৱাৰ পৰা আঁতৰি থাকিব বিছৰাত স্থানীয় মহিলা সমিতিয়ে মাৰ্ঘেৰিটা আৰক্ষী থানাত দিয়া গোচৰ ভিত্তিত ভণ্ড প্ৰেমীক বিবাহিত এজনী ছোৱালীৰ দেউতাক অজয় তাঁ‌তীক গোচৰ ৰুজু কৰি নিজৰ জিমাত লৈছে৷ ১৫ বছৰ বয়সতে কিশোৰী মাতৃত্বৰ বুজা লবলগা হোৱা মাতৃ গৰাকীক চিকিৎসাৰ ব্...
Image
Breaking News: অৰুণাচল প্ৰদেশৰ চিয়াঙৰ দ্বীপত আবদ্ধ ১৯জনক উদ্ধাৰ। বায়ুসেনাই সুকলমে উদ্ধাৰ কৰে লোককেইজনক। চিয়াঙৰ জলপৃষ্ঠ ভয়ংকৰভাৱে বৃদ্ধিৰ ফলত চিলে অয়ান দ্বীপত আবদ্ধ হৈ পৰিছিল লোককেইজন। আজি পুৱাৰে পৰা হেলিকপ্টাৰৰ সহায়ত অভিযান চলাই লোককেইজনক উদ্ধাৰ কৰে বায়ুসেনাই। বৰ্তমান পাচিঘাটত ৰখা হৈছে উদ্ধাৰ কৰা লোককেইজনক।
হৰিশ ৰাৱট, সাধাৰণ সম্পাদক নিখিল ভাৰত কংগ্ৰেছ কমিটি
Image
#BIG_BREAKING_NEWS ধেমাজি জিলা প্ৰশাসনৰ হাই এলাৰ্ট জাৰি চীনে ৩ টাকৈ বান্ধৰ পানী এৰি দিয়া পাচতে তৎপৰ জিলা প্ৰশাসন চিয়াং নৈপৰীয়া লোকক আঁতৰত থাকিবলৈ আহ্বান দুৰ্যোগৰ সৈতে চামিল হ'ব পৰাকৈ সাজু দুৰ্যোগ প্ৰশমন বিভাগ  সংবাদ মাধ্যমক জনালে ধেমাজি জিলা উপায়ুক্তই
Image
কেৰেলাৰ পাছতে অসমতো হ'ব পাৰে মহাপলয়।  চীনৰ পৰা চাংপোৰে নামিছে বৃহৎ ধল  অসম- অৰুণাচল প্ৰদেশলৈ ভাবুকি, ধেমাজিত প্ৰশাসনৰ বৈঠক কেৰেলাৰ পাছতে অসমতো হ'ব পাৰে মহাপলয়।  চীনৰ পৰা চাংপোৰে নামিছে বৃহৎ ধল  অসম- অৰুণাচল প্ৰদেশলৈ ভাবুকি, ধেমাজিত প্ৰশাসনৰ বৈঠক ৩০আগষ্টঃ- কেৰেলাৰ পাছতে অসমতো হ'ব পাৰে মহাপলয়। প্ৰচণ্ড ভাবুকি কঢ়িয়াই চাংপোৰ পানীয়ে অসম তথা অৰুণাচলৰ বৃহৎ অঞ্চলত বানপানীৰ সৃষ্টি হোৱাৰ সম্ভৱনাই দেখা দিছে। বেইজিঙৰ এক বাৰ্তাক লৈ এতিয়া হাহাকাৰ লাগিছে অসম আৰু অৰুণাচল প্ৰদেশত । কাৰণ ৫০ বছৰৰ পিচত চাংপোত ভয়াৱহ ধল নামিছে । প্ৰতি ছেকেণ্ডত চাংপোৰে বৈছে ৯,০২০ ঘন মিটাৰ পানীৰ ধল । কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰালয়ে চীন চৰকাৰৰ পৰা এই সন্দৰ্ভত আনুষ্ঠানিক তথ্য পোৱাৰ পাচতে অৰুণাচল  আৰু অসম চৰকাৰলৈ  জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে । অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ উপায়ুক্তই চিয়াং নদীৰ পাৰৰ ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱাৰ সময়তে বৃহস্পতিবাৰে ধেমাজিত জিলা উপায়ুক্তৰ সভাকক্ষতো এখন জৰুৰী বৈঠকৰ আহ্বান কৰা হয় । কাৰণ যিকোনো মুহূৰ্তত পানীৰ ধল ব'ব পাৰে চিয়াং তথা মহাবাহু ব্ৰহ্মপুত্ৰইদি ...
Image
প্ৰথম অসমীয়া ভাষা লিখক আছু    আজি বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলি ত ইমূৰৰ পৰা সিমূৰলৈ পথটিৰ সকলোবোৰ ব্যৱসায় প্ৰতিষ্ঠানৰ নামফলকসমুহ প্ৰথম শাৰীত অসমীয়া ভাষাত লিখিবৰ বাবে কোৱা হৈছিল আৰু যিবোৰে এতিয়ালৈকে কৰা নাই তেওঁলোকৰ নামফলক সমুহ এৰোৱাই অসমীয়া ভাষাত লিখিবলৈ কোৱা হ'ল। সাৰি নগ'ল জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যলয়।
মাৰ্ঘেৰিটাত চোৰাং কাঠ সহ যন্ত্ৰ চালিত কৰত জব্দ চোৰাং কাঠ মাফিয়াৰ বিৰুদ্ধে অভিযানঃ কাঠ আৰু দুটা যন্ত্ৰ চালিত কৰত জব্দ মাৰ্ঘেৰিটা ২৯আগষ্টঃ- ডিগবৈ বনসংমণ্ডলৰ অধিনৰ মাৰ্ঘেৰিটা দিহিং পাটকাই অভয়াৰণ্যৰ ডিৰক মুখত চোৰাং কাঠ মাফিয়াৰ বিৰুদ্ধে আজি পুৱতি নিশা অভিযান চলাই ৩০ চি এফ টিৰো অধিক কাঠ আৰু দুটা যন্ত্ৰ চালিত কৰত বন বিভাগে জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি লেখাজান বিট কাৰ্যালয়ৰ অধিনৰ দিহিং পাটকাই অভয়াৰণ্যৰ মাৰ্ঘেৰিটা পশ্চিম বনাঞ্চলিক বন বিষয়া পিংকু সিং নেতৃত্ব যোৱা বন বিভাগৰ দলে এই অভযান চলায়। অভিযান কালত চোৰাং কাঠ মাফিয়াই যন্ত্ৰ চালিত দুটা কাঠ ফলা কৰত আৰু ৩০ চি এফ টি কাঠ বনাঞ্চলতে পেলাই ঘন বনাঞ্চলেৰে পলাই যাবলৈ সক্ষম হয়। কিছুদিনৰ পৰা একাংশ চোৰাং কাঠ মাফিয়াই বনাঞ্চল খনত অবাধে মূল্যৱান গছ কাটি সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। এই ক্ষেত্ৰত আজিৰ এই অভিযানে চোৰাং কাঠ মাফিয়াৰ বিৰুদ্ধে সক্ৰিয় অভিযান বুলি বন বিষয়া গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।
Image
২০১৯ লোক সভা নিৰ্বাচনৰ বাবে ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাৰ্ঘেৰিটাৰ পৰা ৰণ ডংকা বজালে অসম প্ৰদেশ কংগ্ৰেছে  আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা কংগ্ৰেছ ভৱনত তিনিচুকীয়া জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্য্যনিৰ্বাহক অনুষ্ঠিত কৰাৰ লগতে আগন্তক লোকসভা নিৰ্বাচনৰ পাৰম্ভিক প্ৰস্তুতি হিচাপে এই সভা অনুষ্ঠিত হয়। এই সভাত হৰিশ ৰাৱট, সাধাৰণ সম্পাদক নিখিল ভাৰত কংগ্ৰেছ কমিটি, তত্বাৱধায়ক অসম প্ৰদেশ কংগ্ৰেছ কমিটি, ৰিপুন বৰা, সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটি, দেৱব্ৰত শইকীয়া বিৰোধী দলপতি অসম বিধানসভা,  প্ৰদ্যুৎ বৰদলৈ উপসভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটি অধ্যক্ষ মিডিয়া কোষ, অসম প্ৰদেশ কংগ্ৰেছ কমিটি। পৃথিৱী মাঝী, পৱন সিংহ ঘাটোৱাৰকে ধৰি বহু কংগ্ৰেছীয়ে উপস্থিত থাকে । বিজেপি চৰকাৰে হিচাপ দিয়ক, উত্তৰ দিয়ক , ভুৱা প্ৰতিশ্ৰুতি, ব্যৰ্থতা, দুৰ্নীতি আৰু জনবিৰোধী নীতি সন্দৰ্ভত এখন প্ৰচাৰ প্ৰস্তুকাও প্ৰকাশ কৰে।
Image
এছিয়ান গেম্ছৰ ফাইনেলত ৰূপৰ পদক জয় হিমা দাসৰ ৫০.৭৯ ছেকেণ্ডতে ৪০০ মিটাৰ দৌৰ অতিক্ৰম কৰিলে হিমাই ছেমিফাইনেলত ৫১ ছেকেণ্ডত দ্বিতীয় স্থান লাভেৰে ফাইনেলত প্ৰৱেশ কৰিছিল নিজৰে অভিলেখ ভংগ কৰি ৫০.৭৯ ছেকেণ্ডতে ফাইনেলত ৰূপৰ পদক লাভ
Image
কৃত্ৰিম বানপানী তিনিচুকীয়া  কিন্তু পৌৰসভা গভীৰ নিদ্ৰাত । আজি লৈকে অসমত কৃত্ৰিম বানপানীৰ পৰা মুক্তি দিয়াৰ কথা কয় বহু টকা খৰচ কৰা হয় চৰকাৰৰ দ্বাৰা । কিন্তু প্ৰকৃততে কৃত্ৰিম বানপানীৰ সমস্যাৰ সমাধান হ'ব নে ?
Image
লেখাপানীত লাক্ষাধিক মূল্যৰ মূল্যৱান চোৰাং কাঠ জব্দ ,২৫আগষ্টঃ--তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানীত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত অন্তৰ্গত লেখাপানী টিৰাপ আৰু টিপং সংৰক্ষিত বনাঞ্চলৰ চোৰাং কাঠ মাফিয়াই অবাধ বব ধ্বংস অভিযান অব্যাহত ৰখাৰ সময়তে আজি লেখাপানী আঞ্চলিক বনবিষয়া কাৰ্যালয়ৰ বনবিভাগৰ দলে গোপন সূত্ৰৰ  পম খেদি অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। বন বিভাগৰ দলটোৱে টিৰাপ নৈৰ ফুলবাৰী ঘাটিৰ সমীপত চোৰাং কাঠ মাফিয়াই লুকুৱাই ৰখা ২০০ চি এফ টিৰো অধিক হাতে ফলা চাম কাঠ জব্দ কৰে। ইপিনে চোৰাং কাঠখিনি বোজাই কৰিবলৈ নিয়া গাড়ীসহ চোৰাং কাঠ মাফিয়াই বন বিভাগৰে অভিযানৰ বিষয়ে অৱগত হৈ পলাই যাবলৈ সক্ষম হয়। জব্দ কৰা চোৰাং কাঠখিনিৰ মূল্য ডেৰ লক্ষাধিক টকা হব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ
সোণাৰিৰ সাপেখাতীত উদ্ধাৰ ৰকেট ৰকেটটো দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ কৰা সময়ৰ বুলি সন্দেহ অসম অৰুণাচল সীমান্তৱৰ্তী হোলোঙাঁমৰাৰ কানু গগৈৰ চাহ বাগিচাত উদ্ধাৰ ৰকেটটো উদ্ধাৰ হোৱা ৰকেটটোৰ ওজন প্ৰায় ২০ কেজি
অসম ৰাইফলছে আৰু নামপং গাওঁবাসীৰ মাজত উত্তপ্ত পৰিস্থিতি News24Ne Report চাংলাং ২৩আগষ্টঃ- ১৩নং অসম ৰাইফলছে দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপং গাৱঁ‌ৰ ৰাইজক উগ্ৰপন্থী বিচৰাৰ নামত শাৰীৰিক মানসিক শাস্তী দিয়া অভিযোগ উত্থাপন হৈ আহিছে। কালি নামপঙৰ গাওঁবাসীয়ে ভাৰতীয় সেনা বাহিনীৰ ১৩নং অসম ৰাইফলছে এটা দলক গাওঁখনক অবদ্ধ কৰি গাওঁবাসী ওপৰত চলাই অহা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে। সেনাৰ লগত একাংশ গাওঁবাসীয়ে হতাহতিটো লিপ্ত হয়। ইয়াকে লৈ অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । স্থানীয় অৰুণাচলী আৰক্ষী আৰু প্ৰশাসনৰ লোক ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি শান্ত কৰিবলৈ চেষ্টা কৰে যদিও স্থানীয় গাওঁবাসীৰ ওপৰত সেনাই অনাগত দিনত যাতে এনে পৰিস্থিতি সৃষ্টি নকৰে তাৰ আশ্বাস দিয়াত হে এই উত্তেজনা পূৰ্ণ পৰিবেশৰ শাম কাটে ।
Image
তিনিচুকীয়া আৰক্ষীৰ জালত পাঁচজন ভুৱা আলফা News24Ne Reports তিনিচুকীয়া ২৩আগষ্টঃ- আলফা স্বাধীনৰ নামত ধন দাবীৰে সন্ত্ৰাস চাৰিজনৰমিন্টু শইকীয়া ওৰফে সঞ্জীৱ মেধি অসম, কলামনি দাস ওৰফে ডেকা, দেৱকান্ত দাস ওৰফে ৰাজু, বালেশ্বৰ প্ৰসাদ ৰায় আৰু অতুল বৰদলৈক আটক উদ্ধাৰ কৰা হৈছে  নগদ দুই লাখ টকা তিনিচুকীয়া আৰক্ষীৰ নেতৃত্বত শিৱসাগৰ,যোৰহাট আৰু গোলাঘাট আৰক্ষীৰ সহযোগত চলিছিল অভিযান ধৃত চাৰিজনকে তিনিচুকীয়াত মাৰথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
Image
অ চি ভাস্কৰ কলিতাৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন দাখিল উন্নত মানদণ্ডৰ আছিল বুলেটপ্ৰুফ জেকেট News24ne Report:-তিনিচুকীয়া ২৩আগষ্টঃ--  নিম্ন মানদণ্ডৰ বুলেটপ্ৰুফ জেকেটৰ বাবে নহয়, বৰঞ্চ সঠিকভাৱে জেকেট পৰিধান নকৰাৰ বাবেহে আলফাৰ গুলীত মৃত্যুক সাৱতিব লগা হ'ল আৰক্ষী বিষয়া ভাস্কৰ কলিতাই । তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ সন্দৰ্ভত এই প্ৰতিবেদন দাখিল এজনীয়া বিচাৰ সমিতিৰ। অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ এজনীয়া তদন্ত সমিতিৰ প্ৰতিবেদনত স্পষ্ট ভাৱে উল্লেখ যে, ২০১২-১৩ চনত অসম আৰক্ষীক যোগান ধৰা বুলেট প্ৰুফ জেকেটৰ মানদণ্ডৰ ক্ষেত্ৰত সন্দেহ কৰিব লগা কোনো কাৰণ নাই। ৰাজ্যৰ বিভি্ন্ন আৰক্ষী থানাৰ পৰা 'টাটা এডভান্স মেটেৰিয়েলছ' নামত প্ৰতিষ্টানটোৱে যোগান ধৰা বুলেট প্ৰুফ জেকেটৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিছিল তদন্ত সমিতিয়ে। বুলেটপ্ৰুফ জেকেটৰ গুণগত মানদণ্ড পৰীক্ষাৰ ক্ষেত্ৰত ফায়াৰিং আৰু বেলেষ্টিক টেষ্ট কৰাৰ কথা উল্লেখ কৰা হৈছে প্ৰতিবেদনত। কেৱল ইমানেই নহয়, জেকেটৰ গুণগত মানদণ্ড পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰা হৈছিল চণ্ডিগড়স্থিত কেন...
Image
মাৰ্ঘেৰিটাৰ প্ৰাক্তন সুদক্ষ খেলুৱৈ প্ৰসান্ত গগৈ (ৰুবু দা)ৰ বিয়োগ  ২৩আগষ্টঃ-  ৭০-৯০ দশকত অসমৰ খেল পথাৰ সমূহত দুভৰিৰ যাদুৰে ফুটবল প্ৰেমীক মোহাচ্ছন্ন কৰি ৰখা মাৰ্ঘেৰিটা জিলা ক্ৰিয়া সন্থাৰ প্ৰাক্তন সম্পাদক( ১৯৯১-১৯৯৩) , ফুটবল, ভলিবল আৰু ক্ৰিকেটৰ খেলুৱৈ তথা ১৯৭৩-৭৫ বৰ্ষৰ মাৰ্ঘেৰিটাৰ এন চি চি দলৰ কেপ্টেইন প্ৰসান্ত গগৈ (ৰুবু দা) আৰু নাই । যোৱা ১৯ আগষ্ট তাৰিখে কলিকতাৰ এখন চিকিৎসালয়ত স্বাস্থ্যজনিত কাৰণত চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাতে প্ৰসান্ত গগৈৰ মৃত্যুৰ খবৰ পোৱা গৈছে । উল্লেখযে সদ্যঃ প্ৰয়াত প্ৰসান্ত গগৈ মাৰ্ঘেৰিটা ক্ৰিয়া সন্থাৰ সম্পাদকৰ দায়িত্বত থকা অৱস্থাত ১৯৯২ চনত মাৰ্ঘেৰিটাৰ পৰা প্ৰথম বাৰৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা সদৌ অসম আন্তঃ জিলা ক্ৰীয়া প্ৰতিযোগিতাত মাৰ্ঘেৰিটাৰ খেলুৱৈ দলৰ অংশগ্ৰহণেৰে অসমৰ ক্ৰীড়া মানচিত্ৰত এখন নতুনকৈ  মাৰ্ঘেৰিটা জিলা ক্ৰীয়া সন্থা হিচাপে স্বীকৃতি আদায় কৰিবলৈ সক্ষম হৈছিল। ১৯৯৩ চনত মাৰ্ঘেৰিটাত প্ৰথম বাৰৰ বাবে সদৌ অসম জুনিয়ৰ আন্তঃ জিলা ভলীবলৰ খেল সুখ্যাতিৰে অনুষ্ঠিত কৰি মাৰ্ঘেৰিটালৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছিল। মাৰ্ঘেৰিটাত এসময়ৰ ফুটবল দলৰ কেপ্টেইন হিচাপে...
Image
অটল বিহাৰী বাজপেয়ীৰ চিতাভষ্ম লৈ গুৱাহাটীত উপস্থিত বি জে পিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস চিতাভষ্ম গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে পুষ্পসজ্জিত বাহনেৰে লৈ যোৱা হৈছে চিতাভষ্ম ধাৰাপুৰ, বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন স্থানত প্ৰয়াত নেতা গৰাকীৰ চিতাভষ্মক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব
Image
জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শক্তিশালী সংগ্ৰামী নেতা সলিল নেওগ আৰু নাই    ২২আগষ্টঃ- অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি, উজনি অসমৰ জাতীয়তাবাদী শিবিৰ শক্তিশালী নেতা সলিল নেওগ(৪২) আৰু নাই। কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা নেওগক হায়দ্রাবাদৰ এখন চিকিৎসালয়লৈ নিয়া হৈছিল যদিও আজি দিনৰ ১ঃ৩০ বজাত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে। মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সম্পাদক ৰাণা জ্যোতি নেওগৰ জ্যেষ্ঠ ভাতৃ সলিল নেওগৰ মৃত্যুত তিনিচুকীয়া জিলা খনৰ লগতে সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাত শোকৰ ছাঁ‌ পৰিছে। মৃত্যুৰ সময় পত্নী পুত্ৰ, কন্যাৰ লগতে বহুকেইজন আত্মীয়-কটুম্বক ইহ সংসাৰত এৰি থৈ যায়। সলিল নেওগৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ, মাৰ্ঘেৰিটা সাংবাদিক সংস্থা, নেৰ্চাচ বেকন, বাৰ্তাজীৱী সংঘ, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ, তিনিচুকীয়া জিলা সাংবাদিক সন্থা, আছা আঞ্চলিক সমিতি লগতে বহু কেইটা দল সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। কাইলে লিডু শেষকৃত্য সম্পন্ন কৰা হ'ব ।
Image
পিয়াহত বটলৰ এটুপী পানীয়ে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে মাৰাত্মক ৰুগ। তেনেএক চাঞ্চল্যকৰ ঘটনাই মাৰ্ঘেৰিটা ধৰা পৰিছে। মিনাৰেল ৱাটাৰ নামত অসমত ব্যৱহায়ী কৰি থকা একাংশ পেকেজিং পানী কোম্পানীয়ে জনস্বাস্থ্যৰ প্ৰতি পিঠি দি ভয়াবহ ৰূপত মানুহৰ জীৱনৰ লগতে খেলা কৰাৰ অভিযোগ উঠিছে। বিছলেৰী ইণ্টানেচনেল প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ মিনাৰেল ৱাটাৰ বটলৰ ধৰা পৰিছে এই বিহংগতি। এই কোম্পানীটোড  উজনি অসমৰ ডিব্ৰুগড়ৰ ধেকেৰিগাওঁ‌ বানপুৰ লাহুৱাল স্থিত  "ভিজন ফুড এণ্ড বেভেৰেজ" পেকেজিং দায়িত্ব থকা এই বহুজাতিক কোম্পানীটোৱে  ২০১৮ বৰ্ষৰ জুন মাহতে পেকেজিং কৰা  মিনাৰেল ৱাটাৰ পানীৰ বটল সমূহত দুৰ্গন্ধ পোৱা গৈছে। এই সম্পৰ্কে বিভিন্নজনে কোম্পানীটোক অৱগত কৰিছিল যদিও ইয়াৰ পাছতো তিনিচুকীয়া জিলা খনৰ লগতে মাৰ্ঘেৰিটা মহকুমাটোত ব্যাপক ৰূপত বিক্ৰী অব্যাহত ৰাখিছে। পানী বটল এনেধৰনৰ ৰাসায়নিক দুৰ্গন্ধ জিলা খনৰ ডুমডুমাটো ধৰা পৰিছিল । এই ৰাসায়নিক দুৰ্গন্ধ পানী সতেজ কৰি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্যও অধিক পৰিমানৰ থকাৰ বাবে এই দুৰ্গন্ধ বাহিৰ হৈছে বুলি মত ব্যক্ত কৰিছে একাংশ সচেতন লোকে। এই ক্ষেত্ৰত উচ্চ পৰ্...
মাৰ্ঘেৰিটাত আৰক্ষী আৰু গুৱাহাটী স্থিত স্বেচ্ছাসেৱী অনুষ্ঠানৰ ধপাত বিৰোধী অভিযান   তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আজি গুৱাহাটী স্থিত স্বেচ্ছাসেৱী অনুষ্ঠান সম্বন্ধই আৰক্ষীৰ সহযোগত মুকলি কৈ ধপাত জাতীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে অভিযান চলায় । এই অভিযানকালত আৰক্ষীয়ে বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানক জৰিমনা বিহাৰ লগতে এই দৰে মুকলি কৈ এনে সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ সকীয়ণি দিয়ে ।  তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত মুকলিকৈ গুটখা চিগাৰেট আদি  ধপাত জাতীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে অভিযান । গুৱাহাটী স্থিত স্বেচ্ছাসেৱী অনুষ্ঠান সম্বন্ধই আৰক্ষীৰ সহযোগত চলাই এই অভিযান । এই অভিযানকালত আৰক্ষীয়ে বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানক জৰিমনা বিহাৰ লগতে এই দৰে মুকলি কৈ এনে সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ সকীয়ণি দিয়ে ।
Image
মাৰ্ঘেৰিটাত আৰক্ষী আৰু গুৱাহাটী স্থিত স্বেচ্ছাসেৱী অনুষ্ঠানৰ ধপাত বিৰোধী অভিযান  তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আজি গুৱাহাটী স্থিত স্বেচ্ছাসেৱী অনুষ্ঠান সম্বন্ধই আৰক্ষীৰ সহযোগত মুকলি কৈ ধপাত জাতীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে অভিযান চলায় । এই অভিযানকালত আৰক্ষীয়ে বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানক জৰিমনা বিহাৰ লগতে এই দৰে মুকলি কৈ এনে সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ সকীয়ণি দিয়ে । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত মুকলিকৈ গুটখা চিগাৰেট আদি  ধপাত জাতীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে অভিযান । গুৱাহাটী স্থিত স্বেচ্ছাসেৱী অনুষ্ঠান সম্বন্ধই আৰক্ষীৰ সহযোগত চলাই এই অভিযান । এই অভিযানকালত আৰক্ষীয়ে বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানক জৰিমনা বিহাৰ লগতে এই দৰে মুকলি কৈ এনে সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ সকীয়ণি দিয়ে ।
Image
এছিয়ান গেমছত ভাৰতীয় ৫০ কেজি মহিলা  মল্ল যুজত সোনৰ পদক লাভ কৰিছে Vinesh Phogat ভাৰতে এতিয়ালৈকে ২টা সোণ ২টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ।
Image
#BREAKING_NEWS এছিয়ান গেমছ ২০১৮ ত ভাৰতীয় মহিলা কাবাদী দলৰ জয়লাভ ৩৩-২২ পইন্টৰ ব্যৱধানত জয়লাভ দলটোৰ থাইলেণ্ড দলটোক পৰাভূত কৰিলে দলটোৱে
Image
জাগুনৰ  টিংকুপথাৰ গাওঁৰ প্ৰাই ৫০ ঘৰ ভূমি আৰু গৃহহীন শ্ৰমিকে দেওবাৰে চৰকাৰী হা সুবিধা বিচাৰি এখন সভাত প্ৰতিবাদ সাব্যস্ত কৰে । জাগুন ৰিপ'ৰ্ট ২০ আগষ্ট: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত জাগুনৰ ৯ মাইল টিংকুপথাৰ গাওঁৰ প্ৰাই ৫০ ঘৰ ভূমি আৰু গৃহহীন আদিবাসী শ্ৰমিকে দেওবাৰে চৰকাৰী হা সুবিধা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু মাৰ্ঘেৰিটা মহকুমা সমিতি লগতে টিৰাপ জাগুন শাষা সমিতিৰ দ্বাৰা হোৱা এখনি প্ৰতিবাদী সভাত আদিবাসী শ্ৰমিক সকলে চৰকাৰৰ বিৰুদ্ধে প্ৰয়োজনীয় চৰকাৰী আঁচনি আৰু মাটি বিচাৰি প্ৰতিবাদ কৰে । উল্লেখ্য যে আজি প্ৰায় ৪০ বছৰে টিৰাপ মৌজাৰ অন্যান্য অঞ্চলৰ উপৰিও জাগুনৰ ৯ মাইল টিংকুপথাৰত গাওঁত অৱস্থিত প্ৰায় ৫০ ঘৰ শ্ৰমিকে বিভিন্ন ব্যক্তিগত ব্যক্তিৰ চাহ বাগিচাত দিন মজুৰি কৰি পেট প্ৰবৰ্তন কৰি আহিছে । কিন্তু বাৰম্বাৰ এই শ্ৰমিক সকলে চৰকাৰক প্ৰয়োজনীয় হা সুবিধা আৰু থাকিবলৈ মাটি বিচাৰি আবেদন নিবেদন কৰি আহিছে যদিও চৰকাৰে মিছা প্ৰতিশ্ৰুতি দি তেওঁলোকক বঞ্চিত কৰি অহাত আজি শ্ৰমিক সকলে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহে আৰু চৰকাৰক দাবী জনাই সদৈা অসম আদিবাসী ছাত্র ...
Image
*লিডু কেন্দ্ৰীয় নামঘৰৰ সোণালী জয়ন্তী সমাৰোহ আৰু ৫৭০ তম শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন সমিতি*        বিশেষ কাৰ্যসূচী ২৯ ভাদ ১৯৪০ শক ( ইং ১৫ চেপ্তেম্বৰ , শনিবাৰ  )  পুৱা ১০ বজা ঃ নাম প্ৰসঙ্গ   (  শৰাই ভাগি আগবঢ়াইছে স্থানীয় যুৱ ব্যৱসায়ী শ্ৰী সন্ঞ্জীৱ চেতিয়া ( বু) আৰু তেওঁৰ পৰিয়াবৰ্গই আৰু ৰাজহুৱা ভোজ আগবঢ়াইছে প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী শ্ৰী মনোজ ফুকন আৰু পৰিয়াল বৰ্গই  )   সন্ধিয়া ৭ বজা শিশু শিল্পীৰ দ্বাৰা নাট ভাওঁনা মন্ঞ্চস্থ  (নাট ভাওঁনা খনি স্বৰ্গীয় বাবুলাল প্ৰসাদৰ সোঁৱৰণত আগবঢ়াইছে পুত্ৰ গোৱিন্দ প্ৰসাদ আৰু তেওঁৰ পৰিয়াল বৰ্গই ) মুখ্য বায়ন ঃ ভোলা দত্ত   মুখ্য পৰিচালক ঃ ৰাণাজ্যোতি নেওগ    *৩০ ভাদ ১৯৪০ শক ( ইং ১৬ চেপ্তেম্বৰ , দেওবাৰ )*  পুৱা ৮ বজা চিত্ৰাংকন প্ৰতিযোগিতা পুৱা ৯ বজা ৰচনা প্ৰতিযোগিতা । পুৱা ১০   বজা ঃ সদৌ তিনিচুকীয়া জিলা ভিত্তিত বৰগীত প্ৰতিযোগিতা  প্ৰথম শ্ৰেষ্ঠক  সোৱঁৰণী বটা সহ নগদ ধন ৫০০০ টকা ( দাতাঃ শ্ৰীযুত তৰুণ গগৈ ) দ্বিতী...