Posts

Showing posts from July, 2025

মাৰ্ঘেৰিটাত বেংক জালিয়াতিৰ সন্দৰ্ভত সৰৱ আছু । সমজিলা আয়ুক্তৰ কাৰ্যালয়ত স্মাৰকপত্ৰ প্ৰদান । ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত শেগুনবাৰীস্হিত "গ্ৰামীন বিকাশ বেংক"ৰ জালিয়াতিৰ বাতৰিয়ে এতিয়া শিৰোনামা দখল কৰিছে। গ্ৰামীণ বিকাশ বেংক এ একপ্ৰকাৰ জালিয়াতি কৰাৰ সুবিধা প্ৰদান কৰাৰ দৰে মাকুমকিল্লাৰ এগৰাকী মিনতী বৰুৱা নামৰ মহিলাক "বেংক মিত্ৰ" হিচাপে নিযুক্তি প্ৰদান কৰি পৰিচয় পত্ৰও প্ৰদান কৰিছিল। ভিতৰপাৱৈ ,মাকুমকিল্লা অঞ্চলৰ প্ৰায় ২০ গৰাকী লোকৰ নামত গ্ৰামীন বিকাশ বেংকৰ পৰা ঋণ উলিয়াই আত্মসাত কৰি বৰ্তমানেও পলাতক অৱস্থাত আছে মিনতী বৰুৱা । এতিয়া গাওঁলীয়া বিকাশ বেংক আৰু মিনতী বৰুৱাৰ বাবে হুজা গাওঁলীয়া লোকৰ জীৱনলৈ নামি আহিছে কাল অমানিশা। যাৰ বাবে আজি গাওঁৰ সমুহ ৰাইজ মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সহায় লৈ সমজিলা আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে । মুঠতে গ্ৰামীণ বিকাশ বেংকৰ কতৃপক্ষক তদন্তৰ আওঁতালৈ আনি শীঘ্ৰেই মিনতী বৰুৱাক গ্ৰেপ্তাৰ কৰি দৰিদ্ৰ লোকৰ মুৰত জাপি দিয়া ঋণৰ বোজা আঁতৰাবলৈ দাবী জনায় ছাত্ৰ সন্থা আৰু স্হানীয় ৰাইজ ৷

Image

তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অৰ্ন্তগত ৰামপুৰ পাঁচ মাইলত লেখাপানী আৰু জাগুন আৰক্ষীয়ে আজি পুৱাই গুপন সূত্ৰৰ পম খেদি দুই কুখ্যাত ড্ৰাগচ বেপাৰীক আটক কৰিবলৈ সক্ষম হয়। আটোকাধিন দুই ব্যক্তিৰ বাহনৰ পৰা বৃহৎ পৰিমান ড্ৰাগচ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দটোৱে। AS 23 AJ- 7772 নম্বৰৰ এখন মাৰুতি ইকস্থাৰ গাড়ীৰ চিট বেল্ট বক্সৰ ভিতৰত লুকুৱাই মনিপুৰৰ পৰা জাগুনৰ অভিমুখে ড্ৰাগচখিনি আনি থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে ড্ৰাগচখিনি। জব্দ কৰা ড্ৰাগচখিনি পৰিমান 52 গ্ৰাম বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ পাইছে। ড্ৰাগচ বেপাৰী দুটা তিনিচুকীয়া জিলাৰ পেঙেৰীৰ নিবাসী ক্ৰমে ৰাজু ছেত্রী (৩৮) আৰু বিষ্ণু ছেত্রী (৩১)। উল্লেখ্য যে গাড়ীখনত আৰু বৃহৎ পৰিমানৰ ড্ৰাগচ লুকুৱাই অনাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে লেখাপানী আৰক্ষীয়ে গাড়ীৰ মেকানিকৰ সহযোগত জব্দ কৰা গাড়ীখন ড্ৰাগচ সন্ধানত অধিক তন্ন তন্নকৈ তালাচী কৰাৰ ব্যৱস্থা গ্ৰাহন কৰিছে।

Image

জাগুনত উত্তাল প্ৰতিবাদ ৷ প্ৰায় পাঁচ শতাধিক লোকে প্ৰতিবাদী কণ্ঠৰে উত্তাল কৰি তোলে জাগুনৰ আকাশ বতাহ। আজি জাগুন বজাৰৰ মাজ মজিয়াত যৌথভাৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মাৰ্ঘেৰিটা সম জিলাৰ অন্তৰ্গত বিভিন্ন জনজাতীয় দল সংগঠনৰ লগতে স্থানীয় জনজাতীয় ৰাইজে ৷ উল্লেখ্য যে আজি দুদিন মানৰ পুৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁইয়ে এটা ব্যক্তিগত টিভি চেনেলৰ টক শ্ব’ত অংশগ্ৰহণ কৰি এটা বিতৰ্কিত মন্তব্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ উত্থাপিত অভিযোগ অনুসৰি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে এক চাঞ্চল্যকৰ যুক্তি দাঙি ধৰি জনজাতীয় বসতি প্ৰধান অঞ্চল সমূহত, বিশেষকৈ নামফাই আৰু টিংকুপানী সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে অৰুণাচলৰ পৰা উভতাই পঠিওৱা সন্দেহজনক নাগৰিক সকলে বনাঞ্চলৰ ভূমি দখলকৰি বসতি স্থাপন কৰি আছে বুলি মন্তব্য প্ৰদান কৰে৷ মুখপাত্ৰ গৰাকীৰ এই মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছে মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত বিভিন্ন জনজাতীয় দল সংগঠনৰ লগতে স্থানীয় জনজাতীয় ৰাইজ৷ প্ৰতিবাদী ৰাইজৰ তৰফৰ পৰা কংগ্ৰেছ নেতা মনোৰঞ্জন বৰগোহাঁইক ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈ দাবী জনাই অন্যথা ইয়াতকৈ গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলি মন্তব্য প্ৰদান কৰে মাৰ্ঘেৰিটা জিলা ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক ভূপেন সোনোৱালে ৷

Image

ৰাজ্যজুৰি আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ । সাংসদ কামাখ্যা তাচাক ধীক্কাৰ জনাই পুত্তলিকা দাহ আছাৰ। কেইটাদিন পুৰ্বে পৰ্ডকাষ্টত দিয়া এক সাক্ষাৎকাৰত সাংসদ কামাখ্যা তাচাই মন্তব্য কৰা বিষয়টোত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ ঢৌ উঠিছে। আদিবাসী সমাজৰ মুলতঃ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকৰ বাবে বাধা আহিছে ৷ আৰু এইক্ষেত্ৰত তেওঁবিলাক জনজাতিকৰণ পোৱাটো সমীচীন নহয়। এই মন্তব্য আছিল কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা তাচাৰ। এই মন্তব্য একপ্ৰকাৰ ৰাজ্যজুৰি ইতিমধ্যেই ভাইৰেল হৈ আছে ৷ যাৰবাবে আদিবাসী ছাত্ৰসন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অসমজুৰি কামাখ্যা তাচাৰ পুত্তলিকা দাহ কৰাৰ নিৰ্দেশনা আহে ৷সেইমতে আজি তিনিচুকীয়া জিলাৰ আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে মাকুম বাগান তিনিআলিত এক প্ৰতিবাদী কাৰ্যসুচী গ্ৰহন কৰে ৷প্ৰতিবাদী সকলে নৰেন্দ্ৰ মুদি মুৰ্দাবাদ ,কামাখ্যা তাচা মুৰ্দাবাদ , বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গান দি আকাশ বতাহ কঁপাই তুলে। শেষত মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি সঞ্জয় বাৰ্লা আৰু সম্পাদক চেৱেস্তিয়ান তুৰৱাৰে বিজেপি চৰকাৰ আৰু কামাখ্যা তাচাক সকিয়নি প্ৰদান কৰি কয় যে ---শীঘ্ৰেই সাংসদ কামাখ্যা তাচাই খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী আদিবাসী লোকৰ উপৰত কৰা মন্তব্য উঠাই লওক। অন্যথাই ইয়াতকৈও জংগী কাৰ্যসুচী গ্ৰহন কৰাত কুণ্ঠাবোধ নকৰিব বুলি সকিয়নী প্ৰদান কৰে ৷

Image

মাৰ্ঘেৰিটাৰ টিৰাপ মৌজাত জালিয়াতিৰে খাজনা সংগ্ৰহ। আদিবাসী চাহ জনগোষ্ঠীয় লোকক প্ৰৱঞ্চনা । টিৰাপ মৌজাৰ ৰাইজ সাৱধান হওক। মাৰ্ঘেৰিটাৰ সমষ্টিৰ টিৰাপ মৌজাত সংগঠিত হৈছে এক প্ৰৱঞ্চনাৰ ঘটনা। টিৰাপ মৌজাত বিশেষকৈ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকক হুজা দেখি দুজন ব্যক্তিয়ে কাৰো অনুমতি নোলোৱাকৈ গাওঁলীয়া মানুহক ঠগ আৰু প্ৰৱঞ্চনাৰে মাটিৰ খাজনা ৰচিদ দি ধন সংগ্ৰহৰ এক ঘটনা পোহৰলৈ আহিছে। ৷লিডু বিছা গাওঁৰ গংগা ছেত্ৰী আৰু হেমন্ত ভট্টৰায় নামৰ দুজন ধুৰন্ধৰ ব্যক্তিয়ে নিজেই খাজনা ৰচিদ আৰু ছিল মোহৰ বনাই বিঘাই প্ৰতি ২৫০০ টকাকৈ সংগ্ৰহ কৰি আহিছিল। ২০২০ চনৰ পৰা অসম চৰকাৰে অফ লাইনত খাজনা সংগ্ৰহ বন্ধ কৰিছে যদিও গংগা ছেত্ৰী আৰু হেমন্ত ভট্টৰায়ে বিছাগাওঁত অত্যধিক মাত্ৰাত ধন সংগ্ৰহ কৰি আহিছিল। এই জালিয়াতিৰ কথা ইকান সিকান বিয়পাৰ পিচত আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয় ববীয়াই এক তদন্ত আৰম্ভ কৰে ৷আটছা আৰু আছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে দুখীয়া নিচলা লোকৰ পৰা প্ৰৱঞ্চনা কৰাৰ তথ্য প্ৰমাণ লৈ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত তথা চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজি এখনিকৈ স্মাৰকপত্ৰ দাখিল কৰে। আছা আৰু আটছাই আক্ষেপেৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে--- চৰকাৰ আৰু প্ৰশাসনে ডিজিটেল আৰু স্মাৰ্টৰ কথা কৈ থকাৰ সময়ত টিৰাপ মৌজাত কি দৰে ভূৱা খাজনা ৰছিদ আাৰু ছিল মোহৰ বনাই ধন সংগ্ৰহ কৰিব পাৰিছে ?ইতিমধ্যে পাহাৰসদৃশ জালিয়াতি কৰি হেমন্ত ভট্টৰায় আৰু গংগা ছেত্ৰী নামৰ দুজন মৌজাদাৰৰ ভূৱা মহৰি লাখ লাখ টকা ডিঙিলৈকে গিলি পলাতক অৱস্থাত আছে বুলি গম পুৱা গৈছে। আছা আৰু আটছাৰ মন্তব্য --চৰকাৰক বুঢ়া আঙুলি দেখোৱাই মাটিৰ খাজনা সংগ্ৰহ কৰা এই দুজন ব্যক্তিক শীঘ্ৰেই প্ৰশাসনে গ্ৰেপ্তাৰ কৰক ৷অন্যথাই জংগীতকৈ জংগী কাৰ্যসুচী আছা আৰু আটছাই গ্ৰহন কৰিব বুলি সকিয়নি প্ৰদান কৰে।

Image

লিডুত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ১৫ দিনীয়া গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্য কৰ্মশালাৰ সফল সামৰণি। সত্ৰীয়া নৃত্য হৈছে ভাৰতৰ সংগীত নাটক একাডেমীৰপৰা শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্যাদা প্ৰাপ্ত ৮টি নৃত্য শৈলীৰ অন্যতম। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত তথা লিডু কেন্দ্ৰীয় নামঘৰ পৰিচালনা সমিতি আৰু লিডু মহাবিদ্যালয় মহিলা কোষৰ সৌজন্যত অনুষ্ঠিত হয় এই কৰ্মশালা।৭ জুলাইৰ পৰা আৰম্ভ হোৱা ১৫ দিনীয়া গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্য কৰ্মশালা আজি সামৰণি পৰে। সম্পাদক ৰাণাজ্যোতি নেওগে আঁ‌ত ধৰা সামৰণি অনুষ্ঠানত মাৰ্ঘেৰিটা সমজিলা জনসংযোগ বিষয়া গুৰ প্ৰীত সিঙ চৌৰিয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে।সামৰণি অনুষ্ঠানত লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৃপা প্ৰসাদ উপাধ্যায়, মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰতিনিধি সুখদেৱ শৰ্মা, লিডু কেন্দ্ৰীয় নামঘৰৰ সভাপতি তৰুন গগৈ জেষ্ঠ সাংবাদিক জগত চাংমাই আদি কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে।অনুষ্ঠানৰ শেষত প্ৰশিক্ষাৰ্থী সকলৰ মাজত অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।কৰ্মশালাত তিলেশ্বৰ তামুলী বৰবায়ন মুখ্য প্ৰশিক্ষক আৰু সম্প্ৰীতি বৰঠাকুৰ সহযোগী প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে।কৰ্মশালাত তিনি কুৰিৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

Image

মাঘেৰিটাৰ নিচামুক্তি কেন্দ্ৰত অঘটন -এজন যুৱক মৃত্যু পুনৰ সংঘটিত হৈছে নিচামুক্তি কেন্দ্ৰত অঘটন। ঘটনাৰ স্থান মাৰ্ঘেৰিটা। বৰগোলাইস্থিত নিউ লাইভ ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰত ৰহস্যজনক ভাৱে মৃত্যু হয় এজন যুৱকৰ। যুৱকজন ডিব্ৰুগড় লাহোৱালৰ ডেভিড ফুকন{ ৩৫}। এবছৰৰ পূৰ্বে যুৱকজনক ভৰ্তি কৰোৱা হৈছিল নিচামুক্তি কেন্দ্ৰটোত । যোৱা নিশা হঠাৎ ৰহস্যজনক ভাৱে মৃত্যুহয় যুৱকজনৰ। এতিয়ালৈ স্পষ্ট হোৱা নাই যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ। কিন্তূ পিতৃ তথা পৰিয়ালৰ অভিযোগ অনুহৰি মাৰ্ঘেৰিটাৰ ৰূপম গগৈৰ স্বতাধিকাৰী বৰগোলাইস্থিত নিউ লাইভ ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰতেই মৃত্যু হয় যুৱকজনৰ। কোনো প্ৰাৰ্থমিক চিকিৎসা নকৰাকৈয়ে কেন্দ্ৰটোৰ কতৃপক্ষই মৃত যুৱকজনক নিজ গৃহলৈ প্ৰেৰনৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে। নিচাসক্ত যুৱকক নিচাৰপৰা পৰিত্ৰান পাবৰ বাবে নিচামুক্তি কেন্দ্ৰত অভিভাৱক সকলে পঠোৱাৰ পাছত একাংশ নিচামুক্তি কেন্দ্ৰত যুৱক সকলে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা কথা অভিযোগ কৰিছে পৰিয়ালৰ সদস্য সকলে। বৰ্তমান মাৰ্ঘেৰিটা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মৃতদেহ মাৰ্ঘেৰিটা আৰক্ষী থানাত ৰখা হৈছে। সমান্তৰালকৈ পলাতক অৱস্থাত আছে কেন্দ্ৰটোৰ স্বতাধিকাৰী ৰূপম গগৈ।

Image

মাৰ্ঘেৰিটাত ৰাইজৰ দলৰ বৃহৎ সভা**মাৰ্ঘেৰিটাত উপস্থিত হ’ল বিধায়ক অখিল গগৈ*২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ সময় সমাগত । ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। ঠিক তেনে সময়ত থমকি ৰোৱা নাই "ৰাইজৰ দল“ ৷মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াত থকা ৰংগমঞ্চত "ৰাইজৰ দল" এ অনুষ্ঠিত কৰা এক সভাত উপস্থিত ৰাইজৰ ভীৰ পৰিলক্ষিত হয়। ইতিমধ্যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীয়ে ছাত্ৰ মুক্তিৰ পৰা পদত্যাগ কৰিছেহি । ৰাহুল ছেত্ৰীয়ে আজি হাজাৰ হাজাৰ সমৰ্থিত জনতাৰ সন্মুখত ৰাজনৈতিক দল "ৰাইজৰ দল“ ত যোগদান কৰে ৷লগতে ২৬ ৰ বিধানসভা নিৰ্বাচনত ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ পৰা "ৰাইজৰ দল"ৰ পৰা ৰাহুল ছেত্ৰীয়ে প্ৰতিদ্বন্দ্বীতা যে কৰিব সেয়া স্পষ্ট হৈ পৰে ৷সভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কোৱা অনুসৰি --ৰাইজে এইবাৰ পৰিৱৰ্তন বিছাৰিচে ।সাম্প্ৰদায়িক আৰু ফেছিস্ট বিজেপিক বিদায় দিয়াৰ উদ্দেশ্যৰেই মাৰ্ঘেৰিটাৰ ৰংগমঞ্চত ৰাইজ একত্ৰিত হৈছে। বৃহত অসমীয়া জাতিক সাঙুৰি প্ৰগতিশীল জাতীয়তাবাদৰ সমাজ গঢ়াৰ উদ্দেশ্যৰে ঠিয় দিছে "ৰাইজৰ দল"অখিল গগৈয়ে ভাষণ প্ৰসংগত কয় ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিত যদিহে ৰাইজে ভোট দি জয়যুক্ত কৰায় তেন্তে বহুমুখীউন্নয়ন হব মাৰ্ঘেৰিটাত। শেষত ভাষণ প্ৰসংগত অখিল গগৈয়ে কয় বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মাই আজিকোপতি সদনত ভাষণ দি নাপালে । দুই তিনিজন বিধায়কৰ সতে কেৱল জুৱা খেলি সময় পাৰ কৰা ভাস্কৰ শৰ্মাই ৰাইজৰ বাবে যে কাম কৰিব সেয়া দুৰৈৰ কথা।

Image

ডিগবৈত "সাংস্কৃতিক সমাৰোহ-২০২৫" ৰ সফল সমাপ্তি। সমাজসংগঠক ৰাণাজ্যোতি নেওগলৈ ত্ৰিভংগ সাংস্কৃতিক আদৰ্শ সন্মান তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগলৈ সমাজজীৱন , ভাওনা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে আগবঢ়োৱা হয় ত্ৰিভংগ সাংস্কৃতিক আদৰ্শ সন্মান ২০২৫ ডিগবৈৰ বালিজান সাংস্কৃতিক প্ৰেক্ষাগৃহত ত্ৰিভংগ সাংস্কৃতিক মঞ্চই আয়োজন কৰা সাংস্কৃতিক সমাৰোহত নেওগে গ্ৰহণ কৰে এই সন্মান ।তেওঁৰ লগতে শ্ৰী শ্ৰী আদৰ্শ সত্ৰৰ সত্ৰাধীকাৰ মুনমুন দেৱগোস্বামী , সাংস্কৃতিক কৰ্মী ৰুবুল বৰুৱা, গীতালি মহন্ত আদিকে ধৰি কেইবাজনো বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা হয় এই বঁটা।ডিগবৈত "সাংস্কৃতিক সমাৰোহ-২০২৫" ৰ সফল সমাপ্তি।তিনিচুকীয়া জিলা তথা ডিগবৈৰ অন্যতম সামাজিক,সাংস্কৃতিক,আধ্যাত্মিক অনুস্থান ত্ৰিভংগ সাংস্কৃতিক মঞ্চৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা দুদিনীয়া বৰ্নাধ্য কাৰ্যসূচীৰে "সাংস্কৃতিক সমাৰোহ-২০২৫" ৰ সফল সমাপ্তি হয়।সমাৰোহৰ লগত সংগতি ৰাখি বৰগীত,খোল বাদন,সৃষ্টিশীল নৃত্য,দশৱতাৰ নৃত্য আৰু ভাওনা সংলাপৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।এখনি শিশু আৰু মহিলা সকলৰ ভাওনা কৰ্মশালাৰ অন্তত দুখনকৈ ভাওনা প্ৰদৰ্শন কৰা হয়।লগতে অসমৰ বিভিন্ন প্ৰান্তৰ একুৰি অধিক সমাজৰ হকে কাম কৰা দক্ষ ব্যক্তি বিশেষ বঁটা প্ৰদান কৰা হয়। সাংবাদিক-বায়ন দিপাংকৰ শৰ্মাৰ নেতৃত্বত আয়োজন হোৱা সমাৰোহ খনিত ৰাইজৰ বিপুল সহাৰিয়ে সফল সমাপ্তি ঘটে।

Image

৫০ বছৰ ধৰি অসমৰ অন্যতম আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠী কলা-কৃষ্টি সংৰক্ষণৰ কৰি অহা এগৰাকী ব্যক্তি। তেখেত হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰ বৰমেচাই ২ নং শিমলুগুৰি গাঁৱৰ ৰত্নেশ্বৰ মৰাণ। মৰাণ জনগোষ্ঠীটোৱে দৈনিক ব্যৱহাৰ কৰা সঁজুলি, মাছ ধৰোতে ব্যৱহাৰ কৰা সঁজুলি, ঘৰৰ সঁজুলি, বিহুৰ সময়ত ব্যৱহাৰ কৰা সঁজুলি, মৰাণ জনগোষ্ঠীৰ বৰবিয়াত ব্যৱহাৰ কৰা, হাতীৰ সঁজুলি, তাঁতৰ সঁজুলি লগতে খেতিত ব্যৱহাৰ কৰাকে ধৰি মুঠ ১৩২ বিধ সঁজুলি সংৰক্ষণ কৰি ৰাখিছে। আদিম যুগৰ পৰা মৰাণ জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা সামগ্ৰী সমূহ সংৰক্ষণ কৰি ৰাখিছে ৰত্নেশ্বৰ মৰাণে। তেখেতে সংৰক্ষণ কৰি ৰখা সামগ্ৰী সমূহৰ ভিতৰত আছে ১১০ বছৰীয়া বাঁহ আৰু বেতেৰে নিৰ্মাণ কৰা কাপোৰ ৰখা বাকচ (মৰাণ সকলে জপা বুলি কয়) । মৰাণ জনগোষ্ঠীয়ে হাতী শিকোৱা, হাতী পতি পালন কৰা সামগ্ৰী সমূহো সংৰক্ষণ কৰি ৰাখিছে এই গৰাকী ৰত্নেশ্বৰ মৰাণে। ৰত্নেশ্বৰ মৰাণে এই সামগ্ৰী সমূহ কেৱল ঘৰতে সংৰক্ষণ কৰি ৰাখিছে তেনে নহয়। তেখেতৰ নেতৃত্বত ভূপাল, দিল্লী, কাজিৰঙা অৰ্কিড পাৰ্কটো সংৰক্ষণ হৈ আছে। অসম সাহিত্য সভা বৰডুমচা অধিৱেশনতো মৰাণ জনগোষ্ঠীৰ কলা-কৃষ্টি প্ৰদৰ্শন কৰিবলৈ নিমন্ত্ৰন লাভ কৰিছিল ৰত্নেশ্বৰ মৰাণে। ৭০ উৰ্দ্ধৰ ব্যক্তিগৰাকীয়ে মৰাণ জনগোষ্ঠীৰ প্ৰায় সকলো অনুষ্ঠানত জনগোষ্ঠীৰ কলা-কৃষ্টি প্ৰদৰ্শন কৰি আহিছে।ইফালে অৰ্থৰ অভাৱত বহু সামগ্ৰী সংৰক্ষণ কৰিবলৈ সক্ষম হোৱা নাই বুলি মৰাণ জনগোষ্ঠী কলা-কৃষ্টি সাধক জনে আমাৰ আগত ব্যক্ত কৰিছে। শেহতীয়াকৈ মৰাণ স্বায়ত্ব শাসিত পৰিষদে সামগ্ৰী সমূহ সংৰক্ষণ কৰি ৰাখিব পৰাকৈ নিজা বাসগৃহতে এটা সংগ্ৰহালয় নিৰ্মাণ কৰি দিছে।

Image

মাৰ্ঘেৰিটাত পূৰ্বোত্তৰ খাদান মজদূৰ সংঘৰ ধৰ্ণা উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ অন্যতম শ্ৰমিক সংগঠন পূৰ্বোত্তৰ খাদান মজদূৰ সংঘই আজি এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।মাৰ্ঘেৰিটাস্থ উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী।উল্লেখযোগ্য যে উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ অধীনৰ টিককৰ মাইনিঙ কোম্পানীয়ে ডাম্পিঙ গ্ৰাউণ্ডৰ অভাবত উৎপাদন বন্ধ হৈ আছে ।দহ দফীয়া দাবীৰ সমৰ্থনত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী।টিৰাপ, টিকক ইষ্ট আৰু টিকক ৱেষ্ট কলিয়ৰীৰ মুকলি কৰা আদি দহ দফীয়া দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদ কাৰী সকলে বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে।শ্ৰমিক সংগঠনটোৱে শীঘ্ৰে দাবী সমূহৰ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সঁকীয়াই দিয়ে।

Image

মাৰ্ঘেৰিটাৰ উলুপত চাও ছেংৰৌণত আছে এচিয়া সৰ্ববৃহৎ ঢোল অৰ্থাৎ কং । মাৰ্ঘেৰিটা উলুপ চাও ছেংৰৌন আছে এচিয়াৰ সৰ্ববৃহৎ ধুল তথা কং । মলুঙ মানচাও ড° নগেন হাজৰিকাৰ লগতে উলুপ গাঁ‌ৱৰ পয় ফুৰালং সামজৰ উদ্যোগত নিৰ্মাণ কৰা বিশ্বৰ বৃহত ঢোল কংছেং ধুলটোৰ জন্ম বাৰ্ষিক উপলক্ষে প্ৰতিবছৰে ৫ মাৰ্চ তাৰিখে উদযাপন কৰি আহিছে। সৰ্ববৃহৎ ঢোল অথাৎ কংটো ২০০১চনতে প্ৰতিষ্ঠা কৰিছিল, নগেন্দ হাজৰিকাৰ নামৰ এজন (অৱসৰপ্ৰাপ্ত এ ডি ছি) সপোনত দেখা দিছিল বৃহৎ গছ জোপা ।উলুপৰ ৰাইজে গছ জোপা উদ্ধাৰ কৰি এই বৃহৎ ধুলটো অৰ্থাৎ কংটো নিৰ্মাণ কৰিছিল।উল্লেখ যে আহোমসকলৰ পৰম্পৰাগত বৃহৎ কং (ঢোল) আহোমসকলৰ পূৰ্বপুৰুষ শাসক ফুৰা লেংডনক তেওঁৰ বংশধৰ সকলে এনে ধৰণৰ ঢোল বজাই স্মৰণ কৰিবলৈ ব্যৱহাৰ কৰিছিল। এই প্ৰথা মাজতে বন্ধ হৈছিল যদিও সদৌ ফুৰালুং সংঘৰ তৎপৰতাত পুনৰ এই প্ৰথা আগুৱাই নিয়া হয় । আহোমৰ পূৰ্বপুৰুষ খুনলুং আৰু খুনলাইক মুঙফিৰ পৰা মুঙৰিমুঙৰামত শাসন কৰিবলৈ পঠাওতে লেংদনে লগত এটা ডাঙৰ কং বা ঢোল দি পঠাইছিল, কোনো বিপদৰ সময়ত বা শত্ৰুৱে আক্ৰমণ কৰিলে এই কংটো বজাই স্মৰণ কৰাৰ বাবে। লগতে বছৰেকত এবাৰ হলেও এই কং বজাই পূৰ্বপুৰুষ দামফি জনক স্মৰণ কৰা হৈছিল। কিন্তু সময়ৰ চক্ৰত প্ৰায়বোৰ তাই মানুহে এই পৰম্পৰা পাহৰি পেলাইছিল কিন্তু এদিন হঠাৎ ফুৰালুং সংঘৰ সদস্যই সপোনত এই কথাবোৰ দেখে। পিছত এই প্ৰথাটো সকলোৱে পুনৰুদ্ধাৰ কৰিবৰ বাবে জাৰ্শী গৰুৰ দুজনীৰ ছালেৰে এটা ডাঙৰ কং ফুৰালুং সংঘৰ সহযোগত মাৰ্ঘেৰিটাৰ উলুপ গাঁৱৰ ৰাইজে সাজি উলিয়াইছিল। আজিও এই কংটো লেংডনক স্মৰণ কৰি বজোৱা হয়। ২০০১ চনৰ ৫ মাৰ্চ তাৰিখে ফুৰালুংৰ ত্ৰিবাৰ্ষিক অধিৱেশনত এই কংটো তাই পণ্ডিত ড° নগেন হাজৰিকাই উদ্বোধন কৰে আৰু তেখেতেই ইয়াৰ নাম 'কং চেং লুং'' দিয়ে। প্ৰতি বছৰৰ মাৰ্চ মাহত প্ৰথম সপ্তাহ উক্ত বৃহৎ ঢোলটো বজাই লেংডনক স্মৰণ কৰা হয় ।

Image

পুনৰ জালিয়াতিত নাম সাঙোৰ খালে নৈচা ডিলাৰৰ নৈচা স্কুটী ডিলাৰৰ বিৰুদ্ধে গৰজি উঠিল দল সংগঠন ৷ নৈচা স্কুটী ডিলাৰৰ বাতৰি ভাইৰেল হোৱাৰ পিচত দুজন গ্ৰাহক ক্ৰমে নামু পাইক আৰু এডমন মানকি নামৰ মাৰ্ঘেৰিটা চাহ বাগিচাৰ দুই যুৱক সদলবলে আজি নৈচা ডিলাৰত উপস্থিত হয়। ফাইনেন্সৰ দ্বায়ীত্বত থকা পৰাগজ্যোতি ছেত্ৰী নামৰ যুৱক জনে নৈচা ডিলাৰৰ মেনেজাৰৰ সতে পাহাৰসদৃশ জালিয়াতিৰে সম্পত্তিৰ পাহাৰ গঢ়ি এইপৰ্যন্ত অন্তৰ্ধান হৈ আছে। এই নৈচা ডিলাৰে জালিয়াতিৰে ডুপ্লিকেট কাগজ পত্ৰ তৈয়াৰ কৰি লৈ বেংকৰ সম্পুৰ্ণ কাম ডিলিৰখনত দীৰ্ঘদিনৰ পৰা কৰি আহিছিল। দল সংগঠনে সম্পূৰ্ণ নথি পত্ৰ চালিজাৰি চোৱাত সম্পুৰ্ণ বিষয়টো উলায় পৰে । চাহ বাগিচাত খাটিখোৱা লোকক ঠগ আৰু প্ৰৱঞ্চনাৰ জাল পেলাই ধন ঘটা নৈচা ডিলাৰক বন্ধ কৰাৰ দাবী তুলিছে দল সংগঠনে। মাৰ্ঘেৰিটা চাহ বাগিচাৰ এডমিন মানকি নামৰ যুৱক জনে নিজৰ স্কুটীৰ সকলো ধন আদায় দিয়াৰ পিচতো বেংকে ধন পৰিশোধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা বিষয়টোত সচেতন মহলৰ চকু কপালত উঠিছে। এতিয়া দল সংগঠনে নৈচা ডিলাৰৰ মালিক আৰু মেনেজাৰ জনক জগৰীয়া কৰিছে। ৰাইজ ,দল সংগঠন ,আৰু ভুক্তভোগী পৰিয়ালৰ দাবী এই নৈচা ডিলাৰত শীঘ্ৰেই তলা লগাই ভুক্তভোগীক ন্যায় প্ৰদান কৰিবলৈ মাৰ্ঘেৰিটা জিলা প্ৰশাসনক দাবী জনায় ৷

Image

লিডুত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ১৫ দিনীয়া গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্য কৰ্মশালা। তিনিকুৰি শিশুৱে প্ৰশিক্ষণ ল'ব সত্ৰীয়া নৃত্যৰ ।V.O.-সত্ৰীয়া নৃত্য হৈছে ভাৰতৰ সংগীত নাটক একাডেমীৰপৰা শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্যাদা প্ৰাপ্ত ৮টি নৃত্য শৈলীৰ অন্যতম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠিত সত্ৰসমূহৰ যোগেৰে প্ৰায় ১৫ শ শতিকাৰ পৰাই এই নৃত্যধাৰা অসমত প্ৰচলিত হয়।অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত তথা লিডু কেন্দ্ৰীয় নামঘৰ পৰিচালনা সমিতি আৰু লিডু মহাবিদ্যালয় মহিলা কোষৰ সৌজন্যত লিডু কেন্দ্ৰীয় নামঘৰত ৭ জুলাইৰ পৰা আৰম্ভ হৈছে ১৫ দিনীয়া গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্য কৰ্মশালা।কৰ্মশালাত তিনিশতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বৰবায়ন ৰূপে খ্যাত ডিগবৈৰ তিলেশ্বৰ তামুলী দেৱ।নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক ৰাণাজ্যোতি নেওগে আঁ‌ত ধৰা উদ্বোধনী অনুষ্ঠানত লিডু শাখা সাহিত্য সভাৰ সভাপতি ড° ৰঞ্জিত দত্ত, লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৃপা প্ৰসাদ উপাধ্যায়, মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰতিনিধি সুখদেৱ শৰ্মা, লিডু কেন্দ্ৰীয় নামঘৰৰ সভাপতি তৰুন গগৈ লোকনাথ কোঁৱৰে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে । আদৰণী ভাষণ আগবঢ়াই লিডু মহাবিদ্যালয়ৰ মহিলা কোষৰ সম্পাদিকা উষা ৰাভাই ।

Image

মাৰ্ঘেৰিটা TVS নৈচা ডিলাৰত বৃহত জালিয়াতি। ফাইনেন্স কোম্পানীৰ সতে মিলি গ্ৰাহকক ৰামঠগন। বিভিন্ন সময়ত গাড়ী আৰু বাইকৰ ডিলাৰে ফাইনেন্স কোম্পানীৰ সতে জালিয়াতিৰে গ্ৰাহকৰ মুৰত ৰামটাঙোন দিয়াৰ সময়ত মাৰ্ঘেৰিটাত তেনেই ঘটা এক ঘটনা পোহৰলৈ আহিছে। মাৰ্ঘেৰিটা চাহ বাগিচাৰ এজন যুৱকে চাহ বাগিচাত কাম কৰি কষ্টোপাৰ্জিত ধনেৰে মাৰ্ঘেৰিটাৰ ব্লক তিনিআলিৰ সমিপত থকা “নৈচা " স্কুটী ডিলাৰৰ পৰা নিম্নতম ধন ৪৯০০০হাজাৰ টকা দি লৈছিল। যুৱকজনৰ হাতত ধন অহাত এসপ্তাহ পিচত ডিলাৰখনৰ মেনেজাৰৰ হাতত ৯০০০০ টকা পুনৰাই দি ফাইনেন্সৰ লেঠা সম্পূৰ্ণৰূপে শেষ কৰিবলৈ কয়। চাহ বাগিচাৰ হুজা যুৱক দেখি ফাইনেন্সৰ যুৱকে চল চাতুৰীৰে পুনৰ চাৰিটাকৈইন্সট’লমেন্ট সৰকায়। ইয়াৰ উপৰিও ২৫০০০ টকা নানান কৌশলেৰে সৰকায় ধৃত পৰাগ জ্যোতি ছেত্ৰী নামৰ এজেন্টজনে ৷আজি আদিবাসী ছাত্ৰ সন্থাৰ এক সজাতি দল আৰু মাৰ্ঘেৰিটা বস্তি লাইনৰ লোকসকলে ডিলাৰখনত উপস্থিত হয়। প্ৰায় শতাধিক লোকৰ উপস্থিতিত নৈচা স্কুটী ডিলাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আদিবাসী ছাত্ৰ সন্থাই পৰিস্থিতি বুজ লোৱাৰ পিচত ডিলাৰ আৰু ফাইনেন্স কোম্পানীৰ মাজত এক গভীৰ ষড়যন্ত্ৰৰে গ্ৰাহক মানিক দুৰে নামৰ যুৱকজনৰ পৰা ধন আত্মসাত কৰা অভিযোগ আছাৰ। আদিবাসী ছাত্ৰ সন্থাই ডিলাৰ কতৃপক্ষক তিনিদিনৰ সময় বান্ধি বিষয়টো নিষ্পতি কৰিবৰ দাবী জনায় । অন্যথা তিনিদিন পিচত আছাই নৈচা TVS ডিলাৰৰ প্ৰৱেশ দ্বাৰত প্ৰতিবাদী কাৰ্যসুচী গ্ৰহন কৰিব বুলি সকিয়নি প্ৰদান কৰে।

Image

স্বাধীনোত্তৰ কালৰ পৰা উন্নয়নৰ মূখ নেদেখা এখন গাওঁ। গাওঁখনৰ নাম নতুন সঞ্জুৱাৰা। ৪২ টাকৈ তাংছা আৰু চেমা পৰিয়ালৰ লোকে বসবাস কৰা গাওঁখনত ৰূপায়ণ হোৱা নাই অসম চৰকাৰে ৰূপায়ণ কৰা কোনো ধৰণৰ চৰকাৰী আঁচনি। অসম অৰুণাচল প্ৰদেশৰ সীমান্তবৰ্তী ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন গাওঁ‌ হৈছে নতুন সঞ্জুৱাৰা গাওঁ‌। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ দিনৰে পৰা গাওঁখনত আজি পৰ্যন্ত কোনো ধৰণৰ উন্নতি নোহোৱা বুলি অভিযোগ উত্থাপন কৰিছে গাওঁখনৰ বাসিন্দাই। এখন মাত্ৰ তুলুঙা নাৱৰ দ্বাৰাই গাওঁখনৰ লোক যাব লাগে বজাৰ কিম্বা অন্য যাৱতীয় কামত। ইপিনে গাওঁখনৰ বাসিন্দাই অসম চৰকাৰৰ মাহীআইৰ সদৃশ দৃষ্টিত অতীষ্ঠ হৈ অৰুণাচলত চামিল হোৱাৰ ইচ্ছা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। অসম চৰকাৰে ৰূপায়ণ কৰা সকলো ধৰণৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে অৰুণাচল চৰকাৰৰ পৰা লাভ কৰিছে সকলো ধৰণৰ যাৱতীয় সা-সুবিধা। ঠিক এনে এক কাৰণতে হৈতো নতুন সঞ্জুৱাৰা গাঁওবাসীয়ে মন মেলিছে অৰুণাচল প্ৰদেশৰ লগত চামিল হবলৈ।অসম চৰকাৰৰ অধীনস্থ সীমা উন্নয়ন বিভাগ নামৰ এটা বিয়াগোম বিভাগ থকাৰ পিছতো আজিকোপতি সীমামুৰীয়া অঞ্চলটোৰ কোনো ধৰণৰ উন্নয়ন নোহোৱাত অঞ্চলবাসী ক্ষোভিত হৈ পৰিছে। আনহাতে গাওঁবাসীয়ে গাঁ‌ঠিৰ ধন ভাঙি গাওঁ খনত বিজুলীবাতি সংযোগ নিজেই কৰি লোৱা বুলি সদৰী কৰিছে যদিও বিভাগীয় বিদ্যুৎ মাচুল সময়মতে পৰিশোধ কৰি থকা বুলিও সদৰি কৰিছে।বিজুলি ব্যৱস্থা, পথৰ সু ব্যৱস্থা, চিকিৎসালয়, বিদ্যালয় আদি কোনো ধৰণৰ উন্নয়ন নোহোৱাত অৰুণাচল চৰকাৰৰ লগত সংযোগ হোৱাত ইচ্ছা প্ৰকাশ কৰিছে গাওঁবাসীয়ে। অন্যহাতে, টিৰাপ নদীত এখন দলং নিৰ্মাণ কৰি উক্ত গাওঁখনত যোগাযোগ ব্যৱস্থা সুচল কৰিবৰ বাবে আহ্বান জনাইছে।

Image

বৰগোলাই গাওঁ পঞ্চায়তৰ সভাপতি বাছনিৰ প্ৰক্ৰিয়া সম্পন্ন। আজি মাৰ্ঘেৰিটা সম-জিলা অন্তৰ্গত বৰগোলাই গাওঁ পঞ্চায়তৰ সভাপতি বাছনিৰ প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হয়।মাৰ্ঘেৰিটা খণ্ড উন্নয়ন বিষয়া কাৰ্যলয়ত বৰগোলাই গাওঁ পঞ্চায়তৰ সভাপতি বাছনিৰ প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হয়। ৱাড সদস্য সকলে গোপন ভোটৰ দ্বাৰা স্বপ্না চেত্ৰী ভোজেলক গাওঁ পঞ্চায়তৰ সভাপতি পদত নিৰ্বাচিত কৰাৰ লগতে ঝুমা সেনক উপঃসভাপতি হিচাপে নিৰ্বাচিত কৰে। উল্লেখযোগ্য যে ঝুমা সেন দ্বিতীয় বাৰৰ বাবে উপ সভাপতি পদত নিৰ্বাচিত হয়।নৱ নিৰ্বাচিত পঞ্চায়ত সভাপতি স্বপ্না চেত্ৰী ভোজেলে আগন্তুক দিনত পঞ্চায়তটোৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যোৱা কথা সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।

Image

হামুকজন গাওঁ পঞ্চায়তৰ সভাপতি বাছনিৰ প্ৰক্ৰিয়া সম্পন্ন। হামুকজন গাওঁ পঞ্চায়তৰ সভাপতি নিৰ্বাচিত। আজি মাৰ্ঘেৰিটা সম-জিলা অন্তৰ্গত হামুকজন গাওঁ পঞ্চায়তৰ সভাপতি বাছনিৰ প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হয়।মাৰ্ঘেৰিটা খণ্ড উন্নয়ন বিষয়া কাৰ্যলয়ত হামুকজন গাওঁ পঞ্চায়তৰ সভাপতি বাছনিৰ প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হয়। অনিলা ফুকনক ৱাড সদস্যসকলে হামুকজন গাওঁ পঞ্চায়তৰ সভাপতি পদত নিৰ্বাচিত কৰা লগতে বসন্ত কুমাৰ শৰ্মা উপঃসভাপতি হিচাপে নিৰ্বাচিত কৰে। হামুকজন গাওঁ পঞ্চায়তৰ সভাপতি নিৰ্বাচিত আনিলা ফুকন দীৰ্ঘ বছৰ ধৰি ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী হিচাপে জড়িত হৈ আহিছিল। নৱ নিৰ্বাচিত পঞ্চায়ত সভাপতি অনীলা ফুকন আগন্তুক দিনত পঞ্চায়তখনৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যোৱা কথা দোহাৰে।

Image

মটক স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত ডিৰাক উচ্চতৰ মাধ্য়মিক বিদ্যালয় প্ৰাঙ্গনত ৰূপসজ্জা (Beautician)ৰ কৰ্মশালা আৰম্ভ। তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত মটক স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত মহিলা সৱলীকৰণ আৰু আত্মনিৰ্ভলশীল আচঁনিৰ অধীনত আজিৰে পৰা ১০ দিনীয়া ৰূপসজ্জা (Beautician)ৰ কৰ্মশালা আৰম্ভ হয়। উক্ত কৰ্মশালা উদ্বোধন কৰি ৮১ নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক প্ৰতিনিধি সীমান্ত মৰাণে এনেধৰণ আঁচনি হাতত লোৱা বাবে মটক স্বাত্বশাসিত পৰিষদৰ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কয় যে আমাৰ মহিলাসকল আত্মনিৰ্ভলশীল হোৱা মানে এটা পৰিয়াল স্বাৱলম্বি হোৱা আৰু দেশখন এখোজ আগলৈ আগবঢ়া। প্ৰায় ১০০ গৰাকীতকৈও অধিক মহিলাই অংশগ্ৰহণ কৰা উক্ত কৰ্মশালাটোৰ শুভাৰম্ভ অনুষ্ঠানৰ সভাপতিত্ব কৰে মটক স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য শ্ৰীযুত বিমল বৰুৱাদেৱে আৰু উপস্থিত থাকে মটক স্বায়ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ দেৱৰ্ষি বৰুৱা, পৰিষদৰে সদস্য ক্ৰমে স্বৰূপজ্যোতি চেতিয়া, বিমল চেতিয়া, মাখন চেতিয়া আৰু দিবাকৰ সেনাপতি লগতে ৮১ নং শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত বলিন চেতিয়াদেৱৰ সহধৰ্মীনি, মটক জনগোষ্ঠীৰ কেওটা সংগঠনৰ বিষয়-ববীয়া। উক্ত কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে থাকিব দিপাঞ্জলী বৰুৱা।

Image

প্ৰাগ নিউজৰ সাংবাদিকক আক্ৰমণৰ ঘটনাক তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ গৰিহণা : প্ৰাগ নিউজৰ সাংবাদিক মাধুৰ্য শইকীয়াক প্ৰায় ২৫ জনীয়া দুৰ্বৃত্তৰ দলৰ আক্রমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে তিনিচুকীয়া জিলা সাংবাদিক সন্থাই ।সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে এক প্ৰেছ টোকাৰ জড়িয়তে অতিশীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় ।ৰাজ্য খনত ক্ৰমাগত ভাৱে সাংবাদিক নিগ্ৰহ তথা সাংবাদিকৰ সন্মান হানি কৰাৰ ঘটনা বৃদ্ধি পোৱাত সন্থাই উদ্বেগ প্ৰকাশ কৰে । এনে অসহিষ্ণু পৰিবেশে ৰাজ্যখনৰ আইন শৃংখলা পৰিবেশ অৱনতিৰে প্ৰতিফলন ঘটাই বুলি কৈ ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনায় ।

Image

"মুখ্যমন্ত্ৰী মহিলা উদ্যমীতা অভিযানত" জাকত জিলিকিল এগৰাকী মহিলা ৷এতিয়া প্ৰশংসাৰ পাত্ৰ শ্ৰীমতি মনিজা বেগম তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত মনিজা বেগম নামৰ এগৰাকী মহিলাই স্বাৱলম্বিতাৰ পৰিচয় দাঙি ধৰিছে। মনিজা বেগম মাৰ্ঘেৰিটা নগৰৰ সোমাজত থকা "আস্থা " আত্মসহায় গোটৰ এগৰাকী সদস্যা। উদ্যমী মহিলা গৰাকীয়ে ২০২৪ বৰ্ষত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ তৰফৰ পৰা ইউকো বেংক মাৰ্ঘেৰিটা শাখাৰ পৰা ৩০০০০(ত্ৰিশহাজাৰ )টকা চৰকাৰী সাহায্যৰ ঋণ লাভ কৰিছিল। এই ক্ষুদ্ৰ ধনেৰেই মনিজা বেগমে নিজৰ বাসগৃহতেই শীতল পানীয়ৰ প্ৰস্তুত কৰা এটি সৰুকৈ উদ্যোগ স্হাপন কৰে। এইক্ষেত্ৰত অসম নগৰীয়া জীৱিকা অভিযান মাৰ্ঘেৰিটা ফালৰ পৰা সকলো ধৰণৰ নথিপত্ৰৰে সহায় আগবঢ়াইছে। এতিয়া মাৰ্ঘেৰিটাবাসীৰ মুখে মুখে উদ্যমী মহিলা মনিজা বেগমৰ কথা অনেকেই কৈছে। কেৱল গৃহিণী হিচাপেই নাথাকি মনিজা বেগমে শীতল পানীয়ৰ ব্যৱসায় কৰাত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

Image

মাৰ্ঘেৰিটা দৈনিক বজাৰত পৱিত্ৰ শ্বহীদ স্তম ব্যৱসায়ীৰ অপমান। শ্বহীদ স্তম্ভৰ চৌপাশে কৰ্দৈয্যময় পৰিৱেশ ৷ ভাৰতবৰ্ষত স্বাধীনতাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া সকলক সোৱৰি মাৰ্ঘেৰিটাৰ দৈনিক বজাৰত ১৯৫৬ চনতেই কিছু সদাশয় লোকৰ দ্বাৰা নিৰ্মিত হৈছিল শ্বহীদ স্তম্ভৰ ৷পিছে মাৰ্ঘেৰিটা দৈনিক বজাৰত কিছু ব্যৱসায়ীয়ে এই ঠাইডোখৰক লেতেৰাময় পৰিৱেশ গঢ়ি তুলিছে। বীৰ শ্বহীদ সকল প্ৰান আহুতি দিয়াৰ ফলতেই আমি সৱে আজি স্বাধীন মুলুকত বাস কৰি আছো । সেয়েহে এই শ্বহীদ স্তম্ভক অপৰিস্কাৰ কৰা মানেই সেই মহান বীৰ সকলক অপমান কৰা নুবুজায়নে ?এই শ্বহীদ স্তম্ভৰ চৌপাশে থকা সৰু ৱালখন বহুবছৰ পুৰ্বে উত্তৰপুৱ কয়লা ক্ষেত্ৰই নিৰ্মান কৰি দিছিল ,যদিও বৰ্তমান সকলোটি ফুটুকাৰ ফেন হৈ ৰৈছে ৷বিভিন্ন ব্যৱসায়ীসকলে নিজৰ খেয়াল খুচিমতে শ্বহীদ স্তম্ভক অপমান কৰাৰ দৰেই জাৱৰ যোথৰ তথা পান তামোলৰ পিক পেলাই থোৱা দৃশ্যই সচেতন মহলক স্তম্ভিত কৰি তুলিছে। মাৰ্ঘেৰিটা দৈনিক বজাৰৰ বিভিন্ন দোকানিয়ে শ্বহীদ স্তম্ভৰ ভুমি দখল কৰি ময়মতালিৰে ব্যৱসায় চলাই গৈছে। এইক্ষেত্ৰত বিভিন্ন সময়ত মাৰ্ঘেৰিটা বজাৰ সমিতিয়ে অভিযোগ দিয়াৰ পিচতো মৌন মাৰ্ঘেৰিটা সমজিলা প্ৰশাসন , মাৰ্ঘেৰিটা পৌৰ সভা তথা মাৰ্ঘেৰিটা বিধায়ক ৷যাৰবাবে স্বাধীনতা দিৱসৰ সময়চোৱাত অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে ইয়াত নানান বাধাৰ সন্মুখীন হবলগীয়া হয় । বিভিন্ন দল সংগঠন আৰু মাৰ্ঘেৰিটা বজাৰ সমিতিৰ সভাপতি সন্তোষ ছেত্ৰীয়ে ব্যৱসায়ী সকলৰ এনেহেন ময়মতালিত দুঃখ প্ৰকাশ কৰিছে ৷বজাৰ সমিতিৰ সভাপতি সন্তোষ ছেত্ৰীয়ে সকলো ব্যৱসায়ীক আহবান জনায় কয় যে শ্বহীদ সকলক সন্মান জনাই এই শ্বহীদ স্তম্ভক শীঘ্ৰেই পৰিস্কাৰ ,পৰিচ্ছন্ন কৰি ৰখাৰ বাবে উলাই আহক৷সভাপতি সন্তোষ ছেত্ৰীয়ে সংবাদমাধ্যমৰ আগত জনায় যে-- অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই গো-মাংসৰ বিৰুদ্ধে অভিযান চলোৱাৰ দৰে শ্বহীদ স্তম্ভৰ ভুমি ব্যৱসায়ী সকলে দলখ কৰা বিষয়টোত শীঘ্ৰেই অভিযান চলাবলৈ আহবান জনায়

Image

মাৰ্ঘেৰিটাত ভাৰতীয় ৰেড্ ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদৰ্যাপন। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হৈছে ব্যক্তি তথা সমাজলৈ আগবঢ়োৱা অৱদান স্বৰূপে চিকিৎসক সকলৰ এক স্বীকৃতি প্ৰদান অনুষ্ঠান। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ১ জুলাই তাৰিখে অনুষ্ঠিত কৰি আহিছে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। ভাৰতীয় ৰেড্ ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাইয়ো বিগত বৰ্ষৰ সমূহৰ দৰে এই বৰ্ষতো মাৰ্ঘেৰিটাত দিনযোৰা কাৰ্যসূচীয়ে অনুষ্ঠিত কৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ও সজাগতা সভা অনুষ্ঠিত। সভাত চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত চিকিৎসক ড০ পি কে চৌধুৰীয়ে মানসিক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰে। ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে একুৰিও অধিক চিকিৎসকক ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখা তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত চিকিৎসক ড০ পি কে চৌধুৰীক সমাজলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখা তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস অনুষ্ঠানৰ আঁত ধৰে ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখা সাধাৰণ সম্পাদক পৱিত্ৰ বৰগোহাঞিয়ে।অনুষ্ঠানত উপস্থিত থাকে মাৰ্ঘেৰিটা সম-জিলা সহকাৰী আয়ুক্ত প্ৰণামিকা কোঁৱৰসহ চিকিৎসা সেৱা লগত জড়িত চিকিৎসক, নাৰ্ছ, আশাকৰ্মী লগতে অঞ্চলটো বহু সংখ্যক গন্য মান্য ব্যক্তি ও স্থানীয় ৰাইজ।বাইটঃ ড০ পি কে চৌধুৰী, ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত চিকিৎসক।

Image

সকলোৱে দৃষ্টি নিবদ্ধ থকা মাকুমপথাৰ গাওঁ পঞ্চায়তৰ সভাপতি বাছনিৰ প্ৰক্ৰিয়া সম্পন্ন।*মম্পী সিং দত্তৰ মাকুমপথাৰ গাওঁ পঞ্চায়তৰ সভাপতি নিৰ্বাচিত* মাকুমপথাৰ গাওঁ পঞ্চায়তৰ সভাপতি বাছনিৰ প্ৰক্ৰিয়া সম্পন্ন। পুনৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে মাকুমপথাৰ গাওঁ পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হয় মম্পী সিং দত্তৰ। মম্পী সিং দত্তৰ এইবাৰ সভাপতি পদৰ বাবে তীব্ৰ বাধা সন্মূখীন হ'ব বুলি ধাৰণা কৰা হৈছিল যদিও সকলো প্ৰত্যাহ্বান নেওচি সভাপতি হিচাপে নিৰ্বাচিত হয় মম্পী সিং দত্ত। মাৰ্ঘেৰিটা খণ্ড উন্নয়ন বিষয়া কাৰ্যলয়ত অনুষ্ঠিত হোৱা মাকুমপথাৰ গাওঁ পঞ্চায়তৰ সভাপতি বাছনিৰ প্ৰক্ৰিয়াত প্ৰথম পৰ্যায়ত বিৰোধীতা থাকিলেও আজি কিন্তু পঞ্চায়তৰ সকলো সদস্যই মম্পী সিং দত্তকে সমৰ্থন আগবঢ়াই। নৱ নিৰ্বাচিত পঞ্চায়ত সভাপতি মম্পী সিং দত্তই সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ বাবে প্ৰতি গৰাকীৰ ৱাৰ্ড সদস্যক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত পঞ্চায়তখনৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যোৱা কথা দোহাৰে।বাইটঃ মম্পী সিং দত্ত, নৱ নিৰ্বাচিত সভাপতি,মাকুমপথাৰ গাওঁ পঞ্চায়ত।

Image